Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

#প্রাঞ্জলসেন ডেকা

publisher by publisher
April 20, 2026
in News
Reading Time: 1 min read
0
Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

#প্রাঞ্জলসেন ডেকা

বিগত ১২ বছৰীয়া কাৰ্যকালত এই প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে উত্থাপন কৰা কোনো সংবিধান সংশোধনী বিধেয়ক সংসদত পৰাস্ত হ’ল। যোৱা শুকুৰবাৰে মহিলাৰ বাবে লোকসভা-বিধানসভাত আসন সংৰক্ষণ আৰু লোকসভাৰ আসন বৃদ্ধি আৰু তাৰ বাবে সমষ্টি পুনৰনিৰ্ধাৰণ সম্পৰ্কীয় বিধেয়ক লোকসভাত গৃহীত কৰাত চৰকাৰ ব্যৰ্থ হয়। দুদিন ধৰি লোকসভাত হোৱা জোৰদাৰ বিতৰ্কৰ অন্তত হোৱা ভোটত এই বিধেয়কৰ সপক্ষে ২৯৮ আৰু বিপক্ষে ২৩০ টা ভোট পৰে।

ADVERTISEMENT

বিধেয়ক গৃহীত কৰিবলৈ প্রয়োজন আছিল ৩৫২টা ভোটৰ। কিন্তু এই বিধেয়ক উত্থাপনৰ সময় আৰু ইয়াৰ আঁৰত চৰকাৰৰ উদ্দেশ্যক লৈ প্রশ্ন উত্থাপিত হৈ আহিছে। মহিলাৰ বাবে সংৰক্ষণৰ আঁৰ লৈ চৰকাৰে ৰাজনৈতিক অভিসন্ধি পূৰণৰ কৌশল হাতত লৈছে বুলি অভিযোগ তুলি বিৰোধীয়ে পূৰ্বৰ পৰা ইয়াৰ বিৰোধ কৰি আহিছিল। এনে পৰিপ্ৰেক্ষিতত লোকসভাত সংবিধান সংশোধনৰ বাবে প্রয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নথকা সত্ত্বেও এই বিধেয়ক উত্থাপনৰ আঁৰত প্রধানমন্ত্রী মোদী প্ৰমুখ্যে শাসক দলৰ উদ্দেশ্য সেয়েহে সন্দেহৰ আবর্তত সোমাই পৰে। শনিবাৰে নিশা প্রধানমন্ত্রী মোদীয়ে দেশবাসীক উদ্দেশ্যে দিয়া ভাষণতো তাৰ ইংগিত স্পষ্ট।

লক্ষ্যণীয় যে যোৱা ২০২৩ তে সংবিধানৰ ১২৮ সংখ্যক সংশোধনীৰ জৰিয়তে লোকসভা আৰু ৰাজ্যৰ বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰি সংসদত সর্বসম্মতিক্রমে বিধেয়ক গৃহীত হৈছিল। আগন্তুক লোকপিয়ল আৰু তাৰ পাছত হ’বলগীয়া সমষ্টি পুনৰ গঠনৰ পাছতহে ইয়াক কাৰ্যকৰী কৰাৰ ব্যৱস্থা ৰখা হৈছিল। ক’ভিডৰ বাবে স্থগিত ৰখা ২০২১তে হ’বলগীয়া লোকপিয়লৰ কাম অতি শেহতীয়াভাৱে আৰম্ভ হৈছে। কিন্তু হঠাতে মোদী চৰকাৰে সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰি উক্ত চর্ত দুটা আঁতৰাই ২০১১ৰ লোকপিয়লৰ আধাৰতে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে সমষ্টি পুনৰ গঠনৰ প্ৰস্তাৱ কৰে। চৰকাৰৰ এই প্ৰস্তাৱৰ বিৰোধ কৰি ইতিপূর্বে ২০২৩ তে গৃহীত আইন অনুসৰি বৰ্তমানৰ ৫৪৩ খন লোকসভাৰ আসনৰ ভিতৰতে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ তাৎক্ষণিকভাবে কাৰ্যকৰী কৰিবলৈ বিৰোধী দলসমূহে চৰকাৰক দাবী জনায়।

