Kejriwal Spends Night in ED Lockup:নিশা গ্ৰেপ্তাৰৰ পিছত ইডি কাৰ্যালয়ৰ ১নং কোঠাত নিশাটো অতিবাহিত কৰিলে কেজৰিৱালে

নিশা ভালকৈ টোপনি নহা বাবে পুৱা সোনকালে উঠিতে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিয়াল, ইডিৰ লকআপতে গ্ৰহণ কৰিলে পুৱাৰ ব্ৰেকফাষ্ট, আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত আপৰ, গুৱাহাটীটো অসম আপৰ প্ৰতিবাদ সাব্যস্ত

kejriwal 1

Kejriwal Spends Night in ED Lockup:

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে নিশা দুঘণ্টা জুৰি জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা ৷ ইয়াৰ পিছতে তেওঁক লৈ যোৱা হয় ইডিৰ হেডকোৱাৰ্টাৰলৈ ৷ নিশাটো ইডি কাৰ্যালয়ৰ ১নং কোঠাত অতিবাহিত কৰিলে কেজৰিৱালে ৷ নিশা ভালকৈ টোপনি নহা বাবে পুৱা সোনকালে উঠে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইডিৰ লকআপৰ ভিতৰতে গ্ৰহণ কৰিলে পুৱাৰ ব্ৰেকফাষ্ট ৷

উল্লেখ্য যে,বহুচৰ্চিত দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত কে’বাবাৰো কেজৰিয়াললৈ ইডিয়ে পঠিয়াইছিল চমন ৷ কিন্ত এই চমনৰ প্ৰতি কোনো গুৰুত্ব নিদি কালি ৰক্ষা কবচ বিচাৰি দিল্লী উচ্চ ন্যায়ৰলয়ৰ দ্বাৰস্থ হৈছিল যদিও আদালতত বিমুখ হোৱাৰ পাছতে আজি নিশা ইডিৰ এটা দল উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহত ৷ বাসভৱনতে ইডিৰ দলটোৱে সুৰা নীত সন্দৰ্ভত সোধপোছ কৰি গ্ৰেপ্তাৰ কৰে ৷ ইডিৰ দলে জব্দ কৰে কেতবোৰ নথিপত্ৰ ৷

আনহাতে,কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই সন্দৰ্ভত আপে নিশাই উচ্চতম ন্যায়ালয়ৰৰ ৰেজিষ্টাৰৰ কাষ চাপে । নিশাই শুনানি হোৱাৰ আবেদন জনাইছিল যদিও এই সন্দৰ্ভত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ’ব বুলি আপৰ অধিবক্তাক অৱগত কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰে ৷

আনহাতে নিশা আটক কৰা মুখ্যমন্ত্ৰীজনক মেডিকেল চেকআপ কৰে ইডিয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি কেজৰৱিলাক ইডিয়ে আদালতত হাজিৰ কৰিব আৰু সোধা পোছাৰ পুনৰ বিচাৰিব জিম্মাত ৷

ইপিনে,কেজৰিয়ালৰ গ্ৰেপ্তাৰৰ পাছতে তেওঁ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব নেকি এই সম্পৰ্কীয় জল্পনা-কল্পনাৰ মাজত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশিয়ে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণত মুখ্যমন্ত্ৰী পদ ত্যাগ নকৰে কেজৰিয়ালে৷তেওঁ জেলৰ ভিতৰৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰি চৰকাৰ চলাই যাব ৷

আপৰ নেতা তথা সাংসদ ৰাঘৱ চড্ডাই অভিযোগ উত্থাপন কৰি কৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুতত অৰিবন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাতো বিজেপিৰ এক ডাঙৰ ষড়যন্ত্ৰ নিহিত হৈ আছে । এই সন্দৰ্ভত আজি আপে সমগ্ৰ দেশজুৰি বিৰোধ প্ৰদৰ্শন কৰিছে ৷

আনহাতে ,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতে দিল্লী পঞ্জাৱত নিশাৰে পৰা প্ৰতিবাদ সাব্যস্ত অব্যাহত থকাৰ সমান্তৰালভাৱে আজিও দিল্লী সহ দেশৰ সৰ্বতে আপে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

দলটোৱে কয়,এয়া বিজেপিৰ এক পৰিকল্পিত ষড়যন্ত্ৰ ৷ ইডি এক বিজেপিৰ অস্ত্র । ষড়যন্ত্র কৰি গ্রেপ্তাৰ কৰা হ’ল মুখ্যমন্ত্রী গৰাকীক। নিৰ্বাচনত কেজৰিয়ালৰৰ প্ৰচাৰাভিযানত ৰোধ কৰিবলৈ বিজেপিয়ে ব্যৱহাৰ কৰিছে ইডিক ৷

আজি এই কাৰ্যৰ বিৰুদ্ধে দেশজুৰি আন্দোলন কৰি যাম ৷ আনহাতে শেহতীয়া খবৰ অনুসৰি দিল্লীত ৰাজধানী আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে ইতিমধ্যে ৰাজপথত প্ৰতিবাদ কৰা শতাধিক আপৰ নেতা- কৰ্মীক আটক কৰিছে ৷

গুৱাহাটী মহানগৰত আজি আপৰ নেতা- কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ কেজৰিয়ালৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি এক সমদল উলিয়াই ৷

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত আপে দাখিল কৰা আবেদনৰ শুনানি বৰ্তমান ন্যায়ালয়ত অব্যাহত আছে ।

Exit mobile version