Madhavi Lata :ওৱেইছিৰ দুৰ্গত বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰা মাধৱী লতা কোন?

MADHAVI LOTHA

Madhavi Lata :

লোকসভাৰ আসন্ন নির্বাচনৰ বাবে বিজেপিয়ে কালি ১৯৫ প্রার্থীৰ নাম ঘোষণা কৰিলে। তেলেংগানাৰ চৰ্চিত হায়দৰাবাদ সমষ্টিত বিজেপিয়ে এইবাৰ ক’ম্পেলা ড: মাধৱী লতাক প্রার্থিত্ব প্রদান কৰিলে।

উল্লেখ্য যে বর্তমানে হায়দৰাবাদ সমষ্টিত এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে সাংসদ হিচাপে কার্যনির্বাহ কৰিছে। ১৯৮৪ৰ পৰাই হায়দৰাবাদ সমষ্টিতো ওৱেইছিয়ে পৰিয়ালে নিজৰ দখলত ৰাখিছে। এই সমষ্টি ওৱেইছিৰ দূৰ্গ হিচাপে পৰিচিত।

আছাদুদ্দিনৰ পিতৃ চুলতান ছলাউদ্দিন ৱেছিয়ে ১৯৮৪ত প্রথমবাৰলৈ হায়দৰাবাদৰ সাংসদ নির্বাচিত হৈছিল। ২০০৪ লৈকে ওৱেইছিৰ পিতৃ উক্ত সমষ্টিৰ সাংসদ আছিল আৰু তাৰপাছৰে পৰা এই সমষ্টি নিজৰ দখলত ৰাখিছে তেওঁৰ পুত্র আছাদুদ্দিনে। এইবাৰ ওৱেইছিক হায়দৰাবাদত প্রত্যাহ্বান জনাব বিজেপিৰ প্রার্থী ড° মাধ্বী লতাই।

ড: মাধৱী হৈছে বিবিনচি হাস্পতালৰ অধ্যক্ষ। তেওঁ সামাজিক মাধ্যমত যথেষ্ট সক্রিয় আৰু জনপ্রিয়। হিন্দুত্ববাদী ব্যক্তি হিচাপেও তেওঁ পৰিচিত। তদুপৰি ড: মাধবী হৈছে এগৰাকী প্রতিষ্ঠিত ভৰতনাট্যম শিল্পী। হায়দৰাবাদত সামাজিক কাম-কাজৰ বাবে পৰিচিত। স্বাস্থ্য সেৱাৰ লগতে শৈক্ষিক কাম-কাজতো ড: মাধৱীয়ে অগ্রণী ভূমিকা লৈ আহিছে। প্রথমবাৰলৈ বিজেপিয়ে হায়দৰাবাদত মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে ৷

Exit mobile version