Khanapara Horrific Road Accident:মহানগৰীৰ ৰাজপথত গ্ৰীণ বাছৰ অতপালি

গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ’ল অটো চালকৰ

khanapara

Khanapara Horrific Road Accident:

মহানগৰীত এএছটিচিৰ ৰঙা বাছৰ সলনি বিভাগটোৱে শেহতীয়াকৈ গ্ৰীণ বাছৰ সংযোজন কৰাৰ পাছত একাংশ গ্ৰীণ বাছৰ অতপালিয়ে ৰাজপথত পথচাৰী সহ আন বাহন সমূহক ত্ৰাহিমধুসূদন সোধাইছে ৷মহানগৰৰ ৰাজপথত গ্ৰীণ বাছৰ অতপালিয়ে চৰমসীমা অতিক্ৰম কৰিছে ৷

মঙলবাৰে গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ’ল এজন অটো চালকৰ৷ পুৱাতে সদাব্যস্ত খানাপাৰাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্ৰুতবেগী এ-এছ-২০-২৫৫৮ নম্বৰৰ চিএনজি গ্ৰীণ বাছে মহতীয়াই নিয়ে এখন ৰৈ থকা অটো’ক ৷

ফলত থিতাতে নিহত হয় অটো খনত থকা অটো চালক হিতেশ কলিতা। দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হয় আন দুজন লোক ৷

উল্লেখ্য যে,উদ্থাপিত অভিযোগ অনুসৰি গ্ৰীণ বাছ খন চলাইছিল হেণ্ডিমেনজনে ৷ ইতিমধ্যে ঘটনাস্থলীত ট্ৰেফিক আৰক্ষী উপস্থিত হৈ আটক কৰে গ্ৰীণ বাছ খনৰ চালকজনক ৷

Exit mobile version