Union Minister Sarbananda Sonowal:ভাৰতীয় সেনাই দিনজান অঞ্চলৰ বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ বাবে আয়োজন কৰা স্বাস্থ্যসেৱা শিবিৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালেৰ

কার্গিল বিজয় দিৱসৰ ৰজত জয়ন্তী মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি দিনজান মিলিটেৰী ষ্টেচনত এই শিবিৰৰ আয়োজন

army 2 scaled

Union Minister Sarbananda Sonowal:

দেশৰ সুৰক্ষাৰ হকে জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি অহা ভাৰতীয় সেনাই দিনজান অঞ্চলৰ বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ বাবে স্বাস্থ্যসেৱা শিবিৰ অনুষ্ঠিত কৰিছে। কার্গিল বিজয় দিৱসৰ ৰজত জয়ন্তী মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি দিনজান মিলিটেৰী ষ্টেচনত আয়োজিত এই শিবিৰত কেন্দ্রীয় কেবিনেট মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে বিধায়কদ্বয় তেৰছ গোৱালা আৰু বিনোদ হাজৰিকা, Dao Division-ৰ GOC মেজৰ জেনেৰেল বিক্রান্ত দেশপাণ্ডে প্রমুখ্যে অন্যান্য সেনা বিষয়াসকলৰ সৈতে উপস্থিত হৈ আনন্দ প্রকাশ কৰে।

শিবিৰত বিভিন্ন প্ৰান্তৰ ৰাইজৰ সৈতে সোণোৱালে মত বিনিময় কৰে। বান আৰু গৰাখহনীয়াত আক্রান্ত ৰাইজৰ সুবিধাৰ্থে অনুষ্ঠিত কৰা এই স্বাস্থ্যসেৱা শিবিৰৰ বাবে ভাৰতীয় সেনাৰ মহৎ প্ৰচেষ্টাৰ শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

নিৰন্তৰ ধাৰাসাৰ বৰষুণ আৰু নদীৰ পানীৰ স্তৰ বৃদ্ধিয়ে এই অঞ্চলবোৰত মেলেৰিয়া আৰু ডেংগুৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰিছে। সেয়েহে ডাও ডিভিজনে স্থানীয় জনগণক বিনামূলীয়া চিকিৎসা সহায় আগবঢ়োৱাৰ পদক্ষেপ গ্রহণ কৰিছে। উন্নত পৰীক্ষাগাৰ আৰু এক্স-ৰে সুবিধাৰে সজ্জিত এই শিবিৰত বিশেষজ্ঞ চিকিৎসক আৰু শল্য চিকিৎসকৰ দলে ডেংগু আৰু মেলেৰিয়াৰ লক্ষণৰ বাবে প্রায় ১,৫০০ গাঁওবাসীক পৰীক্ষা কৰিছে। চিকিৎসকৰ দলটোত লগতে অন্তর্ভুক্ত আছিল স্ত্ৰীৰোগ বিশেষজ্ঞ, অর্থোপেডিক চাৰ্জন, সাধাৰণ চিকিৎসক, আৰু চকু বিশেষজ্ঞ। শিশুসকলক পুষ্টিহীনতাৰ লক্ষণৰ বাবেও পৰীক্ষা কৰা হয়।

স্বাস্থ্য পৰীক্ষাৰ উপৰিও জীৱনশৈলীৰ ৰোগৰ সন্দৰ্ভত এক সজাগতা বক্তৃতাও অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে স্থানীয় লোক, ৰোগী আৰু চিকিৎসা কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি শিবিৰটো আয়োজন কৰা আৰু অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ অভিনৱ প্ৰচেষ্টাৰ শলাগ লয়।

দিনজান আর্মী কেম্পৰ মুখ্য কাৰ্যালয়ত সমগ্র বিন্ধাকটা অঞ্চলৰ বান-খহনীয়া সন্দর্ভতো ভাৰতীয় সেনা আৰু জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুবিধার্থে পালন কৰা সক্রিয় ভূমিকাৰ বাবে ভাৰতীয় সেনাৰ বিশেষ শলাগ লয় সোণোৱালে আৰু কয় যে সকলোৱে ঐক্যবদ্ধভাৱে মিলি এই প্রাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰিব লাগিব। ইয়াৰ বাবে জৰুৰীকালীন সকলো সেৱা তৎকালীনভাৱে উপলব্ধ কৰি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় সোণোৱালে।

Exit mobile version