Karimgang:লোকসভা নিৰ্বাচনৰ বাবে কৰিমগঞ্জ প্ৰশাসনে ছীল কৰিলে ভাৰত-বাংলা সীমান্ত

মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী 

karimganj

Karimgang:

লোকসভা নিৰ্বাচনত বাংলাদেশী দুষ্কৃতিকাৰীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ লগতে শান্তিপূৰ্ণভাৱে নিৰ্বাচনৰ অন্ত পেলাবলৈ ভাৰত বংগ কৰিমগঞ্জ জিলাৰ সীমান্ত ছীল কৰিছে প্ৰশাসনে। সীমান্তত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী ।

আৰু মাত্ৰ এদিন পিছত ভাৰতত দ্বিতীয় পৰ্যায় সংসদীয় নিৰ্বাচনৰ ।  মঙলবাৰে সমাপ্ত হয় নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা সমগ্ৰ জিলাখনত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। শান্তি-শৃংখলা বজাই ৰাখিবলৈ প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে প্ৰশাসনে সৰ্বাত্মক প্ৰস্তুতি চলাইছে।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰীয়া অঞ্চলত ভোটগ্ৰহণৰ সময়ত যাতে ভোটগ্ৰহণ সঠিকভাৱে কৰা হয় সেই ক্ষেত্ৰত নিৰ্বাচন আয়োগে  সীমান্ত অঞ্চলত সুচাৰুৰূপে ভোটদানৰ সন্দৰ্ভত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। নিৰ্বাচন আয়োগে  ক’লা ধন, অপৰাধীক লৈও অতিৰিক্ত সতৰ্কবাণী জাৰি কৰা হৈছে নিৰ্বাচনৰ সময়ত সীমান্তত অতিৰিক্ত সতৰ্কতাৰ ব্যৱস্থা কৰা হৈছে বহিঃৰাজ্য আৰু অনুপ্ৰৱেশকাৰীক এই আন্দোলনত বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে। কৰিমগঞ্জৰ সীমান্তৱৰ্তী অঞ্চলত আছে প্ৰায় ৮০টা ভোটকেন্দ্ৰ। ইতিমধ্যে  জিলাখনৰ আৰক্ষী অধীক্ষকে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে সম্পূৰ্ণ হোৱাৰ পূৰ্বে সকলো ভোটকেন্দ্ৰ পৰিদৰ্শন কৰিছে।

নিৰ্বাচনৰ সময়ত বা ইয়াৰ পূৰ্বে দুয়োখন দেশে উমৈহতীয়া সীমান্তত সতৰ্কতা বৃদ্ধি কৰিবলৈ সন্মত হৈছে। বাংলাদেশ সীমান্তত সেনাৰ লগতে বিজিবিকো সতৰ্ক কৰি দিয়া হৈছে। ইতিমধ্যে সীমান্তত কঠোৰ চোৰাংচোৱাগিৰি আৰম্ভ কৰিছে বি এছ এফে। সীমান্ত জিলা কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ সীমান্তত বি এছ এফে হাই এলাৰ্ট জাৰি কৰিছে।

জিলাখনৰ ভাৰত-বাংলাদেশৰ গাতে লাগি থকা সকলো অঞ্চল ছীল কৰা হৈছে। জল সীমান্ততো কঠোৰ নজৰ ৰখা হৈছে। আন্তঃৰাষ্ট্ৰীয় জলপথত বিশেষ সতৰ্কতাৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচনৰ সময়ত যাতে কোনেও সীমান্ত পাৰ হৈ ভাৰতলৈ আহিব নোৱাৰে তাৰ বাবে বি এছ এফে সতৰ্ক স্থিতি গ্ৰহণ কৰিছে।

দুয়োখন দেশৰ মাজত অনুপ্ৰৱেশ ৰোধ কৰিবলৈ বি এছ এফে কাঁইটীয়া তাঁৰৰ সীমান্তৰ ওপৰত অতিৰিক্ত বাহিনী মোতায়েন কৰিছে।কাঁটা তাঁৰ সিপাৰে ৭ খন গাঁৱৰ মানুহে ভোট দিব। বি এছ এফে জিলা নিৰ্বাচনী চৰকাৰী কাৰ্যালয়ৰ পৰা তেওঁলোকৰ চিত্ৰাঙ্কিত ভোটাৰ তালিকা প্ৰদান কৰিছে। বি এছ এফেও তেওঁলোকৰ সমৰ্থন লৈ আগবাঢ়ি আহিছে।

Exit mobile version