WhatsApp Could Soon Be Banned In India:শীৰ্ঘেই ভাৰতত নিষিদ্ধ হ’ব পাৰে হোৱাটচআপ (WhatsApp) !

দিল্লী উচ্চ ন্যায়ালয়ক সতর্কবাণী দিলে হোৱাটচআপ-এ

whatsaap

WhatsApp Could Soon Be Banned In India:

আপুনি ব্যৱহাৰ কৰি থকা হোৱাটচআপ শীৰ্ঘেই ভাৰতত হ’ব পাৰে নিষিদ্ধ ৷ ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ক এই কথা সদৰি কৰিছে হোৱাটচআপ(WhatsApp) এ।
উল্লেখ্য যে, মেটাৰ কোম্পানীয়ে দিল্লী উচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰৰ শুনানিত অংশ লৈ হোৱাটআপে তেওঁলোকৰ সিদ্ধান্তৰ কথা আদালতত জনায় ।

মনকৰিবলগীয়া যে,ভাৰতৰ প্ৰচলিত তথ্য প্রযুক্তি আইন অনুসৰি, ভাৰতত নিৰাপত্তাজনিত কেতবোৰ কাৰণৰ বাবেই হোৱাটচআপৰ লগতে বহু মেছেজিং এপসমূহৰ চাট ডাটাত প্ৰৱেশ কৰিবলগীয়া হয় কিন্তু এও-টু-এও এনক্রিপচনৰ দ্বাৰা সেয়া সম্ভৱ নহয়। সেইবাবেই দিল্লী উচ্চ ন্যায়ালয়ে এই সকলোবোৰ মেছেজিং এপৰ এনক্রিপচন বাতিল কৰাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত হোৱাটচআপৰ মতামত জানিব বিচাৰিছিল।

ইয়াৰ পাছতে মেটা কোম্পানীটোৰ অধিবক্তাই আদালতক কয় যে , ‘যদি কোনো কাৰণত ভাৰতত হোৱাটচআপৰ এণ্ড টু এন্ড এনক্রিপচন বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে কোম্পানীয়ে ভাৰতৰ পৰা তেওঁলোকৰ হোৱাটচআপ সেৱা বন্ধ কৰিবলৈ বাধ্য হ’ব। অৰ্থাৎ ভাৰতৰ পৰা বিদায় ল’ব হোৱাটচআপ-এ ৷
এনেক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰি থকা বহু জনপ্ৰিয় এপ ‘হোৱাটচআপ’ ভাৰতৰ পৰা নোহোৱা হৈ পৰিব পাৰে ৷

মনকৰিবলগীয়া যে, ভাৰত সহ বিশ্বৰ বহু দেশৰ কোটি কোটি লোকে নিৰাপত্তাজনিত কাৰণত ব্যৱহাৰ কৰি আহিছে হোৱাটচআপ ৷ আনহাতে ভাৰতত এই এপৰ ব্যৱহাৰীৰ সংখ্যা ৪০ কোটিৰ বিপৰীতে বিশ্বত এই ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ১৫ বিলিয়ন ৷
এনেবোৰ কাৰণতে মেটা কোম্পানীয়ে ভাৰত সহ বিশ্বত এই এপ বাহাল ৰাখিছে যদিও ভাৰতত এই এপ আগন্তুক দিনত থাকে নে নেথাকে ৷ সেইয়া নিৰ্ভৰ কৰিব হোৱাটচআপ স্বতাধিকাৰ কোম্পানী ‘মেটা’ৰ ওপৰত ৷

Exit mobile version