Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

PM Modi:যিবোৰ বিষয় চর্চালৈ নাহিল

#প্রাঞ্জলসেন ডেকা

publisher by publisher
May 27, 2024
in India, Assam, News
Reading Time: 1 min read
0
Loksabha Election2024:টেম্প’খন ক’ত ৰ’বগৈ?
2
SHARES
21
VIEWS
ShareShareShareShare

PM Modi:যিবোৰ বিষয় চর্চালৈ নাহিল

#প্রাঞ্জলসেন ডেকা

চলিত লোকসভা নিৰ্বাচনৰ অন্তিমটো ভোটগ্রহণ পর্ব বাকী থকাৰ সময়তে আসন্ন ফলাফলক লৈ দেশজুৰি ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে। দাবী কৰি অহাৰ দৰেই নৰেন্দ্ৰ মোদীয়ে চাৰিশৰ অধিক আসন আঁজুৰি আনি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ ক্ষমতা হস্তগত কৰিবলৈ সক্ষম হ’ব নে, তাৰ উত্তৰ বিচাৰি অব্যাহত আছে হিচাপ-নিকাচ। একাংশ বিশ্লেষকৰ মতে, আসনৰ সংখ্যাৰ কিছু হেৰফেৰ হ’লেও মোদীৰ পুনৰ ক্ষমতা দখলক লৈ সন্দেহৰ অৱকাশ নাই।

ADVERTISEMENT

আন একাংশৰ মতে, বিজেপি সংখ্যাগৰিষ্ঠতা লাভৰ পৰা আঁতৰত থাকিলেও এনডিএৰ অন্যান্য অংশীদাৰ দলৰ সহযোগত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। আনহাতে, আন একাংশই দাবী কৰি আহিছে যে মোদীৰ নেতৃত্বত বিজেপিয়ে এইবাৰ দলৰ পৰম্পৰাগত ভেটি উত্তৰ আৰু মধ্য ভাৰতৰ হিন্দী বলয়ৰ ৰাজ্যসমূহত যথেষ্ট ক্ষতিৰ সম্মুখীন হ’ব।

RelatedPosts

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

তাৰ বিপৰীতে পূৰ্বৰ দৰেই দাক্ষিণাত্যৰ ৰাজ্যসমূহতো বিশেষ সাফল্য লাভ নকৰে। বৰঞ্চ কৰ্ণাটক, মহাৰাষ্ট্ৰ আদি ৰাজ্যতো যিদৰে ক্ষতিগ্রস্ত হ’ব তাক অন্যান্য ৰাজ্যৰ ভোটেৰে পূৰণ কৰাটো সম্ভৱ নহ’ব। ফলস্বৰূপে বিৰোধী ইণ্ডিয়া মৰ্চাই এইবাৰ ক্ষমতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি সেইসকল বিশ্লেষকে ব্যাখ্যা দাঙি ধৰিছে।এই সকলো জল্পনা-কল্পনাৰ ওৰ পৰিব অহা চাৰি জুনৰ ফলাফলৰ দিনা। ঐক্য-ঐতিহ্য-পৰম্পৰাক অক্ষুণ্ণ ৰাখি ভাৰতক এখন বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ সক্ষম চৰকাৰ এখন গঠন হোৱাটোৱে দেশবাসীৰ কাম্য।

কিন্তু সেই দিশত প্রয়োজনীয় বিষয়সমূহক লৈ এইবাৰৰ নিৰ্বাচনত কোনো ধৰণৰ চৰ্চা বিশেষকৈ শাসক দলৰ তৰফৰ পৰা দাঙি ধৰাটো পৰিলক্ষিত নহ’ল। আশা কৰা হৈছিল যে বিগত এক দশক ধৰি দেশ শাসন কৰা প্রধানমন্ত্রী মোদীয়ে নির্বাচনত তেওঁৰ চৰকাৰৰ সাফল্য তথা দৃঢ় পদক্ষেপসমূহক দেশবাসীৰ সন্মুখত দাঙি ধৰি ভোট বিচাৰিব; অথচ দেশক গভীৰভাৱে ছুই যোৱা তেনেবোৰ বিষয় চৰ্চালৈয়ে নাহিল। তাৰ পৰিৱৰ্তে কেতবোৰ নাভূত-নাশ্রুত বিষয় দাঙি ধৰি আৰু চিৰাচৰিত বিভাজনৰ ৰাজনীতিৰেই ভোট বিচৰাত মোদী ব্যস্ত থাকিল। ফলস্বৰূপে তেওঁ নিজৰ চৰকাৰৰ উপলব্ধি সমূহক নস্যাৎ কৰাৰ লগতে এক সুস্থ নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ পৰম্পৰা গঢ়ি তোলাতো ব্যর্থ হ’ল।

