Khalistani leader Amritpal Singh will contest The Lok Sabha Elections From Jail:ডিব্ৰুগড় কাৰাগাৰত কাৰাৰুদ্ধ খালিস্তানী নেতা অমৃতপাল সিঙ সাজু ভোটযুদ্ধলৈ

পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কাৰাৰুদ্ধ খালিস্তানী নেতাজনে

amrit paul singh

Khalistani leader Amritpal Singh will contest The Lok Sabha Elections From Jail:

জে’লৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব কাৰাৰুদ্ধ খালিস্তানী নেতা অমৃতপাল সিং ।পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কাৰাৰুদ্ধ খালিস্তানী নেতাজনে ৷

ইতিমধ্যে এই কথা সদৰি কৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙৰ অধিবক্তা ৰাজদেৱ সিংহ খালচাই ৷

উল্লেখ্য যে, অমৃতপাল সিঙ বাৰিছ পঞ্জাব দেৰ প্ৰতিষ্ঠাপক ৷ যিটো সংগঠন খালিস্তান অন্যতম সমৰ্থক ৷ খালিস্তানৰ সমৰ্থনত বিভিন্ন কাম-কাজ অব্যাহত থকাৰ অভিযোগত অমৃতপাল সিঙক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰথমে পঞ্জাৱৰ এখন জে’লত ৰখা হৈছিল যদিও পিছত সুৰক্ষাজনিত কাৰণত অমৃতপাল সিঙক যোৱাবৰ্ষৰ শেষৰফৰলে পঞ্জাৱৰ জে’লৰ পৰা স্থানান্তৰিত কৰা হৈছিল ডিব্ৰুগড়লৈ কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ তেতিয়াৰ পৰাই আছে ডিব্ৰুগড়লৈ কেন্দ্ৰীয় কাৰাগাৰত

Exit mobile version