Summer Will Scorch The Country From April To June:এপ্ৰিলৰ পৰা জুনলৈ গ্রীষ্মই দহিব দেশবাসীক !

বতৰ বিজ্ঞান বিভাগৰ সকীয়নী, বর্ষাত একাংশ ৰাজ্যত অতিবৃষ্টিৰ ফলত বানৰ শংকা

summer session

Summer Will Scorch The Country From April To June:

আগন্তুক কিছু দিনৰ ভিতৰতে দেশত হঠাৎ বতৰৰ ব্যাপক পৰিৱর্তন হ’ব পাৰে। কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে পূর্বানুমানত উল্লেখ কৰা অনুসৰি আগন্তক তিনি মাহত ভাৰতত উত্তাপ বৃদ্ধিয়ে ভয়ংকৰ ৰূপ ল’ব পাৰে।

এপ্রিলৰ পৰা জুনলৈকে দেশত হ’ব পাৰে প্রৱল তাপপ্রৱাহৰ ঘটনা। বতৰ বিজ্ঞান বিভাগে লগতে দাবী কৰা অনুসৰি এপ্রিল, মে’ আৰু জুনত দেশত প্রৱল উত্তাপ বৃদ্ধি অব্যাহত থকাৰ পাছত বৃষ্টিপাতৰ সম্ভাৱনা আছে।

অল নীন’ৰ প্রভাৱত আগন্তুক গ্রীষ্মত দেশত বৃষ্টিপাত কম হোৱাৰ সম্ভাৱনা আছে বুলিও পূর্বানুমানত বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে। বর্ষাৰ আগমনৰ পাছত জুনত অল নীন’ৰ সমাপ্তি ঘটিব আৰু ইয়াৰ পাছত দেশৰ বিভিন্ন অঞ্চলত বৃষ্টিপাত অব্যাহত থাকিব।

বতৰ বিজ্ঞান বিভাগৰ এই প্রতিবেদনত লগতে উল্লেখ কৰা অনুসৰি, এইবাৰৰ বর্ষাত স্বাভাৱিকতকৈ অধিক বৃষ্টিপাত হ’ব পাৰে। অত্যধিক বৃষ্টিৰ ফলত দেশৰ একাংশ ৰাজ্যত বান আৰু অতিবৃষ্টিয়ে একাধিক সমস্যা সৃষ্টি কৰিব পাৰে ৷

বিশেষকৈ দক্ষিণ ভাৰতৰ ৰাজ্যত বর্ষাত অতিবৃষ্টিৰ ফলত বানৰ শংকা আছে বুলি বতৰ বিজ্ঞান বিভাগে এই প্রতিবেদনত দাবী কৰিছে।

Exit mobile version