Jorhat Municipal Tax Scam:
প্রশাসনিক দুৰ্বলতাৰ সুযোগ লৈ কৰ সংগ্ৰহৰ নামত যোৰহাট পৌৰসভাত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰি। এই ঘটনা পোহৰলৈ অহাৰ পাছতে আত্মগোপন কৰি আছে পৌৰসভাখনৰ অন্তৰ্গত ১৫ নম্বৰ ৱাৰ্ডৰ কৰ সংগ্ৰাহক ৰঞ্জন ৰাজখোৱা।
ইপিনে, যোৱা তিনি মে’ এই সন্দৰ্ভত যোৰহাট পৌৰসভাৰ তৰফৰ পৰা যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। উল্লেখ্য যে ১৫ নম্বৰ ৱাৰ্ডৰ কৰ সংগ্ৰাহক ৰঞ্জন ৰাজখোৱাই সংগ্ৰহ কৰা ১০ লক্ষাধিক টকা পৌৰ পুঁজিত জমা নিদি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি বিগত ২০২১ৰ পৰাই কৰ সংগ্রাহকজনে এই অনিয়ম সংঘটিত কৰি আহিছিল যদিও পৌৰ প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই সেই কথা পোহৰলৈ অহা নাছিল।
কিন্তু শেহতীয়াকৈ ৱার্ডটোৰ অন্তর্গত চুহম শ্বপিং মল নামৰ এক ব্যৱসায়িক প্রতিষ্ঠানে ব্যৱসায়িক অনুজ্ঞাপত্র নবীকৰণ কৰিবলৈ আহোতেহে ঘটনাটো পোহৰলৈ আহে। একে অনিয়ম সংঘটিত হৈ আছে কেজি নাৰ্ছিংহোমৰ ক্ষেত্রতো। এই দুই প্রতিষ্ঠানৰ পৰা অভিযুক্ত কৰ সংগ্ৰাহকজনে নিয়মীয়াকৈ কৰ সংগ্ৰহ কৰি আছিল যদিও সেই ধন পৌৰসভাত জমা দিয়াৰ পৰিৱৰ্তে আত্মসাৎ কৰি আহিছিল।
আত্মসাৎ কৰা ধনৰ পৰিমাণ সাত লাখ ৩৫ হেজাৰ চাৰিশ টকা বুলি প্রাথমিক তদন্তত পোহৰলৈ আহিছে যদিও সেই পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তিনি বছৰৰ সংগৃহীত কৰা ৰঞ্জন ৰাজখোৱাই পৌৰসভাত জমা দিয়া নাছিল।
উল্লেখ্য যে চুহম শ্বপিং মল নামৰ এক ব্যৱসায়িক প্রতিষ্ঠানটোৱে প্রতি তিনি মাহৰ মূৰে মূৰে ৭১ হেজাৰকৈ টকা পৌৰ কৰ আদায় দিয়ে। অনুৰূপ ধৰণে কে জি নাৰ্ছিংহোমও সম পৰিমাণৰ পৌৰ কৰ আদায় দিয়ে। এই দুই প্ৰতিষ্ঠানৰ উপৰি বৃহৎ সংখ্যক ব্যৱসায়িক আৰু আৱাসিক অঞ্চলৰ কৰ সংগ্ৰহৰ দায়িত্বত আছিল এই অভিযুক্ত কৰ সংগ্রাহকজন।
উল্লেখ্য যে পৌৰসভাখনৰ ১৯ টা ৱাৰ্ডত কৰ সংগ্ৰহৰ বাবে এজন টেক্স দাৰোগা আৰু ১৪ জন কৰ সংগ্ৰাহক আছে। কিন্তু ইমানখিনি থকাৰ পাছতো সঠিক নিৰীক্ষণ আৰু পৰিচালনাৰ অভাৱতে এই কেলেংকাৰি সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপিত হৈছে ।
ইপিনে, ১৫ নম্বৰ ৱাৰ্ডৰ ক্ষেত্রত হোৱা এই কেলেংকাৰি আন আন ৱাৰ্ডসমূহৰ ক্ষেত্ৰতো হ’ব পাৰে বুলি আশংকা প্রকাশ কৰিছে নগৰখনৰ কৰদাতা ৰাইজে। এইক্ষেত্ৰত চহৰ খনৰ সচেতন মহলে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৷