বিগত কালছোৱাত মোদী চৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ যথেষ্ট দাবী কৰি আহিছে। ব্রিটেইনক চেৰ পেলাই ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিত পৰিণত হোৱাৰ উপৰি আগন্তুক কেইবছৰমানৰ ভিতৰত জাপান আৰু জার্মানীক ওফৰাই তৃতীয় স্থানত উপনীত হ’ব বুলি ব্যাপকভাৱে প্ৰচাৰ চলাই আহিছে। নির্বাচনী বৰ্ষৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে অহা ২০৪৭ত দেশৰ স্বাধীনতা লাভৰ শতবৰ্ষত ভাৰতক উন্নত দেশলৈ উন্নীত কৰাৰ শ্ল’গান দিবলৈ আৰম্ভ কৰে। ‘বিকশিত ভাৰত ২০৪৭’ শীর্ষক এই নতুন শ্ল’গানক অৱশ্যে বহুতেই মোদীৰ পূৰ্বৰ আন বহু ‘নির্বাচনী জুমলা’ৰেই অংশ বিশেষ বুলিয়ে ধৰি লৈছে।

লক্ষ্যণীয়ভাবে নির্বাচনী প্রচাৰত তেনে বিষয়সমূহ অদৃশ্য হৈ পৰিলেও মোদী চৰকাৰৰ এক দশকত দেশৰ আৰ্থিক পৰিস্থিতিক লৈ বিশ্লেষণ নোহোৱাকৈ থকা নাই। আপাতদৃষ্টিত মোদী চৰকাৰৰ কাৰ্যকালত আর্থিক বিকাশক লৈ কেতবোৰ দাবীৰ থল নথকা নহয় যদিও মৌলিক বিষয়সমূহত সি বিভিন্ন জটিল প্ৰশ্নৰ উদ্রেক ঘটায়। ১৪০ কোটি জনসংখ্যাৰ দেশখনৰ গৰিষ্ঠসংখ্যক লোকেই আজিও অন্ন-বস্ত্ৰ-বাসস্থান যোগাৰ কৰিবলৈ জীৱনপাত কৰিবলৈ বাধ্য হৈছে। স্বয়ং চৰকাৰেই দেশৰ ৮০ কোটিৰো অধিক দৰিদ্ৰ লোকক বছৰৰ পাছত বছৰ ধৰি ৰচদ যোগান ধৰিবলগীয়া হোৱাটোৱে চৰকাৰী সাফল্যৰ পৰিসংখ্যাসমূহক যে লঘু কৰি পেলায় তাৰ উল্লেখ নিষ্প্রয়োজন।

ইয়াৰ লগে লগে অৱধাৰিতভাৱে প্রশ্ন উত্থাপন হয় যে মোদী চৰকাৰৰ বিকাশৰ জৰিয়তে প্ৰকৃততে কোন, কিদৰে উপকৃত হৈছে? সন্দেহ নাই যে দেশত একপ্ৰকাৰৰ ডিজিটেল বিপ্লৱৰ সূচনা কৰি মোদী চৰকাৰে কেতবোৰ দিশত ইতিবাচক পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। ৰঙা ফিটাৰ মেৰপেছ তথা চৰকাৰী সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত দুর্নীতি হ্রাস কৰাটো সম্ভৱপৰ হৈছে। এক পৰিসংখ্যা অনুসৰি, ২০২১ পর্যন্ত ডিজিটেল ব্যৱস্থাৰ জৰিয়তে দেশৰ জিডিপিৰ ১.১ শতাংশ মূল্যৰ ধন ৰাহি কৰাটো সম্ভৱ হয়।

