Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Don’t Shed Tears For Sai Baba:ছাইবাবাৰ কাৰণে চকুলো নুটুকিব !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
March 11, 2024
in India, Assam, News
Reading Time: 6 mins read
0
Don’t Shed Tears For Sai Baba:ছাইবাবাৰ কাৰণে চকুলো নুটুকিব !
1
SHARES
9
VIEWS
ShareShareShareShare

Don’t Shed Tears For SaiBaba:ছাইবাবাৰ কাৰণে চকুলো নুটুকিব !

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

ইণ্ডিগ’ৰ সংকটৰ মাজতে বৃদ্ধি বিমান ভাড়া !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

কেইবছৰমান আগৰ কথা। বহুতৰে মনত থাকিবও পাৰে। গুৱাহাটীত হিজবুল মুজাহিদীনৰ সন্ত্রাসবাদীৰ এটি দলক গ্ৰেপ্তাৰ কৰা হ’ল। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক সাঙুৰি বৃহত্তৰ ইছলামিস্তান গঠনৰ আন্তর্জাতিক ইছলামিক শক্তিৰ পৰিকল্পনাৰ কথা প্ৰায়ে প্ৰচাৰ হৈ থাকে।

তাতে কাশ্মীৰত অতি সক্রিয় পাকিস্তানৰ সাহায্যপুষ্ট হিজবুল মুজাহিদীন অতি দুর্ধর্ষ জেহাদী সন্ত্রাসবাদী সংগঠনৰূপে পৰিচিত। তেনে এটি ভয়ংকৰ সংগঠনৰ কে’বাজনো দুর্ধর্ষ সদস্য গুৱাহাটীত ধৰা পৰাটোৱে চাঞ্চল্যৰ সমানেই আতংকময় পৰিবেশৰ সৃষ্টি কৰাটোৱে স্বাভাৱিক।

উল্লিখিত সময়ছোৱাত আলফা-এনডিএফবি-বিএলটি আদি উগ্রপন্থী সংগঠনৰ ধাৰাবাহিক কূটাঘাতে অসমক অস্থিৰ কৰি ৰাখিছিলেই। তাৰ ওপৰতে আকৌ হিজবুল মুজাহিদীন, বৃহত্তৰ ইছলামিস্তান! অসমত কি ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা লৈ এই সন্ত্রাসবাদীৰ দলটোৱে প্ৰৱেশ কৰিছিল তাক লৈ প্রতিদিনেই আৰক্ষীৰ তৰফৰ পৰা বিভিন্ন তথ্য সদৰী কৰা হ’ল।

কিছু আনুষ্ঠানিকভাবে আৰু কিছু গোপন সূত্ৰৰ ৰূপত অনানুষ্ঠানিকভাবে। সন্ত্রাসবাদী দলটোৰ পৰা তেতিয়াৰ অসম আৰক্ষীৰ বাবেও জটিল আৰু অপৰিচিত বিভিন্ন বোমা নির্মাণৰ নক্সা আদিও উদ্ধাৰৰ বিষয়ে কাকতত প্রকাশ পাইছিল। বহুতেই ধৰি লৈছিল যে সন্ত্রাসবাদীৰ দলটো ধৰা নপৰাহেঁতেন অসম বৃহত্তৰ ইছলামিস্তানত অন্তর্ভুক্ত হোৱাৰ দিশত এঢাপ আগবাঢ়িলহেঁতেন।

saibaba 1এনে এক ভয়ংকৰ ষড়যন্ত্র ব্যর্থ কৰিবলৈ সক্ষম হোৱাটো তেতিয়াৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ বাবে এক বৃহৎ সাফল্যৰূপেই চিহ্নিত হৈছিল। বিভাগৰ সাফল্যৰ তালিকাত আজিও স্থান অধিকাৰ কৰি থকা এই সন্ত্রাসবাদী দলটোৰ অন্তিম পৰিণতি অতি কৰুণ।

