Laying the Foundation stone for the ₹27,000 cr Tata Semiconductor Assembly and Test facility at Jagiroad: জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস

ভাৰ্চুৱেলী প্ৰকল্পটোৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ, আজি আমাৰ সপোন পূৰণ হ’ল, আজি এই দিনটো ৰাজ্যৰ বাবে আৰম্ভণিৰ দিন : মুখ্যমন্ত্ৰী

cm 1

Laying the Foundation stone for the ₹27,000 cr Tata Semiconductor Assembly and Test facility at Jagiroad:

জাগীৰোডত টাটাৰ গ্ৰুপৰ স্বদেশী অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰিক্ষণ কেন্দ্ৰৰ (ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ )ভাৰ্চুৱেলী আধাৰশিলা স্থাপন আজি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগা এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটি নিৰ্মাণ হোৱাৰ পাছতে প্ৰত্যক্ষ নিযু লাভ কৰিব প্ৰায় ১৬ হেজাৰ নিবনুৱাই আৰু পৰোক্ষভাৱে নিযুক্তি লাভ কৰিব ১৪হেজাৰে ৷ মুঠ ৩০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা থকা এই প্ৰকল্পত প্ৰতিদিনে চিপচ্ উৎপাদন হ’ব প্ৰায় ৪৮ মিলিয়ন ।

জাগীৰোডস্থ হিন্দুস্থান পেপাৰ কৰ্পৰেশ্যনৰ পৰা অসম চৰকাৰে সমস্ত ভূমি ক্ৰয় কৰাৰ পাছতে টাটাৰ স’তে অসম চৰকাৰে ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ উদ্দেশ্যৰে এক চুক্তিবদ্ধ হয় ৷

আজি এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা )ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেখেতৰ ভাষণত কয় যে, ‘আজিৰ এই দিনটো এক ঐতিহাসিক দিন। আজি ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ সৈতে জড়িত তিনিটা ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ল। মৰিগাঁৱত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সুবিধাই ভাৰতক ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ বৃহৎ গ্ল’বেল হাব কৰি তোলাত সহায় কৰিব। ইয়াৰ বাবে মই দেশবাসীক শুভ প্ৰাৰম্ভনীৰ বাবে অভিনন্দন জনাইছো।’’

মোদীয়ে কয়, আমাৰ সৈতে দেশৰ ৭ হাজাৰৰো অধিক কলেজ, বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানো জড়িত হৈ আছে। এয়াও এক অভিলেখ। এয়া দেশৰ নৱ প্ৰজন্মৰ কাৰ্যসূচী। সেয়ে এই কাৰ্যসূচীত নতুন প্ৰজন্মক জড়িত কৰা হৈছে। মোৰ ইচ্ছা আছিল, ভাৰতৰ ছাত্ৰ সমাজে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হওক। আনহাতে মোডীয়ে আৰু কয় যে,২১ শতিকা প্ৰযুক্তিৰ শতিকা। ইলেকট্ৰনিক চিপৰ বাদে তাৰ কল্পনা কৰিব নোৱাৰি। এই প্ৰকল্পই ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত ডাঙৰ অৱদান আগবঢ়াব। দুবছৰ পূৰ্বে আমি ছেমি কণ্ডাক্টৰ মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিলো৷ আনকি যোৱা কেবামাহ পূৰ্বে এম অ’ ইউ স্বাক্ষৰিতো হয় ৷ অৱশেষত আজি তিনিটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আমি সক্ষম হ’লো ৷

আনহাতে বিশ্বৰ কেইখনমান দেশেহে ছেমি কণ্ডাক্টৰৰ মেনুফেকচাৰিং কৰিছে। শেহতীয়াকৈ ভাৰতে এক উল্লেখযোগ্য ভূমিকা ল’বৰ বাবে তৎপৰ হৈছে ৷ আমাৰ দেশ বহু পূৰ্বৰে পৰা স্পেচ, নিউক্লিয়াৰ আৰু ডিজিটেল পাৱাৰত শক্তিশালী হিচাপে বিবেচিত হৈছে । আমি যিবোৰ কও সেইবোৰ বাস্ত ৰূপায়ণ কৰো ৷