তদুপৰি ইতিমধ্যে আৰম্ভ হোৱা লোকপিয়লৰ তথ্য প্ৰকাশৰ পূৰ্বে সমষ্টিৰ পুনৰগঠন কৰিলে সমাজৰ বিভিন্ন বৰ্গৰ প্রতি অন্যায় কৰা হ’ব বুলি যুক্তি দাঙি ধৰে। লগতে পাঁচখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলৰ বিধানসভা নির্বাচন চলি থকা অৱস্থাত লোকসভাৰ বিশেষ কার্যসূচী আহ্বান কৰি তৎপৰতাৰে সংবিধান সংশোধনী বিধেয়ক উত্থাপনৰ প্ৰয়োজন কি বুলিও বিৰোধী নেতৃত্বৰ লগতে ৰাজনৈতিক তথ্যবিজ্ঞ মহলে প্রশ্ন উত্থাপন কৰে।

এই কথা দোহৰাৰ প্রয়োজন নাই যে জনসংখ্যাৰ আধাৰতে সমষ্টিসমূহৰ পুনৰগঠন কৰা হয়। ই এক সাংবিধানিক প্রক্রিয়া, যাৰ জৰিয়তে জনসংখ্যাৰ অনুপাতে সমষ্টিসমূহৰ সীমা সালসলনি কৰা হয় যাতে চৰকাৰী কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় হয় আৰু সংশ্লিষ্ট ৰাইজে কোনো ধৰণৰ বৈষম্যৰ সম্মুখীন হ’বলগীয়া নহয়।। এই প্রক্রিয়া সম্পন্ন কৰিবলৈ সমষ্টি পুনৰগঠন আয়োগ গঠন কৰা হয়। এই পর্যন্ত দেশত চাৰিবাৰকৈ ক্রমে ১৯৫২, ১৯৬৩, ১৯৭৩ আৰু ২০০২ত এই আয়োগ গঠন কৰা হৈছে। প্রতিবাৰেই লোকপিয়লৰ ফলাফল প্রকাশৰ পাছত আয়োগ গঠন কৰা হৈছিল।

ভাৰতীয় সংবিধানে এই আয়োগক যথেষ্ট ক্ষমতা আৰু স্বতন্ত্রতা প্রদান কৰিছে, যাৰ বাবে এই আয়োগৰ সিদ্ধান্তক আদালতত প্রত্যাহ্বান জনাব নোৱাৰি। ১৯৫২ত ৪৮৯ লোকসভা আসনৰ পৰা ১৯৭৩ত ৫৪৩ লৈ বৃদ্ধি পায়। ১৯৭৬ত তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে সংবিধান সংশোধনৰ জৰিয়তে সমষ্টি পুনৰগঠন প্রক্রিয়া ২৫ বছৰৰ বাবে স্থগিত কৰে। ইয়াৰ পৰৱৰ্তী পর্যায়ত ২০০১ৰ লোকপিয়লৰ অন্তত ২০০২ত সমষ্টি পুনৰ গঠন আয়োগ গঠন কৰা হয় যদিও তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে সংবিধান সংশোধন কৰি এই প্ৰক্ৰিয়াক পুনৰ ২৫ বছৰলৈ স্থগিত কৰে। এইবাৰৰ নতুন বিধেয়কত লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬ লৈ বৃদ্ধিৰ প্রস্তাৱ দিয়া হয়।

লোকসভাত এই বিধেয়ক খাৰিজ হোৱাৰ পাছৰে পৰা স্বয়ং প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিজেপিয়ে সংসদৰ বাহিৰে-ভিতৰে বিৰোধী দলসমূহক মহিলাৰ স্বাৰ্থৰ বিৰোধীৰূপে অভিযুক্ত কৰাৰ লগতে প্রতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে। মোদীয়ে এই বিধেয়ক পৰাস্ত কৰা কাৰ্যক ‘ভ্রূণ হত্যা’ৰ স’তে তুলনা কৰিছে। বিজেপিয়ে এই বিধেয়ক দেশৰ মহিলাক অধিকাৰ প্ৰদানৰ এক ঐতিহাসিক পদক্ষেপৰূপে দাবী কৰি আহিছে। মোদীয়ে ইয়াক দেশৰ দিশা আৰু দশা সলনি কৰিবলগীয়া বিধেয়ক আখ্যা দিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে নিজৰ ৰাজনৈতিক স্থিতি সুদৃঢ় কৰাৰ লক্ষ্যৰে লোকপিয়লৰ ফলাফল প্রকাশৰ পূৰ্বেই সমষ্টি পুনৰ গঠন কৰিবলৈ এনেদৰে মহিলা সংৰক্ষণক ঢাল কৰিছে বুলি বিৰোধীয়ে প্ৰথমৰে পৰাই সমালোচনা কৰি ইয়াৰ বিৰোধ কৰি আহিছে।