পৰৱৰ্তী কে’বা বছৰৰ পাছত তথাকথিত জেহাদী সন্ত্রাসবাদীৰ দলটোৰ সদস্যকেইজনক এজন এজনকৈ ন্যায়ালয়ে তথ্য-প্ৰমাণৰ অভাৱত নির্দোষী ঘোষণা কৰি মুক্তি প্রদান কৰে। সেই দলটোৰ নেতৃত্ব বহনকাৰী বুলি আৰক্ষীয়ে দাবী কৰা লোকজনক সুদীর্ঘ ১৩ বছৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দিত্বৰ কাল কটোৱাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰি স-সম্মানে মুক্তি দিয়ে।

প্রমাণিত হয় যে কোনো অপৰাধ অবিহনেই তেওঁলোকক দুর্ধর্ষ হিজবুল মুজাহিদীনৰ জেহাদী সন্ত্রাসবাদী সজাই কাৰাবন্দী কৰা হৈছিল। দৰাচলতে তেওঁলোক উত্তৰ ভাৰতৰ পৰা ঘৰে ঘৰে ফেৰী কৰিবলৈ অহা সাধাৰণ বস্ত্র ব্যবসায়ীহে আছিল। বছৰৰ একো একোটা সময়ত তেনেদৰেই তেওঁলোকে অসম আৰু অন্যান্য ৰাজ্যলৈ অহা-যোৱা কৰে। জেহাদী সন্ত্রাসবাদী বুলি ক’লে সাধাৰণতে আমাৰ সমুখত মানুহৰ যি ছবি এখন দাঙি ধৰা হয়, সেই দুর্ভগীয়া লোককেইজনৰ বেশ-ভূষাও তেনেকুৱাই আছিল। সেই বাবেই হয়তো আৰক্ষীৰ বাবে জনমানসত তেওঁলোকক জেহাদী সন্ত্রাসবাদীব ৰূপত প্রতিষ্ঠা কৰাটো সহজ হৈছিল।

এই ‘সাফল্য’ৰ বাবে সংশ্লিষ্ট আৰক্ষী বিষয়াসকলে হয়তো চৰকাৰৰ পৰা আকাংক্ষিত পদত নিযুক্তি-পদোন্নতি আদি লাভ কৰিবলৈ সক্ষম হৈছিল; কিন্তু এনে অন্যায়ৰ কোনো বিচাৰ নহ’ল। ১৩ বছৰৰ যন্ত্রণা ভুগি অন্তিমজন লোকে মুক্তি লাভৰ পাছত কেইজনমান সাংবাদিকৰ আগত জনাই গৈছিল, কেনেদৰে এই সময়ছোৱাত তেওঁৰ পৰিয়াল তিল তিলকৈ ধ্বংস হৈ গৈছিল; অথচ কাৰাগাৰৰ অন্ধ কুঠৰীত চকুলো টোকাৰ বাহিৰে তেওঁ একো কৰিব পৰা নাছিল।

একমাত্র কন্যাৰ স্মৃতিয়ে কিদৰে তেওঁৰ হিয়া ফালি-ছিৰি পেলাইছিল, সেই কথাও তেওঁ কৈছিল। তেওঁ কেৱল জনা নাছিল জীৱনৰ এনে বিপর্যয়ৰ বাবে তেওঁ কাক দোষাৰোপ কৰিব! আৰক্ষী-চৰকাৰ আদিৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ তেনেই ক্ষুদ্র। গতিকে তেওঁ ওপৰৱালাৰ হাততে নিজকে সপি দিয়াৰ বাহিৰে আন উপায় নাছিল।

এয়া কোনো এক বিচ্ছিন্ন ঘটনা নহয়। অসম বা আন ৰাজ্যতো এনে বহু ঘটনা সংঘটিত হোৱাৰ বিষয়ে সময়ে সময়ে বাতৰি প্রকাশ পায়। শেহতীয়াভারে দিল্লী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক জি এন ছাইবাবাৰ মুক্তিৰ বাতৰিয়ে অসমৰ ঘটনাটো মনত পেলাই দিলে। যোৱা মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে অধ্যাপক ছাইবাবা আৰু আন লোক পাঁচজনক মাওবাদীৰে সম্পৰ্কৰ গোচৰত দোষমুক্ত কৰি মুক্তিৰ নির্দেশ প্রদান কৰে।

