HS Result Announced:উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

নাথাকিল ৰেংকিঙ ব্যৱস্থা,কলাৰ শীৰ্ষত বাক্সা,বিজ্ঞানত তামুলপুৰ,বাণিজ্যত শিৱসাগৰ

ahsec result

HS Result Announced:

সকলো উৎকণ্ঠা অন্ত পেলাই আজি পুৱা ৯ বজাত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আঠটাকৈ ৱেবচাইট যোগে শিক্ষাৰ্থী সকলে লাভ কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে,শিক্ষা সংসদে ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত এক ঐতিহাসিক সিদ্ধান্ত লৈ সুদীৰ্ঘ ৩৭ বছৰৰ পিছত পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাৰাখিলে কোনো শীৰ্ষস্থান ৷ ১৯৮৬ চনৰ পৰা আছিল শীৰ্ষস্থানৰ ব্যৱস্থা ৷

আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হয় ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী।

আনহাতে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাৰ শীৰ্ষত বাক্সা ,বিজ্ঞানত তামুলপুৰ আৰু বাণিজ্যত শিৱসাগৰ ৷

মনকৰিবলগীয়া যে,তিনিওটা শাখাতে ২০২৩ বৰ্ষতকৈ চলিত বৰ্ষৰ ফলাফল যথেষ্ট সন্তোষজনক ৷ ২০২৩ বৰ্ষত কলা শাখাত উত্তীৰ্ণ হৈছিল ৭০.১২ শতাংশ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ ৭৯.৫৭ শতাংশ শিক্ষাৰ্থী ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছে সামাজিক মাধ্যম যোগে ৷

Exit mobile version