শাসক পক্ষই যিয়েই দাবী নকৰক, লোকপিয়লৰ পূৰ্বেই সমষ্টি পুনৰগঠনৰ আঁৰত যে ৰাজনৈতিক অভিসন্ধি লুকাই আছে, সেয়া ইতিমধ্যে স্পষ্ট ৰূপত ওলাই পৰিছে। কেবল তাক লুকুৱাই ৰাখিবলৈকে সমুখত মহিলা সংৰক্ষণৰ বিষয়টো আঁৰি দিয়া হৈছে অথচ সেই বিধেয়ক তিনি বছৰ পূর্বেই সর্বসম্মতিক্রমে গৃহীত হৈছে।

লক্ষ্যণীয় যে উক্ত বিধেয়ক আইনত পৰিণত হোৱাৰ অধিসূচনা চৰকাৰে হঠাতে এই বৃহস্পতিবাৰে মধ্যনিশাহে জাৰি কৰে সুদীর্ঘ তিনি বছৰৰ পাছত; অথচ তাৰেই সংশোধনীৰ বাবে আকৌ সংসদত বিধেয়ক উত্থাপন কৰা হৈছে। গতিকে এনেবোৰ ঘটনাই চৰকাৰৰ উদ্দেশ্যক অধিক সন্দেহৰ মাজলৈ ঠেলি দিয়াটোরে স্বাভাবিক। তাকেই আঙুলিয়াই দি বিৰোধী দলপতি বাহুল গান্ধীয়ে কৈছে যে এয়া মহিলা সংৰক্ষণ বিধেয়ক নহয়, ই হৈছে দেশৰ নিৰ্বাচনী মানচিত্র সলনিৰ ষড়যন্ত্র।

দেশৰ যিকোনো ধৰণৰ গুৰুত্বপূর্ণ সিদ্ধান্ত অথবা সংস্কাৰৰ ক্ষেত্ৰত ৰাজহুৱা বিতৰ্ক আৰু সহমত গঠনৰ প্ৰচেষ্টা জৰুৰী। চৰকাৰে বিৰোধীক বিশ্বাসত লৈ সহমতত উপনীত হোৱাৰ কোনো প্রচেষ্টা চলোৱা দৃষ্টিগোচৰ নহ’ল। তাৰ পৰিৱৰ্তে বিভিন্ন প্ৰকাৰে বিৰোধীৰ ওপৰত চাপ সৃষ্টিৰহে চেষ্টা চলিল। গতিকে বিধেয়ক ব্যর্থ হোৱাৰ পাছত বিজেপিয়ে বিৰোধী পক্ষক মহিলা বিৰোধী আখ্যা দিয়াৰ বিপৰীতে বিৰোধীয়ে দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি আৰু সংবিধানক চৰকাৰী আক্ৰমণৰ পৰা ৰক্ষা কৰিলে বুলি কৃতিত্ব দাবী কৰিছে।

যিহেতু সংবিধান সংশোধনীৰ বাবে প্রয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা চৰকাৰৰ নাই, সেয়েহে বিৰোধীৰ সহযোগ অবিহনে এই বিধেয়ক গৃহীত নোহোৱাটো নিশ্চিত আছিল। তদুপৰি এইবাৰ শেষ পর্যন্ত বিৰোধী নিজৰ স্থিতিত দৃঢ় আৰু ঐক্যবদ্ধ হৈ থাকিল ।সংসদত এনেদৰে বিধেয়ক এখন গৃহীত কৰাত ব্যর্থ হোৱাটো স্বাভাৱিকতে চৰকাৰৰ বাবে এক আঘাত। বিগত কিছু বছৰত দেশত মহিলাসকল এক পৃথক ভোটবেংকৰ ৰূপত চিহ্নিত হ’বলৈ ধৰিছে।

বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহে মহিলাসকলৰ বাবে নানাবিধ আঁচনি ৰূপায়ণ কৰি মহিলাসকলৰ ভোট আদায়ত সফল হৈছে। বিজেপিয়ে সেই মহিলা ভোটবেংক নিজৰ আয়ত্বলৈ নিবলৈ প্রচেষ্টা চলাই আছে। বিধানসভা নির্বাচনৰ মাজতে এনেদৰে মহিলা সংৰক্ষণৰ বিষয়টো চৰ্চালৈ অনাৰ আঁৰত তেনে উদ্দেশ্যও থাকিব পাৰে বুলি একাংশই ধাৰণা কৰে। কিন্তু বিধেয়কখন যিহেতু গৃহীত নহ’ল, গতিকে তামিলনাডুত ই গুৰুত্বপূর্ণ নির্বাচনী ইছ্যু হোৱাৰ সম্ভাবনা নাই; কিয়নো তামিলনাডুসহ দাক্ষিণাত্যৰ আটাইকেইখন ৰাজ্যই সমষ্টি পুনৰ গঠনৰ জৰিয়তে সংসদত তেওঁলোকৰ প্ৰতিনিধিত্ব হ্রাস কৰি উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ আধিপত্য বৃদ্ধিৰ ষড়যন্ত্র চলিছে বুলি অভিযোগ কৰি আহিছে।