২০১৭ৰ মাৰ্চত মহাৰাষ্ট্ৰৰ গড়চিৰোলি সত্র আদালতে তেওঁলোকক মাওবাদীৰে সম্পৰ্ক আৰু ৰাষ্ট্রৰ বিৰুদ্ধে যুদ্ধৰ অপৰাধত দোষী সাব্যস্ত কৰি যাবজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। গড়চিৰোলিৰ আত্মগোপনকাৰী মাওবাদীসকলৰ মাজত বিতৰণৰ উদ্দেশ্যে আৰু তাৰ জৰিয়তে জিলাখনত হিংসাৰ উচটনি দিয়াৰ ষড়যন্ত্ৰৰে ৰখা কিছু মাওবাদ সম্পৰ্কীয় প্রচাৰপত্ৰ ছাইবাবাৰ পৰা জব্দ কৰা হৈছিল বুলিও সত্র আদালত পতিয়ন গৈছিল।

গ্রেপ্তাৰৰ পাছৰে পৰাই ছাইবাবা আৰু সহ অভিযুক্তসকল নাগপুৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থাকে। সত্র আদালতে ছাইবাবাৰ লগতে প্রশান্ত বাহি, মহেশ টিক্রি, হেম কেশৱদত্ত মিশ্র আক পাণ্ডু নাৰোটেক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ষষ্ঠজন অভিযুক্ত বিজয় নান টিক্রিক ১০ বছৰৰ সশ্রম কাৰাদণ্ডৰ নির্দেশ দিয়ে।

কাৰাবাসত থকাৰ সময়তে নাৰোটে ছ’বাইন ফ্লুত আক্রান্ত হৈ ২০২২ৰ আগষ্টত মৃত্যু মুখত পৰে। ৩৩ বছৰীয়া আদিবাসী যুৱক নাৰোটেই গুৰুতৰভাৱে অসুস্থ হৈ পৰা সত্ত্বেও কাৰাগাৰত যথোচিত চিকিৎসা লাভ কৰা নাছিল বাবেই অকাল মৃত্যুক সাবটিবলগীয়া হয় বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

মৃত্যুৰ সময়ত তেওঁ এগৰাকী শিশু কন্যাক এবি যায়। লক্ষ্যণীয় যে গড়চিৰোলিৰ সত্র আদালতত ছাইবাবা আৰু সহ অভিযুক্তসকলৰ হৈ ওকালতি কৰা নাগপুৰৰ মানৱাধিকাৰ অধিবক্তা সুৰেন্দৰ গাডলিঙকো গোচৰৰ শুনানিৰ অন্ত পৰাৰ পাছতে বহুচর্চিত এলগাৰ পৰিষদ গোচৰত এনআইএই গ্রেপ্তাৰ কৰে। এই পর্যন্ত তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই। গাডলিঙে দলিত আৰু আদিবাসী সম্প্রদায়ৰ লোকসকলৰ হৈ দীর্ঘদিন ধৰি ওকালতি কৰি আইনী সাহায্য আগবঢ়াই আহিছে।

