Delhi is Infected With Coronavirus:দিল্লীত পুনৰ কৰ’নাৰ সংক্রমণ এদিনতে ৬৩ জন হ’ল আক্রান্ত

corona

Delhi is Infected With Coronavirus:

গ্রীষ্মৰ আগমনৰ লগে লগে আকৌ এবাৰ দেশৰ ৰাজধানী দিল্লীত ক’ভিড-১৯ৰ সংক্রমণ ঊর্ধ্বমুখী হ’ল। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দিল্লীত ৬৩ জন লোক কৰ’নাত সংক্রমিত হ’ল। ২০২৩ৰ মে’ৰ পাছত প্ৰথমবাৰলৈ দিল্লীত একেদিনাই ইমান অধিক সংখ্যক লোক ক’ভিড ভাইৰাছত আক্রান্ত হ’ল। দিল্লীৰ লগতে ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বিহাৰসহ উত্তৰ ভাৰতৰ অন্যান্য ৰাজ্যতো শেহতীয়াভাৱে ক’ভিড সংক্রমণ বৃদ্ধি পাইছে।

বিগত ১৫ দিনত দিল্লীত ক’ভিড-১৯৩ আক্রান্ত ৪৫৯ লোকক চিনাক্ত কৰা হৈছে। এদিন পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মা ক’ভিড- ১৯ত আক্রান্ত হৈছিল।

Exit mobile version