Nomination Submit Lurinjyoti Gogoi And Roselina Tirkey: ডিব্ৰুগড়ত অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু কাজিৰঙাত ৰ’জলীনা তিৰ্কীৰ দাখিল মনোনয়ন

পিতৃৰ আৰ্শীবাদ লৈ ভোটযুদ্ধত নামিল লুৰীণজ্যোতি

lurin 1

Nomination Submit Lurinjyoti Gogoi And Roselina Tirkey:

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বাবে কে’বা গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৷ ডিব্ৰুগড়ত কে’বা সহস্ৰাধিক সমৰ্থক সহ সমদল কৰি অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে উপস্থিত হয় জিলা আয়ুক্ত কাৰ্যালয়ত ৷ৰিটাৰ্ণিং বিষয়াৰ ওচৰত গগৈয়ে দাখিল গগৈয়ে কৰে মনোনয়ন পত্ৰ ৷

ইয়াৰ পূৰ্বে অজাপৰ সভাপতি গৰাকীয়ে এখন সভাত সম্বোধন কৰি বিজেপিৰ দৰে সাম্প্ৰতিক শক্তিক উৎখাত কৰিবলৈ ৰাইজলৈ আহ্বান জনাই ৷ গগৈক মনোনয়ন পত্ৰ দাখিল পৰ্বত সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা সহ বিৰোধী ঐক্যমঞ্চৰ কে’বা গৰাকী নেতাই ।

অজাপৰ সভাপতি গৰাকীয়ে মনোনয়ন দাখিলৰ পূৰ্বে পিতৃ প্ৰবীণ গগৈৰ চৰণ চুই আশীষ লয় ৷

আনহাতে , কাজিৰঙাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷

Exit mobile version