Guwahati Chandmari Landslide : মহানগৰীৰ চানমাৰিত ভয়ংকৰ ভূমিস্খলন

পাহাৰৰ মাটি খহি পৰিল বাসগৃহৰ ওপৰত, বাৰিষা অহাৰ পূৰ্বে অশনি সংকেত

landslide

Guwahati Chandmari Landslide :

মহানগৰীৰ চানমাৰিত আজি পুৱাতে সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন । এই ভূমিস্খলনৰ ফলত তছনচ হয় দুটা বাসগৃহ।

উল্লেখ্য যে, চানমাৰিৰ কৃষ্ণনগৰৰ পাহাৰত এটা পৰিয়ালৰ লোকে অবৈধ খনন অব্যাহত থকাৰ সময়তে সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ এটা অংশ হঠাতে হোহোৱাই খহি পৰে প্ৰদীপ তালুকদাৰ নামৰ এজন লোকৰ বাসগৃহৰ ওপৰত ৷ ফলত মুহূৰ্ততে বিধ্বস্ত হয় তালুকদাৰ সহ আন এটা পৰিয়ালৰ বাসগৃহ ৷

আগন্তুক বাৰিষাৰ পূৰ্বে ভূমিস্খলনৰ দৰে সংঘটিত হোৱা এনে ঘটনাই এতিয়া শংকিত কৰি তুলিছে কৃষ্ণনগৰবাসী ৰাইজ ৷ ইতিমধ্যে ঘটনাস্থলীত চানমাৰি আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অবৈধ খনন চলোৱা পৰিয়ালৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে স্থানীয় লোকক ৷

Exit mobile version