আনহাতে, পশ্চিমবংগত শাসক দল তৃণমূল কংগ্রেছ এনে এটি দল, যাৰ মুৰব্বীয়েই কেৱল মহিলা নহয়; দেশৰে সৰ্বাধিক লোকসভাত ৩৮ আৰু ৰাজ্যসভাত ৪৬ শতাংশ মহিলাৰ প্রতিনিধিত্ব এই দলৰ। তদুপৰি স্থানীয় নিকায়সমূহতো মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষিত কৰি থৈছে। গতিকে পশ্চিমবংগতো বিজেপিৰ মহিলা বিৰোধী তৃণমূল শ্ল’গান কিমানদূৰ ফলপ্রসূ হ’ব সেয়া আগন্তুক দিনতহে স্পষ্ট হ’ব।

প্রধানমন্ত্রী মোদীয়ে দেশবাসীক দিয়া বার্তাক লৈও বিরূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে। নির্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তো মোদীয়ে চৰকাৰী মাধ্যম ব্যৱহাৰ কৰি কেৱল বিৰোধীক আক্রমণ কৰিছে। কংগ্রেছে আঙুলিয়াই দিছে যে ৩০ মিনিটৰ ভাষণত মোদীয়ে ৫৯ বাৰ কংগ্ৰেছৰ নাম লৈ অভিসন্ধি পুৰণত ব্যর্থ হোৱাৰ হতাশাকে প্রকট কৰিছে। সমুখত ভোটগ্রহণ থকা তামিলনাডু আৰু পশ্চিমবংগৰ শাসক দল ক্রমে ডিএমকে আৰু তৃণমূল কংগ্রেছকো প্রধানমন্ত্রীয়ে বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্য নজিৰবিহীন নিম্নস্তৰৰ আৰু ইয়াৰ পূৰ্বে কোনো প্রধানমন্ত্রীয়েই একে কার্য কেতিয়াও কৰা নাই বুলি সেয়ে সমালোচনাৰ জোৱাৰ উঠিছে।

লগতে প্রশ্ন উত্থাপিত হৈছে যে যদিহে বিজেপি ইমানেই মহিলাৰ বাবে আসন সংৰক্ষণত আগ্রহী, তেন্তে তিনি বছৰ পূৰ্বে গৃহীত হৈ থকা আইনখনৰ অধিসূচনাই জাৰি কৰা নাছিল কিয়? ইমানদিনে বিজেপিয়ে কোনটো নির্বাচনত মহিলাক ৩৩ শতাংশ প্রার্থিত্ব প্রদান কৰিলে? আইনলৈ বাট নাচাই কিয় বিজেপিয়ে প্রতিটো নির্বাচনত মহিলাক ৩৩ শতাংশ প্রার্থিত্ব প্রদান কৰি এক দৃষ্টান্ত স্থাপন কৰাৰ লগতে মহিলাপ্রেমী বুলি প্রমাণ নকৰিলে?

আনকি ২৯৪ আসন বিশিষ্ট পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনত মাত্র ৩৩ গৰাকী মহিলাকহে প্রার্থিত্ব প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছে ৫২ আৰু কংগ্ৰেছে ৩৯ গৰাকী মহিলাক প্রার্থিত্ব প্রদান কৰিছে।

গতিকে প্রতিকূলতাৰ বিষয়ে অৱগত হৈও মোদী চৰকাৰে এনেদৰে এই বিধেয়ক উত্থাপন কৰাৰ আঁৰত দৰাচলতে কিহে ক্রিয়া কৰিলে তাক লৈও প্রশ্ন ৰৈয়ে গ’ল। নে ৰাহুল গান্ধীয়ে আঙুলিয়াই দিয়াৰ দৰে কোনো বিশেষ কাৰণত নিজকে মহিলাৰ সপক্ষে বুলি প্ৰমাণ কৰিবলৈকে প্রধানমন্ত্রী মোদীয়ে ততাতৈয়াকৈ এনে পদক্ষেপ গ্রহণ কৰিলে ?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Editor's ArticlePranjalsen Deka
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d