Akrsu Pressmeet:ভণ্ড নেতাৰ পৰা সাৱধান, বিবেক ভোটৰ আহ্বান আক্ৰাছুৰ

akrasu

Akrsu Pressmeet:

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনসহ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ প্রতিশ্রুতি দি নির্বাচনী বৈতৰণী পাৰ হোৱা বিজেপিয়ে সমস্যা সমাধানৰ নামত অনুষ্ঠিত কৰা আলোচনাক নাটক আখ্যা দিছে আক্রাছুৱে।

গোসাইগাঁও প্রেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ সম্পাদক সুনাধৰ ৰায়ে কয় যে বিগত ২০১৪ৰ নির্বাচনত প্রধানমন্ত্রী স্বয়ং নৰেন্দ্র মোদীয়ে কোচ বাজবংশী জনগোষ্ঠীক দিয়া প্রতিশ্রুতি ১০ বছৰে কার্যকৰী নকৰাত বিজেপি চৰকাৰৰ এই প্রতিশ্রুতিক মিথ্যাচাৰ আৰু নাটক বুলি অভিহিত কৰি আক্ৰাছুৱে কোচ ৰাজবংশী জনগোষ্ঠীলৈ মুকলি আহ্বান জনাইছে। সংবাদমেলত সাধাৰণ সম্পাদক ৰায়ে কয়, ‘নির্বাচন আহিলেই বিজেপিয়ে কোচ ৰাজবংশী জনগোষ্ঠীক ভোটৰ লালসাত ভুৱা প্রতিশ্রুতি আৰু আশ্বাস দি আছে।

অসমৰ বৃহৎ জনগোষ্ঠীৰ যি মূল সমস্যা, সেই সমস্যা সমাধানৰ নামত চৰকাৰে বাৰে বাবে প্রতাৰণা কৰি আহিছে। কোছ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিয়ে কোচ ৰাজবংশীসকলক বিভিন্ন গোটত বহুধা বিভক্ত কৰি ৰাজনৈতিক সুবিধা আদায় কৰিবলৈ নিকৃষ্টতম পন্থা অবলম্বন কৰিছে।

প্রতিবাৰে নির্বাচনৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীক ৰামঠগন দিয়ান পৰিপ্রেক্ষিতত এইবাৰ নির্বাচনৰ পূর্বেই চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছিল, কিন্তু কোছ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰৰ তিলমানো সদিচ্ছা আৰু সহানুভূতি পৰিলক্ষিত নহ’ল।’

তেওঁ লগতে কয় যে বিগত সময়ত কংগ্রেছ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্রততৰণা কৰি অহাৰ দৰেই বিজেপি চৰকাবেও ক্ষমতাত বহিলেই ছমাহৰ ভিভবত সমস্যা সমাধান কৰিবলৈ প্রদান কৰা প্রতিশ্রুতি ভেকোভাওনাত পৰিণত হৈছে। যাৰ পৰিপ্রেক্ষিতত নির্বাচনৰ পূর্বে কংগ্রেছ আৰু বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল, কিন্তু কোনো এটা দলেই কোছ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ সদিচ্ছা প্রকাশ কৰা দেখা নগ’ল।

ইমানৰ পাছতো কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ ভণ্ড নেতাই তলে তলে বিজেপিৰ পৰা শকত ধনৰ টোপোলা লৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভেটি বিক্রী কৰিবলৈ বিভিন্ন অঞ্চলত প্রচাৰ চলাই গৈছে বুলি ৰায়ে কয়। তেওঁ কয়, ‘কোচ ৰাজবংশী জনগোষ্ঠীৰ তথাকথিত ছদ্মবেশী নেতাসকলে কোচ ৰাজবংশী জনগোষ্ঠীক বিজেপিৰ ওচৰত বন্ধকত থৈ ভোট বিক্রীৰ ঠিকা লোৱাসকলৰ পৰা সাৱধানে থাকিব লাগিব কোচ ৰাজবংশী জনগোষ্ঠীটোৱে।’

Exit mobile version