তেনেদৰেই দেশৰ প্ৰতিটো প্রান্ততে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য ধাৰাবাহিক গতিত দৃষ্টিগোচৰ হয়। ইয়াৰ জৰিয়তে আন্তঃগাঁথনিগত নির্মাণ উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। উন্নত মানৰ পথ, ৰেলপথ, বিমানকোঠ, বন্দৰ, মেট্র’ ৰেল আদিৰ নিৰ্মাণ মোদী চৰকাৰৰ উল্লেখনীয় কাৰ্য। যোৱা ১০ বছৰত দেশত ৫৪ হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি তোলা হৈছে।

ইয়াৰ বিপৰীতে আর্থিক দিশত গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে দেশৰ এক বৃহৎসংখ্যক লোকক যি মাধমাৰ শোধাইছে তাৰ পৰা তেওঁলোক আজিও মূৰ দাঙি উঠিব পৰা নাই। ২০১৬ৰ আকস্মিক বিমুদ্ৰাকৰণ, কৰ ব্যৱস্থাৰ শুধৰণিৰ নামত বলবৎ কৰা জটিল তথা ত্রুটিযুক্ত জিএছটি, কৰ’না মহামাৰীৰ সময়ছোৱাত পর্যাপ্ত পৰিকল্পনা আৰু প্রস্তুতি অবিহনেই তলাবন্ধৰ ঘোষণা আদিয়ে দেশৰ অৰ্থনীতিত দীর্ঘকালীন ক্ষতিকাৰক প্ৰভাৱ পেলায়।

ভাৰতৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ অসংগঠিত ক্ষেত্ৰৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় তথা উদ্যোগসমূহ প্রচণ্ড ক্ষতিৰ সম্মুখীন হয়। ইয়াৰ বিপৰীতে কর্মসংস্থাপন সৃষ্টিতথা নিয়োগৰ ক্ষেত্ৰতো মোদী চৰকাৰৰ ব্যৰ্থতাই যুৱ সমাজক হতাশগ্রস্ত কৰি তুলিছে। মর্যাদাসম্পন্ন ২৩ খন আইআইটিৰ পৰা উত্তীর্ণ ছাত্ৰ-ছাত্ৰীৰ ৩৭ শতাংশই কর্মসংস্থাপন লাভৰ পৰা বঞ্চিত হোৱাটোৱে ভাৰতত কর্মসংস্থাপনহীনতাৰ ভয়াৱহ ছবিখন স্পষ্ট কৰি তোলে। আন্তর্জাতিক শ্রম সংগঠনৰ প্ৰতিবেদন অনুসৰি, ২০০০ বৰ্ষত দেশত শিক্ষিত নিবনুৱাৰ হাৰ ৫৪.২ শতাংশৰ বিপৰীতে ২০২২ত ই ৬৫.৭ শতাংশলৈ বৃদ্ধি পায়।

অকল সেয়েই নহয়, ২০১৪ৰ পাছৰ পৰা ভাৰতত বিভিন্ন খণ্ডৰ কৰ্মচাৰীসকলৰ বেতনৰ উল্লেখনীয় বৃদ্ধি হোৱা নাই বুলিও প্রকাশ পাইছে। ফলস্বৰূপে ভাৰতে ইয়াৰ মানৱ সম্পদৰ লাভ হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে বুলিও বিশ্ব বেংকৰ অর্থনীতিবিদেই প্ৰকাশ কৰিছে। আনহাতে, ২০১৪ত প্রথমবাৰ কেন্দ্ৰত ক্ষমতা হস্তগত কৰাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ‘মেক ইন ইন্ডিয়া’ নামেৰে এক অভিলাষী অভিযান ঘোষণা কৰে। ভাৰতক বিশ্বৰ এক কাৰখানাত পৰিণত কৰাৰ লক্ষ্যৰেই এই অভিযানৰ পাতনি মেলা হ’ল যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ সাফল্য নগণ্য হৈয়ে ৰ’ল।

