Doctors Resign From State Medical Colleges:
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য দপ্তৰৰ দায়িত্ব লোৱাৰ পিছতে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ইজনৰ পিছত সিজনকৈ চিকিৎসকে পদত্যাগ কৰাত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ১৬ জনকৈ চিকিৎসকে পদত্যাগ কৰাৰ পিছত শেহতীয়াকৈ একাদিক্ৰমে ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল ১১গৰাকী,যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকীৰ লগতে কোকৰাঝাৰ, ডিফু,শিলচৰ,নলবাৰী,কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও পদত্যাগ কৰিছে কে’বাজনো চিকিৎসকে ৷
কিন্ত প্ৰাপ্ত খবৰ অনুসৰি স্বাস্থ্য বিভাগে চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই ৷ অৱশ্যে অসম মেডিকেল কলেজ হাস্পতাল আৰু জিএমচিএইছ আৰু ধুবুৰী মেডিকেল কলেজৰ একোজনকৈ চিকিৎসকৰ পদত্যাগ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷
উল্লেখ্য যে, ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ২০১৮ ৰ পৰা চলিত মাহলৈকে ৬৪ গৰাকীকৈ সহযোগী অধ্যাপক আৰু পঞ্জীয়কে কৰিছে পদত্যাগ ৷