ছাইবাবাক যাবজ্জীৱন কাৰাদণ্ড প্রদানৰ প্ৰতিবাদত ২০১৭ৰ ২৯ মাৰ্চত মাওবাদী সংগঠনে ভাৰত বন্ধৰ আহ্বান দিয়াৰ লগতে মহাৰাষ্ট্ৰ আৰু চত্তিছগড়ত প্রচাৰপত্র আদিও বিতৰণ কৰে। ভগ্ন স্বাস্থ্যলৈ লক্ষ্য ৰাখি তেওঁক শীঘ্রে মুক্তি প্রদান কৰিবলৈ বিগত সময়ছোৱাত বিভিন্ন মানবাধিকাৰ কর্মী, আনকি ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থায়ো ভাৰত চৰকাৰক একাধিকবাৰ আহ্বান জনাইছে যদিও কোনো ফল নধৰিল।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় বিনয় যোশী আৰু বাল্মিকী এছ এ মেনেজেছৰ যুটীয়া বিচাৰপীঠে মঙলবাৰে ৰায়দানত কয় যে অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগ প্রমাণত চৰকাৰী পক্ষ ব্যর্থ হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপিত বেআইনী কার্যকলাপ (প্রতিবোধ) আইন (ইউএপিএ)ক খাৰিজ কৰি বিচাৰপীঠে কয় যে গুচৰীয়া পক্ষই অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক তথ্য প্রমাণ দাঙি ধৰিব পৰা নাই।

অকল সেয়ে নহয়, আইনী বিধি উলংঘা কৰি সত্র আদালতত বিচাৰ প্রক্রিয়া চলাই নিয়া হৈছিল বুলিও বিচাৰপীঠে মন্তব্য কৰে ইয়াৰ ২৯৩ পৃষ্ঠাৰ ৰায়দানত। বিচাৰপীঠে স্পষ্টভাৱে কয় যে ছাইবাবাৰ গৃহত তালাচী চলাই কোনো ধৰণৰ আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হোৱা বুলিও প্ৰমাণ কৰিবলৈ বিচৰকাৰী পক্ষ ব্যর্থ হয়। আনকি ভাৰতীয় সাক্ষ্য প্রমাণ আইন আৰু তথ্য প্রযুক্তি আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে ইলেক্ট্ৰ’নিক প্রমাণ দাঙি ধৰাতো সফল নহ’ল।

গোকাৰাকোণ্ডা নাগা ছাইবাবা ১৯৬৭ত অন্ধ্র প্রদেশৰ অমলাপুৰমৰ এটি অতি দৰিদ্ৰ কৃষক পৰিয়ালত জন্ম লাভ কৰা ছাইবাবাই মাত্র পাঁচ বছৰ বয়সতে পলিঅ’ত আক্রান্ত হৈ বিকলাংগতাক আঁকোৱালি ল’বলগীয়া হয়। তেতিয়াৰে পৰাই তেওঁ হুইল চেয়াৰত চলা-ফুৰা কৰিবলগীয়া হয়।

৯০ শতাংশ শাৰীৰিক বিকলাংগতা সত্ত্বেও ছাইবাবাই স্থানীয় কলেজ এখনৰ পৰা বিশ্ববিদ্যালয়ৰ শীর্ষস্থান অধিকাৰ কৰি স্নাতক ডিগ্রী অর্জন কৰে। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্রী লাভৰ পাছত তেওঁ ২০১৩ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি অর্জন কৰে। তাৰ পূৰ্বে ২০০৩ৰ পৰা তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামলাল আনন্দ কলেজত ইংৰাজীৰ সহযোগী অধ্যাপকৰূপে কৰ্মৰত হয়। সমাজৰ শোষিত-বঞ্চিত শ্রেণী বিশেষকৈ দলিত আৰু আদিবাসীসকলৰ অধিকাৰক লৈ ছাইবাবা সততে সক্রিয় হৈ আহিছে।