২০২০ত ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি ম’বাইল ইলেক্ট্র’নিকছ সামগ্রী নির্মাণকাৰী কোম্পানীক উৎসাহিত কৰাৰ লক্ষ্যৰে বৃহৎ পুঁজি চৰকাৰে ব্যয় কৰে যদিও সুফল লাভ কৰাটো সম্ভৱ নহ’ল। দুই-এটা কোম্পানীয়ে এই ক্ষেত্ৰত আগ্রহ প্রকাশ কৰে যদিও বৃহৎ পুঁজি বিনিয়োগৰ পৰা বিৰত থকাহে দৃষ্টিগোচৰ হয়। ফলস্বৰূপে উৎপাদন (মেন্যুফেকচাৰিং) খণ্ডত জিডিপিৰ হাৰ বিগত এক দশকত বৃদ্ধি নঘটিল। সেইবাবেই প্রধানমন্ত্রী মোদীৰ মুখতো এতিয়া আৰু ‘মেক ইন ইন্ডিয়া’ৰ কথা শুনিবলৈ পোৱা নাযায়।

চৰকাৰী বিভিন্ন দাবীৰ পাছতো ভাৰতৰ ৰপ্তানিৰ হাৰ বৃদ্ধি নোপোৱাটো এক উদ্বেগজনক দিশ বুলি স্বীকাৰ কৰি ল’বই লাগিব। সবাতোকৈ পৰিতাপৰ বিষয়টো হৈছে, শেহতীয়া সময়ছোৱাত দেশত আর্থিক বৈষম্যৰ অতি ভয়াবহ ৰূপ। ইতিপূর্বে এই সম্পর্কত এই কলমতে এক বিশ্লেষণ দাঙি ধৰা হৈছিল। জিডিপিৰ হিচাপত ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিত পৰিণত হ’লেও জনমুৰি আয়ৰ ক্ষেত্ৰত এতিয়াও ই বিশ্বৰ ১৪০ সংখ্যক স্থানতে থাকিবলগীয়া হোৱাটোৱে দেশৰ আর্থিক বিকাশৰ দাবীয়ে যে সাধাৰণ নাগৰিকক স্পর্শ কৰিব পৰা নাই, তাকেই স্পষ্ট কৰি তোলে; অথচ এই দেশতে শ শ কোটি টকা ব্যয়ৰে শীর্ষস্থানীয় উদ্যোগপতিৰ সন্তানৰ প্ৰাক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ বাদেই, বিশ্বৰ বহু আগশাৰীৰ উদ্যোগপতিৰ লগতে হলিউদৰ তাৰকাৰ সমাবেশেৰে আয়োজিত এনে অনুষ্ঠানে যে ভাৰতৰ ‘স্বর্ণকাল’ৰে ৰেঙণি দাঙি ধৰিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। অকল সেয়েই নহয়, সাম্প্রতিক ভাৰতত বিশ্বৰ অতি বিলাসী বাহন, ঘড়ী, সুৰা আদি প্রস্তুতকাৰী কোম্পানীৰ ব্যৱসায় সাধাৰণ নাগৰিকৰ ব্যৱহাৰ্য সামগ্রী উৎপাদনকাৰী কোম্পানীতকৈ বহুগুণে বৃদ্ধি পাইছে।

লক্ষ্যণীয় যে ভাৰতত অতি বিলাসী গৃহৰ বিক্ৰী বৃহৎ হাৰত বৃদ্ধি পাইছে। যোৱা ২০২৩ বিত্তীয় বর্ষত ৩.২৯ লাখ এনে গৃহ সম্পত্তি বিক্ৰীৰ বিপৰীতে সাধাৰণ লোকে ক্রয় কৰা গৃহৰ বিক্রী হ্রাস পাইছে। ইয়ে শেহতীয়া সময়ছোৱাত দেশত উদ্ভব হোৱা বৃহৎ আর্থিক বৈষম্যকে উদঙাই দিছে। উদাহৰণ স্বৰূপে ডিএলএফ নামৰ দেশৰ অগ্রণী ৰিয়েল ইষ্টেট কোম্পানীটোৱে দিল্লীৰ সমীপৱর্তী গুৰগ্ৰামত মাত্র তিনিদিনত ৫,৫৯০ কোটি টকাৰ বিনিময়ত ৭৯৫টা ফ্লেট বিক্রী কৰিছে। ইয়াৰ বিপৰীতে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত সাধাৰণ লোকে ক্রয় কৰা ফ্লেটব বিক্রী ৪৪ শতাংশ হ্রাস পাইছে। ২০২২৩ ১ ত,২৯০ এনে ফ্লেট বিক্ৰীৰ বিপৰীতে ২০২৩ ত ৭,৪৮৭ টা ফ্রেটহে বিক্রী হয়। বিগত পাঁচ বছৰত অতি বিলাসী ঘৰৰ বিক্রী সাত শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি হোৱাটোও উল্লেখনীয়।

