Guwahati is The Second Most Polluted City in The World:বিশ্বৰেই দ্বিতীয় সর্বাধিক প্ৰদূষিত চহৰ গুৱাহাটী !

গুৱাহাটীত পিএম ২.৫ৰ ঘনত্ব বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া হাৰতকৈ ১০ গুণ অধিক, প্ৰদূষণে মানৱ দেহলৈ কঢ়িয়াই আনিছে বিভিন্ন ৰোগৰ উৎস

guwahati

Guwahati is The Second Most Polluted City in The World:

দক্ষিণ পূৰ্ব এছিয়াৰ দুৱাৰ মুখ স্বৰূপ ‘স্মার্ট চিটি’ গুৱাহাটী পর্যবসিত হ’ল প্রদূষিত মহানগৰীলৈ। কেবল দেশৰ ভিতৰতে নহয়, সমগ্র বিশ্বৰ ভিতৰতে গুৱাহাটীক চিহ্নিত কৰা হৈছে দ্বিতীয় সর্বাধিক প্রদূষিত মহানগৰ হিচাপে।

ছুইজাৰলেণ্ডৰ বায়ু গুণাগুণ নিৰীক্ষণ সংস্থা ‘আইকিউ এয়াৰ’ নামৰ প্রতিষ্ঠানটোৱে শেহতীয়াকৈ প্রকাশ কৰা ‘কর্ড এয়াৰ কোৱালিটি ৰিপ’ৰ্ট ২০২৩’ত গুৱাহাটীক বিশ্বৰ দ্বিতীয় প্রদূষিত মহানগৰৰূপে চিহ্নিত কৰা হৈছে।

উল্লেখ্য যে এই প্রতিবেদনত বিহাৰৰ বেণ্ডচৰাই চহৰক বিশ্বৰ সবাতোকৈ প্ৰদূষিত মহানগৰৰূপে চিহ্নিত কৰা হৈছে। বছৰটোৰ গড় হিচাপত উলিওৱা পি এম ২.৫ ঘনত্ব বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া হাৰতকৈ গুৱাহাটীত ১০ গুণ অধিক।

উল্লেখ্য যে গুৱাহাটীত ২০২২-২০২৩ লৈ প্রতি ঘনমিটাৰত পিএম ২.৫ৰ ঘনত্ব ৫১ৰ পৰা ১০৫.৪ মাইক্র’ গ্রামলৈ বৃদ্ধি পাইছে। গুৱাহাটীৰ দৰেই দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীকে ধৰি সমগ্র দিল্লীতে পিএম ২.৫ৰ ঘনত্ব বৃদ্ধি পাইছে। উল্লেখ্য যে গুৱাহাটী আৰু দিল্লীৰ পাছতে প্ৰদূষিত মহানগৰৰ তালিকাত আছে পঞ্জাৱৰ মূলানপুৰ।

প্রসংগতে উল্লেখ্য যে ছুইজাৰলেণ্ডৰ সংস্থাটোৱে ২০২৩ৰ প্ৰদূষণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি শেহতীয়াকৈহে প্রদূষিত চহৰৰ তালিকাখন প্রকাশ কৰিছে যদিও ২০২৩ তকৈ চলিত বর্ষত মুঠেও উন্নত হোৱা নাই গুৱাহাটীৰ প্ৰদূষণৰ মাত্রা।

উল্লেখ্য যে প্রতিবেদনত বায়ুৰ গুণাগুণৰ হাৰেৰে ৰাজ্যসমূহকে ধৰি সামগ্রিকভাবে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰদূষণৰ বিষয়টো আলোকপাত কৰা হৈছে। প্রতিবেদনখনত বিগত বর্ষত বাংলাদেশ আৰু পাকিস্তানৰ পাছতে ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্বাধিক প্ৰদূষিত ৰাষ্ট্ৰ হিচাপে স্থান দিয়া হৈছে।

লক্ষ্যণীয় যে পূৰ্বৰ বৰ্ষৰ তুলনাত ভাৰতৰ প্ৰদূষণৰ হাৰৰ স্থান দ্রুত গতিত অবনমিত হৈছে। এই প্রতিবেদনখন যুগুতোৱাৰ ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰা হৈছে বিশ্বৰ বিভিন্ন স্থানৰ ৩০ হেজাৰৰো অধিক বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰৰ পৰা।

গুৱাহাটী মহানগৰীক বিশ্বৰ দ্বিতীয় সর্বাধিক প্রদূষিত মহানগৰলৈ পর্যবসিত কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্রহণ কৰিছে গুৱাহাটীৰ বায়ুমণ্ডলত ব্যাপক হাৰত উৰি থকা সূক্ষ্ম ধূলিকণাই। সমান্তৰালকৈ যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাৰ বাবেও প্ৰদূষিত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল। লক্ষ্যণীয় যে কেবল গুৱাহাটীয়েই নহয় দেশৰ প্রায় সংখ্যক চহৰেই এতিয়া প্ৰদূষণৰ কৰালগ্রাসত নিমজ্জিত হৈছে।

প্রতিবেদনখনত প্রকাশ কৰা তথ্য মতে, বিশ্বৰ ১০খন সর্বাধিক প্ৰদূষিত চহৰৰ ভিতৰত নখন চহৰেই হ’ল ভাৰতবর্ষৰ। ইফালে, বিশ্বৰ ৫০ খন প্ৰদূষিত চহৰৰ তালিকাত আছে ভাৰতৰ ৪২ খনকৈ চহৰ।

উল্লেখ্য যে, প্ৰদূষিত বায়ুমণ্ডলে দেশৰ প্ৰায়কেইখন চহৰৰ বাসিন্দালৈ কঢ়িয়াই আনিছে কেতবোৰ মাৰাত্মক ৰোগৰ বীজাণু। বিশেষকৈ হাঁওফাঁওৰ সংক্ৰমণ আৰু হৃদৰোগৰ বাবে মূল কাৰকৰূপে চিহ্নিত হৈছে ভয়াবহ প্রদূষণ। একেদৰেই কর্কট ৰোগ, স্ট্রোক, এজমা আদি ৰোগ বৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে প্রদূষিত বায়ুমণ্ডলে।

বিজ্ঞানীসকলে এই কথাও ঠাৱৰ কৰিছে যে শিশুৰ মানসিক স্বাস্থ্যৰ উন্নয়নৰ ক্ষেত্ৰতো বাধা হৈ থিয় হৈছে প্ৰদূষণৰ মাত্ৰাধিক হাৰ।

Exit mobile version