২০০৪ত মুম্বাইক কেন্দ্র কৰি তিনি শতাধিক সৰু-বৰ সংগঠনৰ দ্বাৰা এনে শোষণ-বঞ্চনাৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলনৰ কাৰ্যসূচীত সক্রিয়ভাবে অংশগ্রহণ কৰি তেওঁ ইণ্টাৰনেচনেল লীগ অৱ পিপ’লছ স্ট্রাগল নামৰ সাম্রাজ্যবাদী শক্তি বিৰোধী আন্তর্জাতিক সংগঠনবো অংশ হৈ পৰে। ২০০৫৩ তেওঁ ৰিভল্যুচনাৰী ডেম’ক্রেটিক ফ্রন্ট (আৰডিএফ)ত যোগদান কৰে। ২০২২ৰ আগষ্টত অন্ধ্রপ্রদেশ চৰকাৰে হিংসাত্মক কার্যকলাপত জড়িতৰ অভিযোগত এই সংগঠনটোক নিষিদ্ধ ঘোষণা কৰে।
চৰকাৰী বাহিনীয়ে মাওবাদী আৰু অন্যান্য সংগঠনৰ বিৰুদ্ধে অব্যাহত ৰখা সামৰিক অভিযানৰ বিৰুদ্ধেও প্রতিবাদৰ প্ৰধান কণ্ঠৰূপে পৰিচিত হয় অধ্যাপক ছাইবাবা। ২০১৪ৰ মে’ত চিপিআই (মাওবাদী) আৰু আৰডিএফৰ সক্রিয় সদস্য হোৱাৰ অভিযোগত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা গৃহলৈ ওভতাৰ পথত তেওঁক মহাৰাষ্ট্ৰ আৰু অন্ধ্র প্ৰদেশৰ আৰক্ষীৰ লগতে চোৰাংচোৱা সংস্থা আইবিৰ এটি সম্মিলিত দলে গ্রেপ্তাৰ কৰে।

গ্রেপ্তাৰৰ পাছতে কলেজ কর্তৃপক্ষই অধ্যাপক ছাইবাবাক নিলম্বিত কৰে আৰু পৰৱৰ্তী পৰ্যায়ত ২০২১ৰ মাৰ্চত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। এই গোচৰত ছাইবাবাৰ লগতে আন ছজনক গ্রেপ্তাৰ কৰা হয়। সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হৈছে, ইয়াৰ পূৰ্বেও যোৱা ২০২২ৰ ১৪ অক্টোবৰত বোম্বে উচ্চ ন্যায়ালয়ে ছাইবাবা আৰু সহ অভিযুক্ত সকলক দোষমুক্ত কৰিছিল।

ন্যায়াধীশ ৰোহিত বি দেও আৰু ন্যায়াধীশ অনিল পানছাৰেই গড়চিৰোলি সত্র আদালতৰ নিৰ্দেশটো খাৰিজ কৰি কৈছিল যে সন্ত্রাসবাদে ৰাষ্ট্ৰীয় নিৰাপত্তালৈ গভীৰ ভাবুকি কঢ়িয়াই আনিছে আৰু সেয়ে ইয়াৰ বিৰুদ্ধে হাতত উপলব্ধ প্রতিটো বৈধ অস্ত্রই ব্যৱহাৰ কৰিব লাগিব; কিন্তু তাৰ লগে লগে গণতান্ত্রিক ব্যৱস্থাই অভিযুক্তক প্ৰদান কৰা সুৰক্ষাক আওকান কৰিব নোৱাৰি।

কিন্তু উচ্চ ন্যায়ালয়ৰ এই নির্দেশৰ পূৰ্বেই মহাৰাষ্ট্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত স্পেচিয়েল লিভ আবেদন দাখিল কৰে। সেই আবেদন অনুসৰি সর্বোচ্চ ন্যায়ালয়ে পাছদিনাই অর্থাৎ ১৫ অক্টোবৰত বন্ধৰ দিন হোৱা সত্ত্বেও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰি গোচৰটো পুনৰ বিবেচনাৰ বাবে বোম্বে উচচ ন্যায়ালয়লৈ প্ৰেৰণ কৰে।

উচ্চতম ন্যায়ালয়ৰ এই হস্তক্ষেপৰ পাছতে ন্যায়াধীশ দেওৰে পদত্যাগ কৰে। সর্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যোশী আৰু ন্যায়াধীশ মেনেজেছৰ যুটীয়া বিচাৰপীঠে যোৱা মঙলবাৰে দ্বিতীয়বাৰলৈ অধ্যাপক ছাইবাবা আৰু সহ অভিযুক্তসকলক দোষমুক্ত কৰি মুক্তি প্রদানৰ নির্দেশ দিয়ে।

