Helicopter:নিৰ্বাচনী প্ৰচাৰাভিযানৰ মাজতে অঘটন !

হেলিকপ্টাৰৰ পৰা হঠাতে উজুতি খাই পৰিল মুখ্যমন্ত্ৰী

mamata beng

Helicopter:

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ব্যাপক কুজকাৱাজৰ মাজতে সকলো ৰাজনৈতিক দল উবুৰি খাই পৰিছে প্ৰচাৰাভিযানত ৷ ইয়াৰ মাজতে চুবুৰীয়া এখন ৰাজ্যত সংঘটিত হয় এক অঘটন ৷ নিজ দলৰ প্ৰাৰ্থীৰ হৈ আয়োজন কৰা এখন জনসভাত অংশ গ্ৰহণৰ বাবে হেলিকপ্টাৰত উঠিবলৈ গৈ ভিতৰত উজতি খালে মুখ্যমন্ত্ৰী গৰাকী ৷

মুখ্যমন্ত্ৰী গৰাকী হ’ল চুবুৰীয়া পশ্চিমবংগৰ মমতা বেনাৰ্জী ৷ দুর্গাপুৰৰ পৰা আছনছোলৰ কুলটিত টিএমচিৰ এখন জনসভাত ভাগ ল’বলৈ গৈ দুৰ্গাপুৰত হেলিকপ্টাৰৰ ভিতৰত উজুতি খোৱাৰ ফলত সামান্য পৰিমাণে ভৰিত আঘাতপ্রাপ্ত হয় মুখ্যমন্ত্ৰী গৰাকী ।

উল্লেখ্য যে,দুৰ্ঘটনাটি সংঘটিত হয় হেলিকপ্তাৰখনৰ চিৰিত উঠি ভিতৰৰ ছিটত বহিবলৈ লওতেই ৷ অৱশ্যে কিছু সময় পিছতে দূৰ্গাপুৰৰ পৰা কুলটিলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী গৰাকী।

Exit mobile version