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, আজি আমাৰ দেশ সমগ্ৰ বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ ম’বাইল ফোন উৎপাদনকাৰী ৰূপে পৰিগণিত হৈছে ৷ আজি জাগীৰোড সহ দেশৰ আন আন স্থানত স্থাপন হ’বলগীয়া ছেমি কণ্ডাক্টৰ উদ্যোগৰ সৰ্বাধিক লাভ পাব দেশৰ যুৱ প্ৰজন্মই। ই বিকাশৰ অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। আজিৰে পৰা ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰতো নতুন সুবিধা উপলব্ধ হ’ব।

মোদীয়ে কয়, ‘ভাৰতে ছেমি কণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰত বিকশিত দেশৰ সৈতে ফেৰ মৰাৰ দিশে আগবাঢ়িছে। এই তিনিটা প্ৰকল্পই ভাৰতক বিকশিত দেশ হিচাপে গঢ়ি তোলাত গুৰুত্ব ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি মোদীয়ে কয়, ‘মই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই কথাত একমত যে উত্তৰ পূবত কেতিয়াও কোনেও ইমান ডাঙৰ পদক্ষেপ লোৱাৰ কথা ভবা নাছিল। আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ বাবে মই অসম সহ উত্তৰ পূবৰ জনতাক মই অভিনন্দন জনাইছো।

আনহাতে আগন্তুক দিনত উত্তৰ-পূবাঞ্চল দক্ষিণ পূব এছিয়াৰ বাবে হাব হিচাপে বিবেচিত হ’ব ৷ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আজিৰ দিনটোত দেশত তিনিটা ছেমি কণ্ডাক্টৰৰ আধাৰশিলা স্থাপন হ’ল। ইয়াৰে এটা জাগীৰোডত স্থাপন হ’ব। ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ জাগীৰোডৰ এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত ১৬ হাজাৰ প্ৰত্যক্ষ আৰু ১৪ হাজাৰ পৰোক্ষ নিয়োগ সৃষ্টি হ’ব ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,উদ্যোগীকৰণত সততে পিছপৰি থকা অসম আজি উদ্যোগীৰ মানচিত্ৰত নিজৰ স্থান মজবুত কৰিলে। এসময়ত মোক এজন ৰাজনীতিকে সমালোচনা কৰিছিল যে কেতিয়াবা ৰাজ্যত টাটাৰ প্ৰকল্প হ’বনে ৷ কিন্ত সময়ৰ গতিত আজি আমাৰ এই সপোন দিথকত পৰিণত হ’ল। আমি ৰাজ্য খনত ইতিবাচক চিন্তাৰে আগুৱাই লৈ যাব লাগিব। কিন্ত এই ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে ধৰ্ণা, প্ৰতিবাদে ৷ ৰাজ্যৰ বাবে আজিৰ দিনটো শেষ দিন নহয় বৰং আজি আৰম্ভণিৰ দিনহে।

জাগীৰোডৰ হিন্দুস্তান পেপাৰ মিল বন্ধৰ সময়ত মই ভাৱিছিলো এই স্থান থোখৰৰ উন্নয়ন কিদৰে কৰা যায় আৰু আজি এই সুবিশাল প্ৰকল্পই নতুন ৰাজ্য খনক দিগন্তৰ উচ্চ শিখৰলৈ লৈ যাব মোৰ দৃঢ় বিশ্বাস বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লপথ,যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য- প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ,কেন্দ্ৰীয় তথ্য- প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ ,টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ ,টাটা ইলেক্ট্ৰনিক্সৰ মুখ্য কাৰ্যবাহী বিষা ডা:ৰণবীৰ ঠাকুুৰ , ৰাজ্যৰ দুই কেবিনেট মন্ত্ৰীদ্বয় বিমল বৰা আৰু পীযুষ হাজৰিকা,ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে ৷

Exit mobile version