SBI has submitted the details of its election bonds to the Election Commission as directed by the Supreme Court:চাৰিমাহ সময় বিচৰা এছবিআয়ে এদিনতে দিবলৈ বাধ্য হ’ল তথ্য

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মর্মে নির্বাচন আয়োগক নির্বাচনী বণ্ডৰ তথ্য দাখিল কৰিলে এছবিআই- এ, অচিৰে ৰাজহুৱা কৰাৰ সম্ভাৱনা এছ বি আইৰ

sbi bons

SBI has submitted the details of its election bonds to the Election Commission as directed by the Supreme Court:

অৱশেষত সোমবাৰে সন্ধিয়া নির্বাচন আয়োগক ষ্টেট বেংক অৱ ইণ্ডিয়াই দাখিল কৰিলে নির্বাচনী বণ্ডৰ তথ্য। এই তথ্য দাখিলৰ বাবে চাৰিমাহ সময় বিচাৰি দাখিল কৰা আবেদন সোমবাৰে নাকচ কৰি উচ্চতম ন্যায়ালয়ে মঙলবাৰৰ ভিতৰত এই তথ্য দাখিলৰ কঠোৰ নির্দেশ প্রদান কৰাত এছবিআয়ে তাক পালন কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে নির্বাচনী বণ্ড সম্পর্কীয় গোচৰত যোৱা ১৫ ফেব্রুৱাৰীত দিয়া ৰায়দানত উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল যে ২০১৯ ৰ ১২ এপ্রিলৰ পৰা এই পর্যন্ত নির্বাচনী বণ্ডৰ জৰিয়তে কোন কোন ৰাজনৈতিক দলক কোন ব্যক্তি- সংস্থাই কিমান পৰিমাণৰ ধন বৰঙণিস্বৰূপে আদায় দিলে সেই সম্পর্কীয় বিতং তথ্য অর্পণ কৰিব লাগিব এছবিআয়ে। এই নির্দেশ মর্মে মঙলবাৰে এছবিআয়ে তথ্য দাখিল কৰিলে।

সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশ মর্মেএছবিআয়ে এই সমস্ত যাবতীয় তথ্য তুলি দিলে আয়োগক ৷ এইবাৰ এই তথ্য অহা শুকুৰবাৰৰ ভিতৰত আয়োগে নিজস্ব চৰকাৰী ৱেবছাইটত প্রকাশ কৰিব লাগিব বুলি ইতিমধ্যে পূৰ্বৰ ৰায়তে উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল ৷

এই তথ্যসমূহ ক্রম অনুসৰি, যুগুতাই আয়োগে তেওঁলোকৰ ৱেবছাইটত প্রকাশ কবিব। ন্যায়ালয়ৰ নির্দেশ মর্মে মঙলবাৰে সন্ধিয়া পাঁচ বজাৰ ভিতৰত তথ্যসমূহ লাভ কৰা বুলি নিশ্চিত কৰিছে আয়োগে। অৱশ্যে এই পর্যন্ত বেংকৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকে ন্যায়ালয়ৰ নিৰ্দেশ পালনৰ সম্পৰ্কত আয়োগক তথ্য দাখিল কৰা সম্পৰ্কীয় শপতনামা দাখিল কৰা নাই। সূত্রত প্রকাশ যে শপতনামা প্রস্তুত কৰা হৈছে আৰু বুধবাৰে ইয়াক দাখিল কৰা হ’ব।

ষ্টেট বেংকে বিতং তথ্য দাখিলৰ সময়সীমা চাৰিমাহ অর্থাৎ ৩০ জুনলৈ বৃদ্ধিৰ বাবে জনোৱা আবেদন কালি খাৰিজ কৰি আজিৰ ভিতৰত পূৰ্বৰ নির্দেশ অনুসৰি, আয়োগক তথ্য দাখিল নকৰিলে আদালত অৱমাননা প্রক্রিয়া আৰম্ভ কৰিব বুলি এছবিআইক সকীয়াই দিছিল মুখ্য ন্যায়াধীশ ডি রাই চন্দ্রচূড় নেতৃত্বাধীন বিচাৰপীঠে।

