Assam Chah Mazdoor Sangha Pratest In Rangapara:ৰঙাপৰা বিভিন্ন চাহ বাগিচাৰ চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

চাহ বাগিচাৰ পৰিচালক সকলক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

mazdoor union

Assam Chah Mazdoor Sangha Pratest In Rangapara:

শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজৰ বিভিন্ন সমস্যাৰ দাবীত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে। উল্লেখ্য যে, নিম্নলিখিত দাবী সমূহক লৈ চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত বাগিচাই বাগিচাই এলানি ১ ঘণ্টীয়া ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো বাগিচা কতৃপক্ষই কোনো ধৰণৰ যাৱতীয়া ব্যৱস্থা গ্ৰহণ নকৰাত নিম্নলিখিত দাবী সমূহৰ ওপৰত খৰতকীয়া সমাধানৰ ব্যৱস্থা লবলৈ পুনৰবাৰ আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি অসম চাহ মজদুৰ সংঘৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটীয়ে জানিবলৈ দিয়ে।

ইপিনে অঞ্চলটোৰ বিভিন্ন বাগিচা পৰিচালকৰ কাৰ্য্যালয় সন্মুখত পুৱা ১ ঘণ্টীয়া ধর্ণা কাৰ্য্যসূচী ৰূপায়ণৰ কৰে । বাগিচা শ্রমিকে বসবাস কৰা জৰাজীৰ্ণ ঘৰ-দুৱাৰ, গা-ধোৱা ঘৰ, শৌচাগাৰ আদি মেৰামতিকৰণ কৰাৰ লগতে ঘৰ নথকা শ্ৰমিকৰ বাবে নতুনকৈ ঘৰ-দুৱাৰ, শৌচাগাৰ নিৰ্মান কৰি প্ৰতিটো শ্রমিক পৰিয়ালৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰত উল্লেখ কৰে।

তাৰোপৰি বাগিচাত থকা চিকিৎসালয় সমূহৰ উন্নতকৰণ কৰি ডাক্তৰ, নাৰ্চ, স্বাস্থ্যকর্মী, আৰু উপযুক্ত ঔষধ-পাতি আদি মজুত ৰখাৰ লগতে চিকিৎসাৰ মানদণ্ড উন্নত কৰাৰ দাবী উত্থাপনকৰে। লগতে অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুইটি, ভবিষ্যনিধি আদি আইনগত প্ৰাপ্য সমূহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই। বাগিচা সমূহত বিভিন্ন দায়িত্বশীল পদত নিয়োজিত শ্রমিক সকলক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক। ১-১-৬৯ চনৰ চুক্তি অনুযায়ী বাগিচা সমূহত স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বাহাল ৰখাৰ ব্যৱস্থা কৰা আদিৰ লগতে শ্ৰমিকৰ ঠিকা পাত চিঙা চুক্তিৰ ম্যাদ যিহেতু ইতিমধ্যে উকলি গৈছে।

গতিকে ঠিকা পাত চিঙা বিষয়টোৰ ওপৰত পুনৰ চুক্তি কৰাৰ ব্যৱস্থা কৰিবলৈ উল্লেখ কৰে । বাগিচাৰ শ্ৰমিক সকল বসবাস কৰা কোম্পানীৰ ঘৰসমূহ আৰু মাটি টুকুৰা শ্ৰমিক জনৰ নামত আবন্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰু মেকলয়ড ৰাছেল, এণ্ড্ৰয়েল আৰু অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিক সকলে দীৰ্ঘদিন ধৰি ভোগ কৰি থকা অভাৱ-অভিযোগ, তথা সমস্যা সমূহৰ তৎকালে সমাধানৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে ।

আনহাতে সংঘৰ পূৰ্বৰ ১১ দফীয়া দাবী সমূহৰ ভিতৰত সমাধা নোহোৱা দাবীসমূহ ৰূপায়ণ কৰা আদি বিভিন্ন দাবী সমূহৰ তৎকালীন সমাধানৰ ব্যৱস্থা লবলৈ দাবী জনায় বাগিচাৰ পৰিচালক সকলৰ হাতত এখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰৰ প্রতিলিপি অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী আৰু অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকক বিহিত ব্যৱস্থা গ্ৰহণাৰ্থে প্ৰেৰণ কৰে।

অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীৰ নেতৃত্বত অঞ্চলটোৰ সমুহ বাগিচাত পূৱা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয় আৰু স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সংঘৰ গাণনিক গজেন শইকীয়াৰ লগতে বিভিন্ন বাগিচাৰ সংঘৰ প্ৰাথমিক গোটৰ সভাপতি আৰু সম্পাদক সকলে অংশগ্ৰহণ কৰে।

Exit mobile version