Agp Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা

নিৰ্বাচন কেন্দ্ৰিক কেইবাখনো সমিতি গঠন, ১৪ টা সমষ্টিতে মিত্ৰজোটক জয়ী কৰাৰ সংকল্প অতুল বৰাৰ

atul bora

Agp Meeting In Ambari:

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ দলে ব্যাপক নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে। আজি আমবাৰীস্থ মুখ্য কাৰ্য্যলয়ত দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত দলৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদক সকলৰ উপস্থিতিত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী উপস্থিত থকা এই সভাত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ লগতে মিত্ৰজোটৰ প্ৰাৰ্থী থকা সমষ্টিসমূহত গ্ৰহণ কৰিবলগীয়া সমষ্টি সমূহৰ বাবেও নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা হয়। প্ৰতিটো লোকসভা সমষ্টি আৰু বিধান সভা সমষ্টিতে দলৰ বিষয়ববীয়া আৰু সদস্য সকলক বিশেষ ভাৱে দায়িত্ব অৰ্পন কৰাৰ লগতে লোকসভা নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয়।

অহা ৫ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ নিৰ্বাচনী তত্বাৱধায়ক সকলে সমষ্টি সমূহত থাকি নিৰ্বাচনী যুঁজৰ প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰাৰ উপৰিও তৎপৰতাৰে সাংগঠনিক প্ৰক্ৰিয়া সমুহ সম্পূৰ্ণ কৰিব। সভাপতি অতুল বৰাই ১৪ টা লোকসভা সমষ্টিতে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ লগতে মিত্ৰজোটৰ প্ৰাৰ্থীসকলক বিশাল ভোটৰ ব্যৱধানত জয়ী কৰাৰ বাবে সকলো ধৰণৰ ৰণকৌশল গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উন্নয়ণ আৰু বিকাশৰ যাত্ৰাত অসমৰ ৰাইজে ব্যাপক সহাৰি জনোৱা বুলি মন্তব্য কৰি সভাপতি বৰাই ঐক্যবদ্ধ ভাৱে নিৰ্বাচনী কাম-কাজ কৰিবলৈ দলীয় সদস্যসকলক আহ্বান জনায়।

কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই আগন্তুক দুটা মাহ নিৰবছিন্ন ভাৱে নিৰ্বাচনৰ বাবে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই মহন্তই স্থানীয় পৰ্য্যায়ত তৎপৰ হৈ প্ৰাৰ্থীসকলৰ হৈ কাম কৰাত গুৰুত্ব আৰোপ কৰে।

Exit mobile version