Fake Gomochas Sent From Gujarat:গুজৰাটৰ পৰা প্ৰেৰণ নকল গামোচা !

হাতে বোৱা বুলি অসাধু ব্যবসায়ীয়ে বিক্ৰী কৰে, অবৈধ বেহা প্ৰতিৰোধত নির্লজ্জভাবে ব্যর্থ সংশ্লিষ্ট সকলো কর্তৃপক্ষ, বিহুৰ প্রাকক্ষণতহে সক্রিয়তা প্রদর্শন

file foto

Fake Gomochas Sent From Gujarat:

অসমৰ ফুলাম গামোচাৰ মৌলিক পৰিচয় ধ্বংসৰ ষড়যন্ত্রত লিপ্ত হৈছে গুজৰাটৰ ব্যৱসায়ী। অসমীয়া নৱবর্ষ তথা ৰঙালী বিস্তৃত প্রতিজন অসমীয়াই অতি আদৰেৰে লোৱা বিহুৱানখনৰ মূল পৰিচয় হ’ল ফুলাম গামোচা। স্বকীয়তাৰে ভৰা গামোচাখনৰ এই পৰিচয় অক্ষুন্ন ৰখাৰ বাবে জিআই স্বীকৃতিও প্রদান কৰা হৈছে। তাৰ পাছতো সুৰক্ষিত হোৱা নাই ফুলবছা গামোচাৰ গৌৰৱময় পৰিচয়।

চৰকাৰেও অসময় বহিঃৰাজ্যত মেচিনত প্রস্তুত কৰা গামোচা নিষিদ্ধ কৰিছে ৷, কিন্তু জিআই স্বীকৃতি, চৰকাৰৰ নিষেধাজ্ঞাকো অংগুষ্ঠ দেখুৱাই ৰাজ্যত বিক্রী হৈছে বহিঃৰাজ্যত পাৱাৰলুম তথা মেচিনত প্রস্তুত কৰা গামোচা। ফলত হস্ততাঁত বস্ত্রশিল্প বিভাগে বিহুৰ বতৰত ৰাজ্যজুৰি অব্যাহত ৰাখিছে এনে গামোচাৰ বিৰুদ্ধে অভিযান।

বাণ্ডিলে বাণ্ডিলে ৰাজ্যৰ চৌদিশে জব্দ হৈছে বহিঃৰাজ্যৰ গামোচা। জিআই স্বীকৃতি লাভৰ পাছত সেই সামগ্রীৰ নকল বিক্ৰী নিষিদ্ধ হৈ পৰে। তৎসত্ত্বেও ৰাজ্যত কিদৰে তেনে নকল গামোচাৰ বিক্ৰী ব্যাপক ৰূপত অব্যাহত আছে, সেয়াহে গভীৰ ৰহস্য বিষয় ৷ বহি:ৰাজ্যৰ গামোচাৰ প্ৰৱেশত প্ৰতিৰোধ কৰাত সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ যে ব্যর্থ হৈছে, এয়া তাৰেই প্রমাণ।

পূর্বে পশ্চিমবংগ, দক্ষিণ ভাৰত আদিৰ পৰা পাৱাৰলুমত প্রস্তুত কৰা গামোচা যথেষ্ট পৰিমাণে অসমলৈ আহিছিল। হস্ততাঁত বস্ত্রশিল্প বিভাগৰ সূত্রই জনোৱা মতে, এতিয়া বেছিভাগ গামোচা আহে গুজৰাটৰ পৰা। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যৰ পৰা অহা এনেবোৰ গামোচা জব্দৰ অভিযান সম্প্রতি চলিছে। ৰঙালী বিহুৰ আগমুহূৰ্তত অকল গুৱাহাটীতে মাত্ৰ কেইদিনমানৰ ভিতৰত জব্দ কৰা হৈছে ৩৬০খনতকৈও অধিক বহিঃৰাজ্যৰ গামোচা।

বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি, এই সময়ত তেওঁলোকৰ অভিযান চলে বাবেই ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ গামোচা অতি সতর্কতাৰে বিক্ৰী কৰে। সেয়েহে জব্দ কৰা গামোচাৰ সংখ্যা তুলনামূলকভাবে কম হ’লেও যোগানৰ পৰিমাণ স্বাভাৱিকতে যথেষ্ট বেছি হ’ব। কামৰূপ মহানগৰৰ সমান্তৰালকৈ ৰাজ্যৰ প্রতিখন জিলাতে দৈনিক জব্দ হৈছে পাৱাৰলুমৰ শ শ গামোচা। উল্লেখ্য যে এই অভিযান হস্ততাঁত বস্ত্রশিল্প বিভাগে জিলাবোৰত নিজাববীয়াকৈ চলায়।

