Tamilnadu:পোছাকৰ মাজতে দেহত আছিল ১৪ লাখ টকা

নির্বাচনৰ পৰিৱেশতে তামিলনাডুত গ্ৰেপ্তাৰ বাছযাত্ৰীক

money seized

Tamilnadu:

নির্বাচনমুখী কেৰালালৈ যাত্ৰা কৰাৰ সময়তে এজন বাছযাত্রীক গ্ৰেপ্তাৰ কৰিলে তামিলনাডুত। উক্ত বাছযাত্ৰীৰ দেহত পোছাকৰ আঁৰত আছিল ১৪,20,000  টকা। অভিযুক্তৰ নাম ভিনু।

বাছৰে কেৰালালৈ যোৱাৰ সময়ত তালাচী চলোৱাত বিষয়াৰ দৃষ্টিগোচৰ হৈছিল ভিনুৰ অস্বাভাৱিক পোছাক। লগে লগে বাছৰ পৰা নমাই আনি ভিনুৰ তালাচী লৈছিল আৰক্ষীয়ে। লগে লগে পোছাকৰ আঁৰত ভিনুৱে লুকুৱাই অনাত লাখ লাখ টকাৰ নোট ধৰা পেলালে আৰক্ষীয়ে।

নির্বাচন বিধি অনুসৰি দুজন ব্যক্তিয়ে নগদ ৫০ হেজাৰ টকাতকৈ অধিক ধন কঢ়িয়ালে যাৱতীয় নথিপত্ৰ ৰাখিব লাগিব। কিন্তু ধৃত ভিনুৱে কোনো নথিপত্র অবিহনে নগদ ১৪ লাখ টকা লৈ নিৰ্বাচনৰ বতৰত তামিলনাডুৰ পৰা কেৰালালৈ যাত্রা কৰিছিল। নির্বাচনী বিধি ভংগৰ অভিযোগত আৰক্ষীয়ে ভিনুক গ্ৰেপ্তাৰ কৰে।

Exit mobile version