Supreme Court Ruling On Disclose Electoral Bonds:নির্বাচনী বণ্ড সন্দর্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ন্যায়ালয়ে খাৰিজ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ আবেদন, ১২ মাৰ্চৰ ভিতৰত দিব লাগিব নিৰ্বাচনী বণ্ডৰ তথ্য, ৱেবছাইটত সকলো তথ্য আপলোড কৰিব লাগিব ১৫ মাৰ্চৰ ভিতৰত

sc

Supreme Court Ruling On Disclose Electoral Bonds:

নির্বাচনী বণ্ড সন্দর্ভত সৰ্বোচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷ ন্যায়ালয়ৰ কে’বাজনীয়া বিচাৰপীঠে এছ বি আইৰ আবেদন খাৰিজ
কৰে ৷

উল্লেখ্য যে, নির্বাচনী বণ্ড সন্দর্ভত এছ বি আই-এ তথ্য দাখিলৰ বাবে ৩০ জুন পর্যন্ত সময় বিচাৰিছিল ৷
আজি ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানত এছবিআইক নিৰ্বাচনী বণ্ডৰ তথ্য ১২ মাৰ্চৰ ভিতৰত দিবলৈ নিৰ্দেশ দিয়ে ৷ একেদৰে ১৫ মাৰ্চৰ ভিতৰত ৱেবছাইটত আপলোড কৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়ে ।

উল্লেখযোগ্য ,নিৰ্বাচনী বণ্ড আঁচনিৰ সবিশেষ প্ৰকাশৰ বাবে ভাৰতীয় ষ্টেট বেংকে অধিক সময়ৰ বাবে কৰা অনুৰোধ নাকচ কৰি উচ্চতম ন্যায়ালয়ে আজি কয় যে কাইলৈৰ ভিতৰত বেংকে ভাৰতীয় নিৰ্বাচন আয়োগৰ সৈতে সবিশেষ তথ্য দাখিল কৰিব লাগিব। ৷

নিৰ্বাচন আয়োগক শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত নিজৰ ৱেবছাইটত সবিশেষ প্ৰকাশ কৰিবলৈ কোৱা হৈছে। কাইলৈৰ ভিতৰত এই তথ্য প্ৰদান নকৰিলে এছবিআইৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিব বুলিও সকীয়াই দিয়ে আদালতে ।

ইয়াৰ পূৰ্বে আজি খাৰিজ কৰা নিৰ্বাচনী বণ্ডৰ সবিশেষ দিবলৈ এছ বি আইৰ অনুৰোধৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কঠোৰ প্ৰশ্ন উত্থাপন কৰি বিগত ২৬ দিন ধৰি বেংকটোৱে কি কৰিছে বুলি ওলোতাই প্ৰশ্ন কৰে। এছ বি আইয়ে আদালতৰ কাষ চাপিছিল ম্যাদ বৃদ্ধিৰ বাবে ৷ ৩০ জুনৰ ভিতৰত সবিশেষ প্ৰকাশ কৰিবলৈ অনুমতি দিছিল।

১৫ ফেব্ৰুৱাৰীত আদালতে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়দানত নিৰ্বাচনী বণ্ড বাতিল কৰি নিৰ্বাচন আয়োগক ১৩ মাৰ্চৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সবিশেষ ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে,অধিক সময়ৰ বাবে এছ বি আইৰ আবেদনৰ বিৰোধিতা কৰিছিল এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)য়ে ২০১৭ চনত নৰেন্দ্ৰ মোডী চৰকাৰে অনা নিৰ্বাচনী বণ্ডক প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীৰ ভিতৰত অন্যতম আছিল এডি আৰ ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে সবিশেষ ৰাজহুৱা নহয় বুলি নিশ্চিত কৰিবলৈ শেষ মুহূৰ্তত এছ বি আইৰ অধিবক্তা হৰিষ ছালভে কয় যে বেংকে নিৰ্বাচনী বণ্ডৰ বিষয়ে তথ্য মূল বেংকিং ব্যৱস্থাৰ বাহিৰত সংৰক্ষণ কৰিবলৈ এছ অ’ পি অনুসৰণ কৰিছিল।
আদালতৰ আদেশ মানি চলিবলৈ আমাক অলপ বেছি সময়ৰ প্ৰয়োজন। আমি তথ্যসমূহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছো আৰু আমি সমগ্ৰ প্ৰক্ৰিয়াটো ওলোটা কৰিব লাগিব। আমাক বেংক হিচাপে কোৱা হৈছিল যে এইটো এটা গোপনীয় হ’ব লাগে।”

সৰ্বোচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ নেতৃত্ব দিয়া মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ৰায়দানত উল্লেখ কৰে যে বেংকৰ মুম্বাই শাখাত দাতাৰ সবিশেষ ছীল কভাৰত ৰখাৰ কথা দাখিল কৰা হৈছিল।

ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়, ‘আপুনি মাত্ৰ ছীল কৰা কভাৰটো খুলি সবিশেষ সংগ্ৰহ কৰি তথ্য দিব লাগিব।”

ইয়াৰ উত্তৰত এছ বি আইৰ অধিবক্তা ছালভে কয়, “বণ্ড কোনে ক্ৰয় কৰিলে তাৰ সম্পূৰ্ণ বিৱৰণ মোৰ হাতত আছে আৰু টকা ক’ৰ পৰা আহিল আৰু কোনটো ৰাজনৈতিক দলে কিমান দিলে তাৰ সম্পূৰ্ণ তথ্য মোৰ হাতত আছে। মইও এতিয়া ক্ৰেতাৰ নাম দিব লাগিব। নামবোৰত আছে।” বণ্ড নম্বৰৰ সৈতে ক্ৰছচেক কৰা হ’ব।”

আনহাতে ,মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়,এটা চাইল’ৰ পৰা আন এটা চাইল’লৈ তথ্য মিলাই দিয়াটো এটা সময়সাপেক্ষ প্ৰক্ৰিয়া বুলি দাখিল কৰা হৈছে। আমি আপোনাক মেচিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। গতিকে মেচিং এক্সাৰচাইজ কৰিব লাগে বুলি সময় বিচৰাটো প্ৰয়োজনীয় নহয়, আমি আপোনাক তেনে কৰিবলৈ নিৰ্দেশ দিয়া নাই।’ সেয়েহে বেংকক ৰায় মানি চলিবলৈ নিৰ্দেশ দিয়ে৷

ইয়াৰ পিছত মুখ্য ন্যায়াধীশ গৰাকীয়ে ৰায়দানত বিগত ২৬ দিনত বেংকে কি কাম কৰিছে বুলি প্ৰশ্ন কৰি বেংকে এই তথ্য প্ৰদান নকৰাৰ কথা উল্লেখ কৰে।

Exit mobile version