Ganeshguri Ganesh Mandir:
বহিঃৰাজ্যৰ পৰা অহা আধা ডজন পুৰোহিতৰ মন্ত্রোচ্চাৰণ-হোম যজ্ঞৰে আজি মাজনিশা পর্যন্ত মুখৰিত হৈ ৰ’ল মহানগৰীৰ মাজমজিয়াৰ অসম বিধানসভা সচিবালয়ৰ সম্মুখত থকা গণেশ মন্দিৰ। সাধাৰণতে সন্ধিয়া আঠ বজাত গণেশ মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়াৰ পাছত মন্দিৰত নিস্তব্ধতা বিৰাজমান হয় যদিও আজি মাজনিশালৈ যাগ-যজ্ঞৰে বিঘিনি নাশক ধূম্রাবৰ্ণৰ পূজা-অর্চনা চলে।
সেয়েহে এই পূজাভাগক লৈ আজি গণেশ মন্দিৰত উৎসুকতাৰ সৃষ্টি হয়। সন্ধিয়া আঠ বজাৰ লগে লগে মন্দিৰৰ মূল দুৱাৰ অইন দিনাৰ দৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে বন্ধ কৰি দি নিশালৈ অব্যাহত থাকে হোম যজ্ঞ তথা পুৰোহিতৰ মন্ত্রোচ্চাৰণ। এনেদৰে প্রচলিত নিয়ম উলংঘা কৰি মন্দিৰ চৌহদত আৰক্ষীৰ টহল,ভালেসংখ্যক বছা বছা লোকৰ উপস্থিতিত অনুষ্ঠিত এই পূজাভাগক লৈ সেয়েহে বিভিন্নজনৰ মনত প্ৰশ্নৰ উদ্রেক হয়।
মন্দিৰ কমিটীৰ সূত্ৰই জনোৱা মতে, আজি সন্ধিয়াৰে পৰা গণেশ মন্দিৰত বিশেষ পূজা আয়োজন কৰা লোকজন হ’ল ৰাজ্যৰ এজন বহুচৰ্চিত ঠিকাদাৰ। মন্দিৰৰ এজন পুৰোহিতে জনোৱা মতে, অভীষ্ট সিদ্ধিৰ বাবে আজি এনেদৰে দাক্ষিণাত্যৰ পৰা বিশেষভাৱে অনা পুৰোহিতৰ দল এটাৰ হতুৱাই সমাপন কৰা হৈছে এই বিশেষ পূজাভাগ। পুৰোহিতৰ মতে, পূজাৰ আয়োজনৰ বাবে আজি সন্ধিয়াৰে পৰা সৰ্বসাধাৰণ ভক্তসকলৰ ক্ষেত্রত কেতবোৰ সীমাবদ্ধতা আৰোপ কৰা হয়। বিশেষকৈ গণেশ দেৱতাৰ মূৰ্তিৰ সোঁফালে থকা ভগৱান শিৱৰ মণ্ডপৰ সম্মুখতে স্থাপন কৰা যজ্ঞ কুণ্ডৰ বাবে মন্দিৰটোৰ ভিতৰভাগৰ একমাত্র গণেশ মূৰ্তিৰ সন্মুখভাগহে সাধাৰণ দর্শনার্থীৰ বাবে সীমিত কৰি ৰখা হয়।
উল্লেখ্য যে পূজাৰ আয়োজক ঠিকাদাৰজনে ইতিপূর্বে গুৱাহাটীৰ একাধিক বিশাল দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। সম্প্ৰতি আন এখন নির্মীয়মাণ উৰণীয়া সেতুৰো ঠিকা হস্তগত কৰিছে এইজন ঠিকাদাৰে। গণেশ মন্দিৰ দৰ্শন কৰিবলৈ অহা একাংশ ভক্তৰ মতে, ব্যক্তিগত পূজাভাগৰ বাবে সাধাৰণ দর্শনার্থীয়ে আজি সন্ধিয়াৰে পৰা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। ইফালে, মাজনিশালৈকে আৰক্ষীৰ পহৰাৰ মাজত এনেদৰে ৰাজহুৱা মন্দিৰটোত ব্যক্তি বিশেষৰ অভীষ্ট সিদ্ধিৰ বাবে আয়োজিত পূজা-অর্চনা দৃষ্টিকটু হৈ পৰিছে।