লক্ষ্যণীয়ভারে মঙলবাৰে বিচাৰপীঠে ৰায়দান কৰাৰ লগে লগেই মহাৰাষ্ট্ৰ চৰকাৰৰ হৈ মহাধিবক্তাই এই ৰায় কার্যকৰীকৰণত অর্থাৎ ছাইবাবা আৰু আনকেইজনক কাৰাগাৰৰ পৰা মুক্তি প্রদানত ছয় সপ্তাহৰ স্থগিতাদেশ দিবলৈ উচ্চ ন্যায়ালয়ক আবেদন জনায় যাতে চৰকাৰে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰে। ৷

অৱশ্যে বিচাৰপীঠে কোনো ধৰণৰ স্থগিতাদেশ দিবলৈ সন্মত নহৈ কয় যে ইতিমধ্যে অভিযুক্তসকলক দোষমুক্ত কৰা হৈছে আৰু তাৎক্ষণিক মুক্তিৰ নির্দেশ দিয়া হৈছে। যদি এই ক্ষেত্ৰত বাধাদান কৰা হয়, তেন্তে সংশ্লিষ্টসকলৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰ ক্ষুণ্ণ কৰা হ’ব বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। তৎসত্ত্বেও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰে সেইদিনাই উচ্চতম ন্যায়ালয়ত আপীল দাখিল কৰে।

ইয়াৰ শুনানি এতিয়াও আৰম্ভ হোৱা নাই। সুদীর্ঘ ১০ বছৰৰ বন্দিত্বৰ অন্তত যোৱা বৃহস্পতিবাৰে অধ্যাপক ছাইবাবাই নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ
কৰে। আকস্মিকভাবেহে জীৱিত অৱস্থাত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে বুলি মন্তব্য কৰা ছাইবাবাৰ বিগত ১০ বছৰীয়া যন্ত্রণাৰ কাহিনী অতিশয় দুর্ভাগ্যজনক।

যোৱা ১০ বছৰীয়া কাৰাবন্দিত্বৰ কালছোৱাত ছাইবাবা ১৯ বিধ বিভিন্ন ৰোগত গুৰুতৰভাৱে আক্রান্ত হয়। ফলস্বৰূপে দিনে দিনে স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰাত ২০২০ৰ জুলাইত তেওঁ চিকিৎসা লাভৰ বাবে ৪৫ দিনৰ জামিন আবেদন কৰে যদিও বোম্বে উচ্চ ন্যায়ালয়ে তাক খাৰিজ কৰে। সেই সময়ছোৱাতে তেওঁ দুবাৰকৈ কৰ’নাত আৰু এবাৰ ছোৱাইন ফ্লুত আক্রান্ত হয়। হৃদৰোগৰ পৰা আৰম্ভ কৰি মগজু, বৃক্ক, অগ্নাশয়, স্পন্ডেলাইটিচকে ধৰি ১৯ বিধ ৰোগত তেওঁ গুৰুতৰভাৱে আক্রান্ত হয়; অথচ কাৰাগাৰ কর্তৃপক্ষই উপযুক্ত চিকিৎসা প্রদানৰ বাবে কোনো আগ্রহ প্রদর্শন নকৰিলে।

শৰীৰৰ ৯০ শতাংশ বিকলাংগতাৰ পৰিপ্ৰেক্ষিতত আনৰ সহায় অবিহনে ছাইবাবাই লৰচৰ কৰিবলৈ অক্ষম। আনকি হুইল চেয়াৰৰ পৰা বিছনা অথবা টয়লেটলৈ যাবলৈও তেওঁক আনৰ সহায়ৰ প্ৰয়োজন, কিন্তু কাৰাগাৰৰ কুঠৰীত অকলশৰীয়াকৈ বন্দী কৰি ৰখা হেতুকে তেওঁ যমৰ যন্ত্রণা ভুগিবলৈ বাধ্য হয়।