ইচ্ছাকৃতভাৱে এছবিআয়ে ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা বুলি মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কালি মন্তব্য কৰাৰ লগতে কঠোৰ সকীয়নি প্ৰদান কৰে। বিচাৰপীঠে কয় যে তেওঁলোকে এতিয়াও অৱমাননাৰ প্রক্রিয়া আৰম্ভ কৰা নাই; কিন্তু যদিহে নির্দেশৰ সময়সীমাৰ ভিতৰত আয়োগক বণ্ডৰ তথ্য দাখিল নকৰে, তেন্তে আদালতে অৱমাননাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে বেংকৰ বিৰুদ্ধে। বেংকে যুক্তি দর্শাইছিল যে তথ্যসমূহ ক্রম অনুসাৰে সজাবলৈ আৰু তথ্যসমূহ এটাৰ স’তে আনটো মিলাই চাবলৈ সময়ৰ প্ৰয়োজন হ’ব। এই তথ্যসমূহ গোপনীয়তা ৰক্ষাৰ বাবে এইবোৰ সম্পূৰ্ণ পৃথকে দুটা স্থানত ৰখা হৈছে।

যাৰ বাবে নির্দেশ পালনৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি এছবিআয়ে কৈছে। অহা ৩০ জুনলৈ সময়সীমা বৃদ্ধিৰ বাবে এছবিআয়ে আহ্বান জনাইছিল। মনকৰিবলগীয়া যে এছবিআয়ে বিচৰা চূড়ান্ত সময়সীমাৰ পূৰ্বে দেশৰ আগন্তুক লোকসভা নিৰ্বাচনৰ অন্ত পৰিব। সেই বাবে বিজেপি চৰকাৰক সুৰক্ষা দিবলৈ এছবিআয়ে সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনোৱা বুলি বিৰোধী মহলে সমালোচনা কৰে।

সোমবাৰে শুনানিৰ আৰম্ভণিতে সর্বোচ্চ ন্যায়ালয়ৰ কঠিন প্রশ্নৰ সন্মুখীন হৈছিল এছবিআই। উচ্চতম ন্যায়ালয়ে প্রশ্ন কৰিছিল, ‘যোৱা ২৬ দিন ধৰি আপোনালোক কি কৰিছে? আপোনালোকৰ আবেদনত ইয়াক লৈ কোনো কথা উল্লেখ কৰা হোৱা নাই।’ যোৱা ১৫ ফেব্ৰুৱাৰীত প্ৰদান কৰা ৰায়ত নির্বাচনী বণ্ডক অসাংবিধানিক আৰু ক্ষতিকাৰক আখ্যা দি বাতিল কৰিছিল উচ্চতম ন্যায়ালয়ে।

আদালতে এছবিআইক নির্দেশ দিছিল অনতিপলমে যাতে তেওঁলোকে বণ্ড দিয়া বন্ধ কৰে আৰু সমান্তৰালভাৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কোনো ৰাজনৈতিক দলে কিমান অনুদান লাভ কৰিছে, কোনে তেওঁলোকক অনুদান দিছে সেই তথ্য ৰাজহুৱা কৰাৰ নিৰ্দেশো দিয়ে।

যোৱা ছয় মাৰ্চত উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা পাৰ হোৱাৰ পাছতো এছবিআয়ে নির্বাচনী বণ্ড সম্পর্কীয় তথ্য আয়োগক দাখিল নকৰাত বেংকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছিল। এই দুটা গোচৰ একেলগে শুনানি গ্রহণ কৰে মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ বিচাৰপীঠে আৰু ইয়াৰ পাছতে কঠোৰ নিৰ্দেশ দিয়ে।

Exit mobile version