তথ্য অনুসৰি, অসমৰ শিপিনীৰ হাতে বোৱা যিখন গামোচা এশ টকাত বিক্রী হয়, পাৱাৰলুমত প্রস্তুত কৰা একে ধৰণৰ গামোচা ব্যৱসায়ীসকলে আধা দামতে বিক্ৰী কৰিব পাৰে। বহু গ্রাহকে গামোচা এখন পাৱাৰলুম নে হাতে বোৱা ধৰিবও নোৱাৰে। তাৰেই সুযোগ লয় একাংশ ব্যৱসায়ীয়ে।

তেওঁলোকে পাৱাৰলুমত প্রস্তুত কৰা গামোচাকে অসমত হাতে বোৱা বুলি গ্ৰাহকক বিভ্রান্ত কৰে। গ্রাহকেও মূল্য কম হোৱাত সেই গামোচাকেই ক্রয় কৰে। বহু গ্রাহকে আকৌ বাধ্য হৈয়ো বহিঃৰাজ্যৰ গামোচা ক্রয় কৰে।

উল্লেখ্য যে সূতাৰ মূল্য বৃদ্ধি আৰু মধ্যভোগীৰ প্রকোপত হাতে বোৱা গামোচাৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে। উদাহৰণ স্বৰূপে ফুলবছা ডিঙিত লোৱা সাধাৰণ গামোচা এখনৰ মূল্য বজাৰভেদে ডেৰশ টকা পর্যন্ত বৃদ্ধি হৈছে। ডাঙৰ আকাৰৰ পিন্ধিব পৰা গামোচাৰ মূল্য বৃদ্ধি হৈছে তিনিশ টকা পর্যন্ত।

ইমান দখত বহু গ্রাহকে গামোচা ক্রয় কৰিবলৈ সক্ষম নহয়। ফলত তেওঁলোকে বাধ্য হৈয়ো বহিঃৰাজ্যৰ গামোচা ক্রয় কৰিবলগীয়া হয়। এনেদৰে ৰাজ্যৰ বজাৰত জিআই স্বীকৃতি লাভ কৰা গামোচাৰো নকল ৰূপ বিক্রী হৈ আছে। তাৰ বিৰুদ্ধে জব্দৰ পৰিমাণ যথেষ্ট কম হোৱা বুলি বিভাগীয় সূত্রই জনায়। ইয়াৰ যুক্তি দর্শাই বিভাগীয় সূত্রই কয় যে তেওঁলোকে অভিযান চলোৱাৰ আগতে ব্যবসায়ীসকলে বহিঃৰাজ্যৰ গামোচা লুকুৱাই থয়।

কাৰণ পাৱাৰলুমৰ গামোচা বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে ‘হেণ্ডলুম ৰিজার্ভেছন এক্ট, ১৯৮৫’ৰ অধীনত গোচৰ ৰুজু হয়। প্রসংগক্রমে উল্লেখ্য যে ফাঁচি বজাৰত ১১খন দোকান আৰু ১৪খন ফুটপাথৰ বিপণীত অভিযান চলোৱা হয়। এইবোৰৰ পৰা মাত্র ৫৮খন পাৱাৰলুমৰ গামোচা জব্দ কৰা হয়।

এই ধৰণৰ অভিযানৰ সন্দৰ্ভত কামৰূপ মহানগৰ আৰু কামৰূপৰ হস্ততাঁত বস্ত্রশিল্প বিভাগৰ সহকাৰী সঞ্চালক নিশিকান্ত শর্মাই কয় যে তেওঁলোকৰ এই ধৰণৰ অভিযান গোটেই বছৰজুৰি চলে যদিও বিহুৰ সময়ত বিশেষভাৱে চলোৱা হয়। কাৰণ ৰঙালী বিহুৰ আগমুহূতত গামোচা আটাইতকৈ বেছি বিক্রী হয়। বিষয়াজনে জনায় যে কামৰূপতো নিয়মীয়াকৈ চলাই থকা অভিযানত পাৱাৰলুমৰ গামোচা জব্দ হৈছে।

Exit mobile version