Ex.Education Minister Ramani Barman Passes Away:প্রাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনৰ দেহাৱসান

নলবাৰীৰ বাসগৃহত ৮৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি প্ৰাক্তন গৃহমন্ত্ৰী গৰাকীৰ

ramani barman

Ex.Education Minister Ramani Barman Passes Away:

অৱশেষত নিষ্টুৰ নিয়তিৰ ওচৰত হাৰ মানিলে বৰ্ষীয়ান ৰাজনীতিৰ ৰমনী বৰ্মন

ৰাজ্যৰ প্রাক্তন গৃহ আৰু শিক্ষামন্ত্ৰী গৰাকী দীর্ঘদিনে অসুস্থ আছিল ৷ ৮৭ বছৰ বয়সত আজি নলবাৰীৰ শান্তিপুৰস্থ নিজ বাসভৱনত পুৱা ছয় বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

এসময়ত নলবাৰী কলেজৰ ৰাজনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰমনী বৰ্মনে পৰৱৰ্তী সময়ত ৰাজনীতিৰ পথাৰত খোজ দি অবিভক্ত নলবাৰীৰ পৰা ১৯৭৮ চনত বিধানসভালৈ নির্বাচিত হয় ৷ তেওঁ গোলাপ বৰবৰা জনতা চৰকাৰৰ গৃহ আৰু শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ বর্মন এগৰাকী শিল্পী হিচাপেও সকলোৰে মাজত জনপ্ৰিয় আছিল ৷

বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলী জনায় নলবাৰী জিলা প্ৰশাসন সহ বিভিন্ন দল – সংগঠনে ৷

Exit mobile version