BJP and AGP meet at Bajpai Bhawan:বাজপেয়ী ভৱনত বিজেপিৰে অগপৰ বৈঠক

বৈঠকত উপস্থিত সৰ্বানন্দ সোনোৱাল,ভৱেশ কলিতা সহ অগপৰ নেতৃবৰ্গ

basistha

BJP and AGP meet at Bajpai Bhawan:

নিৰ্বাচনী দিন ঘোষণাৰ পাছতে নিৰ্বাচনী যুজঁত নামি পৰিছে বিজেপি – অগপ সহ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷ একেদৰে পিছ পৰি থকা নাই কংগ্ৰেছ সহ বিৰোধী ঐক্য মঞ্চ প্ৰাৰ্থী সকলো ৷

এনে নিৰ্বাচনী তৎপৰতাৰ মাজতে সোমবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হয় বিজেপি- অগপৰ বৈঠক।ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱাল সহ অগপৰ নেতৃবৰ্গ।

উল্লেখ্য যে,বিজেপিৰ দলৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।

আনহাতে ,বাজপেয়ী ভৱনত আয়োজিত দুয়োটা দলৰ মিত্রজোটৰ প্ৰাৰ্থীৰ হৈ তৃণমূল পয্যায়ত কিদৰে কাম কৰিব আৰু নিৰ্বাচনী ৰণকৌশল সম্পর্কত খৰচি মাৰিআলোচনা কৰা হয় ।

Exit mobile version