২০২২ৰ মে’ত ছাইবাবাই কাৰাগাৰতে চাৰিদিনীয়া অনশন পালন কৰে পানী খাবলৈ এটা প্লাষ্টিকৰ গিলাচ বিচাৰি। হাত দুখন তেনেই দুর্বল হোৱা হেতুকে তেওঁ কাৰাগাৰত ব্যৱহৃত ধাতুৰ গিলাচ দাঙি পানী খাব পৰা নাছিল। বহুবাৰ অনুৰোধ কৰাৰ পাছতো কর্তৃপক্ষই তেওঁক প্লাষ্টিকৰ গিলাচ এটা যোগান ধৰিবলৈ সন্মত নোহোৱাত শেষ উপায় হিচাপে অনশনৰ আশ্রয় ল’বলগীয়া হয়।

অকল সেয়ে নহয়, কর্কট ৰোগত আক্রান্ত ৭৪ বছৰীয়া মাতৃক অন্তিম সময়ত এবাৰ মাত লগাবলৈও ছাইবাবাই অনুমতি লাভ নকৰিলে। অৱশেষত পুত্রক শেষবাৰলৈ সাক্ষাতৰ আশা পূৰণ নোহোৱাকৈয়ে তেওঁৰ মাতৃয়ে ২০২০ৰ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে। দুর্ভাগ্যজনকভাৱে পৰলোকগত মাতৃৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত হোৱাৰ অনুমতিৰ পৰাও তেওঁক বঞ্চিত কৰা হয়।

অথচ চৰকাৰৰ আশিসপুষ্ট বহু দাগী অপৰাধীয়ে পেৰ’লত মুক্তিলাভ কৰি আছে। ৰাষ্ট্রযন্ত্রই শত্রু বুলি গণ্য কৰিলে যিকোনো নাগৰিকৰ বাবে জীৱন কিদৰে দুর্বিষহ হৈ পৰিব পাৰে, তাক ভুক্তভোগী আৰু তেওঁলোকৰ নিকটাত্মীয়ইহে অনুভৱ কৰাটো সম্ভৱ। গণতান্ত্রিক চৰকাৰ তথা সুচল ন্যায়িক ব্যৱস্থাৰ অধীনতে এনেদৰে কতজনে কাৰণে অকাৰণে জীয়াতু ভুগিবলগীয়া হৈছে তাৰেই বা কোনে হিচাপ ৰাখিছে ! শাসক পক্ষক অস্বস্তিত পেলোৱা প্রশ্ন উত্থাপন কৰা অথবা বিৰোধী মনোভাব প্রকাশ কৰা কাৰণে নতুবা ৰাজনৈতিক আৰু ব্যক্তি বিশেষজ্ঞ স্বার্থ পূৰণৰ উদ্দেশ্যে সংঘটিত কৰি অহা এনে ধৰণৰ ঘূণনীয় কার্য ৰোধৰ বাবে এক কার্যকৰী ব্যৱস্থা গঢ়ি তোলাৰ নিতান্তই আৱশ্যক। ৷

আনকি আজিও চৰকাৰ বিৰোধী বহু লোকক বিভিন্ন অজুহাতত কাৰাবন্দী কৰি থোৱা হৈছে। সেয়েহে এনে ধৰণৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ স’তে জড়িত সংশ্লিষ্ট কর্তৃপক্ষক এইক্ষেত্রত দায়বদ্ধ কৰাৰ এটা ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন আছে। ন্যস্ত স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ নিৰীহ নাগৰিকক যাতে ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰে, তাৰ বাবে এক পাৰদর্শী ব্যৱস্থা গঢ়ি তুলিব নোৱাৰিলে এনে ধৰণৰ ঘটনা যে বৃদ্ধি পাব তাত সন্দেহৰ অৱকাশ নাই। অৱশ্যে মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে সেয়াই প্রশ্ন !

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesDelhi High CourtDon't Shed Tears For SaiBabaMaobadiPranjalsen DekaProfessor G N Saibaba
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d