এনে পৰিপ্রেক্ষিততে দেশত হেজাৰ হেজাৰ সৰু সৰু ব্যৱসায়-উদ্যোগৰ বিনিময়ত মুষ্টিমেয় বিশাল উদ্যোগপতিৰ পৰিয়াল গঢ়ি তোলা হৈছে বুলি একাংশই সমালোচনা কৰিছে। আনকি একাংশ বিশিষ্ট অর্থনীতিবিদে এইদৰেও মন্তব্য কৰিছে যে ভাৰত চৰকাৰে ‘ভৌতিক পুঁজি’ৰ সমান্তৰালভাবে ‘মানবীয় পুঁজি’ নির্মাণতো যথোচিত গুৰুত্ব প্রদান কৰা উচিত। ইয়াৰ এটি সৰু উদাহৰণ দাঙি ধৰা হৈছে এই তথ্যৰ জৰিয়তে যে ভাৰতত ১৪ৰ পৰা ১৮ বছৰ বয়সৰ এক চতুর্থাংশ ছাত্র- ছাত্রীয়ে অতি সাধাৰণ বাক্য এটিও খোকোজা নলগাকৈ পঢ়িবলৈ সক্ষম নহয়। সেয়েহে আন্তঃগাঁথনি নির্মাণৰ সমান্তৰালভাবে মানব সম্পদক উপযুক্তভাবে গঢ়ি তুলিব নোৱাৰিলে ভাৰতে কাংক্ষিত ফল লাভত যে সফল নহ’ব তাত সন্দেহ নাই।

এইখিনিতে তান এক উদ্বেগজনক তথ্য প্রকাশ পাইছে ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া প্রতিবেদনত। সম্প্রতি ভাৰতত ঘৰুৱা সঞ্চয় বিগত ৪৭ বছৰৰ আটাইতকৈ নিম্নস্তৰত উপনীত হৈছে। কোনো এটি পৰিয়ালৰ মূল ধন আৰু বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ প্ৰা তেওঁলোকৰ ঋণৰ পৰিমাণ বাদ দিলে যি ধন বৈ যায় তাকে ঘৰুৱা সঞ্চয় বুলি কোৱা হয়। ২০২৩ বিত্তীয় বর্ষত এই ঘৰুৱা সঞ্চয় দেশ জিডিপিৰ ৫.৩ শতাংশলৈ হ্রাস পায়, যি ২০২২ত ৭.৩ শতাংশ আছিল। ইয়াকে লৈ একাংশ অর্থনীতিবিদে গভীৰ উদ্বেগ প্রকাশ কৰিছে; কিয়নো এই সময়ছোৱাতে ঘৰুৱা ঋণৰ পৰিমাণ ভয়াৱহ হাৰত বৃদ্ধি পাইছে। এই ঋণ জিডিপিৰ ৫.৮ শতাংশ হৈছে, যি ১৯৭০ৰ পাছত দ্বিতীয় সর্বাধিক। ঋণ আৰু সুদ পৰিশোধত উপাৰ্জনৰ অধিক ধন ব্যয় কৰিবলগীয়া হোৱা হেতুকে পৰিয়ালসমূহৰ ঘৰুৱা সঞ্চয় হ্রাস পাইছে।

অৱশ্যে বিত্ত মন্ত্রণালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰে ইয়াক লৈ চিন্তিত হ’বলগীয়া একো নাই বুলি দাবী কৰিছে। চৰকাৰৰ মতে, বজাৰত সহজলভ্য ঋণ উপলব্ধ হোৱা হেতুকে বহু লোকে সেই ঋণ গ্রহণ কৰি গৃহ, বাহন ক্রয়ৰ লগতে সন্তানৰ শিক্ষা আদিত ব্যয় কৰিছে। সেই বাবেই মোদী চৰকাৰৰ দশকজোৰা আর্থিক নীতি মুষ্টিমেয় উদ্যোগপতি-পুঁজিপতিৰ বাবেহে যে লাভজনক ৰূপে চিহ্নিত হৈছে সেয়া আজি আৰু লুকাই থকা নাই।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesLoksabha Election 2024PM Narendra ModiPranjalsen Deka
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d