Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

tiger day

Interntional Tiger Day Celebrated In Manas:

বন্যপ্ৰাণীৰে সহাৱস্থানৰ এক জলন্ত উদাহৰণ দাঙি ধৰি ব্যাঘ্ৰ আৰু ইয়াৰ আৱাসভূমিৰ সংৰক্ষণৰ প্ৰতি আৱদান আগবঢ়োৱা মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰান্তত বসবাস কৰা স্থানীয় জনগোষ্ঠীসমূহৰ ভূমিকাৰ প্ৰশস্তিৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভূঞাপাৰাত ২৯ জুলাইত ব্যাপক ৰূপত আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ।

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বি টি চি)ৰ বন বিভাগ, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (ASTEC), ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ- ইণ্ডিয়া (WWF) আৰু ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (WTI)ৰ সহযোগত আৰণ্যকৰ (www.aaranyak.org) ব্যাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ বিভাগ (টি আৰ চি ডি), মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু আই ইউ চি এন ইণ্ডিয়াৰ যৌথ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

ভূঞাপাৰাস্থিত আৰণ্যকৰ মানাহ সংৰক্ষণ আৰু প্ৰসাৰ কেন্দ্ৰ (এম চি অ’ চি)ত আয়োজিত উদযাপনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁৱত বসবাস কৰা খিলঞ্জীয়া বড়ো সম্প্ৰদায়ৰ সদস্য, বনকৰ্মী, বেচৰকাৰী সংস্থাৰ কৰ্মী, সংৰক্ষণ নেতা, প্ৰকৃতিপ্ৰেমী, এছ এছ বি আৰু অসম আৰক্ষীৰ লোককে ধৰি ৩৫০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে ।

আৰণ্যকে গ্ৰহণ কৰা সংৰক্ষণ প্ৰচেষ্টাৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ উদ্বোধনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় ।

বিশিষ্ট সংৰক্ষণ বিজ্ঞানী তথা আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰে অংশগ্ৰহণকাৰী সকলক আদৰণি জনাই অনুষ্ঠানটোৰ আয়োজক অংশীদাৰসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু মানাহত সামগ্ৰিকভাৱে ব্যাঘ্ৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে সহযোগিতামূলক পন্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ পাছতে আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰ আৰু জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড: দীপাংকৰ লহকৰে মানাহলৈ ব্যাঘ্ৰ ঘূৰাই অনা সন্দৰ্ভত এক বিস্তৃত উপস্থাপন আগবঢ়ায় । তেওঁলোকে স্থানীয় জনগোষ্ঠী, বেচৰকাৰী সংস্থা, আৰু বন বিভাগৰ ভূমিকা, বিশেষকৈ ভাৰত-ভূটান সীমান্ত মানাহ সংৰক্ষণ এলেকা (TraMCA) প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে ।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ)অনিন্দ্য স্বৰ্গীয়াৰী, সুমন মহপাত্ৰ, আই এফ এছ, চি এইচ ডি, বন, বি টি চি ; অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড: জয়দীপ বৰুৱা, আই ইউ চি এন ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰকল্প সহযোগী মীনল পাহুজা অতিথি বক্তা হিচাপে উপস্থিত থাকে ।

এই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰা শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মুখ্য পৰিৱেশ বিষয়া টেনজিন ৱাংচুকে প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাযোগে ব্যাঘ্ৰ সংখ্যা বৃদ্ধি আৰু আৱাসভূমিৰ সংৰক্ষণত অৰিহণা যোগোৱা অংশীদাৰ সকলৰ শলাগ লয় ।

প্ৰাক্তন বন বিষয়া হিৰণ্য কুমাৰ শৰ্মা আৰু ধৰণীধৰ বড়ো, কমাৰদিছা হাইস্কুলৰ শিক্ষক তথা ককিলাবাৰী এম এম ই এছৰ উপদেষ্টা, মানাহ মাওজিগেন্দ্ৰি ইক’টুৰিজিম ছ’চাইটিৰ প্ৰাক্তন সভাপতি তথা অসমৰ বন আৰু পৰিৱেশ বিভাগৰ প্ৰাক্তন ব্ৰেণ্ড এম্বেছাদৰ (২০১৮-২০১৯) চন্দ্ৰ কান্ত বসুমতাৰীক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আগবঢ়োৱা নি:স্বাৰ্থ, দৃষ্টান্তমূলক আৰু অবিৰত অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত ভাষণ দি বন বিষয়া মহপাত্ৰই মানাহৰ লগতে বন্যপ্ৰাণীৰ অন্যান্য প্ৰাকৃতিক বাসস্থানৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভৱিষ্যত প্ৰজন্মক সজাগ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ড: জয়দীপ বৰুৱাই ভাৰতত এসময়ত হ্ৰাস পাবলৈ ধৰা ব্যাঘ্ৰৰ সংখ্যা পৰিকল্পিত সংৰক্ষণৰ প্ৰচেষ্টাই বৃদ্ধি কৰাত কেনেদৰে সহায় কৰিছে তাৰ দৃশ্যপট দাঙি ধৰে । বন্যপ্ৰাণীৰ শৰীৰৰ অংগসমূহৰ ব্যৱহাৰৰ সৈতে জড়িত থকা অন্ধবিশ্বাসৰ প্ৰসংগ উল্লেখ কৰি ড: বৰুৱাই বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে থিয় দিবলৈ সকলোকে আহ্বান জনায়।

পহুজাই তেওঁৰ ভাষণত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত বৰ্তমান চলি থকা যুগান্তকাৰী ব্যাঘ্ৰ সংৰক্ষণ পদক্ষেপ – সংহত ব্যাঘ্ৰ বাসস্থান সংৰক্ষণ কাৰ্যসূচীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষত বাস কৰা সম্প্ৰদায়সমূহে সহাৱস্থানৰ এক বৃহৎ উদাহৰণ দাঙি ধৰিছে আৰু ই ব্যাঘ্ৰ আৰু বাসস্থান সংৰক্ষণত অসীম সহায় কৰিছে ।

বিকল্প বহনক্ষম জীৱিকা অৱলম্বনেৰে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ প্ৰশংসনীয় উদাহৰণ দাঙি ধৰা মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বিভিন্ন গাঁৱৰ স্থানীয় সম্প্ৰদায়ৰ তেৰজন লোক আৰু আত্মসহায়ক গোটকো সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ শেষত বিশ্ব ব্যাঘ্ৰ দিৱস উপলক্ষে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শিশুসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

Exit mobile version