Uttarakhand Cloudburst:উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

কেদাৰনাথত হঠাৎ হোৱা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনত বিস্তৰ ক্ষতিসাধন, মৃত্যু সাতজনৰ আবদ্ধ বহু সংখ্যক তীৰ্থযাত্ৰী

kedarnath 1

Uttarakhand Cloudburst:

কেৰেলাৰ ৱায়নাড় জিলা,হিমাচল প্ৰদেশৰ পিছত এইবাৰ ডাৱৰ বিস্ফোৰণত বিধ্বস্ত হ’ল দেৱ ভুমি উত্তৰাখণ্ডৰ বহু কেইটা অঞ্চল ৷ ইটোৰ পিছত সিটোকৈ ভূমিস্খলন সংঘটিত হয় কেদাৰনাথ, চামোলি, টিহৰীত।

বিগত কিছুদিন ধৰি উত্তৰাখণ্ডৰ কেদাৰনাথৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া কেইবাও জলপ্ৰপাত আৰু জুৰি পানীৰে উপচি পৰাৰ ফলস্বৰূপে বুধবাৰে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ভূমিস্খলন সংঘটিত কৰে ৷

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি কেদাৰনাথলৈ যোৱা পথৰ কেইবাটাও স্থানত ভূমিস্খলনৰ বাবে তীৰ্থযাত্ৰী আবদ্ধ হোৱাৰ লগতে মৃত্যু হয় তিনিজন লোকৰ । একেদৰে হৰিদ্বাৰৰ এটা ঘৰ ভাঙি পৰাৰ ফলত একেটা পৰিয়ালৰ ৬ জন সদস্য আহত হয় । আনহাতে ভূমিস্খলনৰ বাবে আবদ্ধ তীৰ্থযাত্ৰী সকলক উদ্ধাৰৰ বাবে যুদ্ধকালীন তৎপৰতাৰে নামি পৰিছে দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্ধাৰকাৰী দল ৷ বিভিন্ন স্থানত থকা তীৰ্থযাত্ৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাৰ্তা প্ৰেৰন কৰিছে প্ৰশাসনে ।

প্ৰাপ্ত খবৰ অনুসৰি, কেদাৰনাথৰ বিভিন্ন স্থানত ১৫০-২০০ তীৰ্থযাত্ৰী আবদ্ধ হৈ আছে। ইতিমধ্যে কেদাৰনাথলৈ ৰাওনা হোৱা সকলক এই যাত্ৰা আপাততঃ পিছুৱাই দিবলৈ পৰামৰ্শ দিয়া হৈছে। কেদাৰনাথলৈ যোৱাৰ পথত বুধবাৰে সন্ধিয়া ভীম বালিত এক বৃহৎ ভূমিস্খলন সংঘটিত হয়। সেই সময়ত বহু তীৰ্থযাত্ৰী সেই ৰাস্তাৰে কেদাৰনাথ অভিমুখে গৈ আছিল। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে তীৰ্থযাত্ৰী সকল ৷ ইপিনে নিৰাপত্তাজনিত কাৰণত বন্ধ কৰি দিয়া হৈছে কেদাৰনাথলৈ যোৱা পথটো। আনহাতে তেহৰিত ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰ কেইবাজনো সদস্য নিৰুদ্দেশ হৈছে।

আনহাতে কেইবা ঘণ্টা ধৰি বৰষুণৰ ফলত হৰিদ্বাৰত বহু গাড়ী পানীয়ে উটুৱাই লৈ যায় ৷ চামোলীত নিৰুদ্দেশ হৈছে এগৰাকী মহিলা আৰু শিশু। ইতিমধ্যে এছডিআৰএফে তেওঁলোকৰ সন্ধানত অভিযান চলাইছে। ধাৰাসাৰ বৰষুণৰ ফলত গংগা আৰু মন্দাকিনিৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। কোনো কোনো ঠাইত গংগাৰ পানী প্ৰৱেশ কৰিছে আৱাসিক এলেকাত । আলমোৰাৰ এখন দলং পানীয়ে উটুৱাই লৈ যায়।

হঠাতে হোৱা আকস্মিক দুৰ্যোগৰ প্ৰতি সততে প্ৰশাসনৰ স’তে বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। বুধবাৰে তেওঁ উদ্ধাৰকাৰী দলৰ সৈতে ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয়। প্ৰশাসনৰ সূত্ৰ অনুসৰি প্ৰৱল বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত পিথোৰাগড়-তাৱঘাট ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৰ ক্ষতিসাধন হৈছে। ইয়াৰ উপৰিও ৰুদ্ৰপ্ৰয়াগ, বদেশ্বৰ, চম্পাৱট আৰু টিহৰি জিলাৰ বহু পথ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে।

অন্যহাতে হিমাচলতো প্ৰচণ্ড বৰষুণৰ বাবে বহু ঠাইত ভূমিস্খলন সংঘটিত হয়। হিমাচল প্ৰদেশৰ ৰাজধানী চহৰ ছিমলা, মাণ্ডি আৰু কুল্লু জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত এইপৰ্যন্ত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ৫০ জন লোক সন্ধানহীন হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে এছডিআৰএফ বাহিনীৰ জোৱান।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা মণ্ডীৰ থালটুখাৰ অঞ্চলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে কমেও ৯ জন লোক সন্ধানহীন হৈ আছে। এজন লোকৰ মৃত্যু। মাণ্ডীৰ উপ- আয়ুক্ত অপূৰ্ব দেৱগনে সংবাদ সংস্থা এএনআইক এজন লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। চিমলা জিলাৰ ৰামপুৰৰ সমীপৱৰ্তী সমেজখাৰ অঞ্চলতো ধাৰাসাৰ বৰষুণৰ ফলত কমেও ১৯ জন লোক সন্ধানহীন হৈ আছে। তেওঁলোকৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছডিআৰএফে।

আনহাতে, কেৰালাৰ ৱায়নাড় জিলাৰ ভয়াৱহ ভূমিস্খলনৰ ফলত মৃতকৰ সংখ্যা সম্প্রতি ২৮৮লৈ বৃদ্ধি পাইছে। ৱায়নাড় জিলাৰ চাৰিখন গাঁও সম্পূর্ণৰূপে নিঃশেষ হৈ যায় ৷ জিলা প্ৰশাসনৰ তথ্য অনুসৰি ইতিমধ্যে ১৫১জনৰ মৃতদেহ উদ্ধাৰ হৈছে। একেদৰে এই ভয়াৱহ প্রাকৃতিক দুর্যোগত সন্ধানহীন কমেও ২২৫ জন লোকৰ এই পৰ্যন্ত কোনো শুংসূত্র ওলোৱা নাই। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ আশংকা আছে।

কালিৰ পৰা শতাধিক আহত লোকক সাহায্য কর্মীসকলে উদ্ধাৰ কৰি স্থানীয় বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰিছে। আনহাতে আজি ৱায়নাড়ত উপস্থিত হয় ৱাড়নাড়ৰ সদ্য প্ৰাক্তন সাংসদ ৰাহুল গান্ধী আৰু জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ দুয়ো গৰাকীয়ে নেতাই ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে আহত লোক সকলৰ স্বাস্থ্যৰ খা – খবৰ লয়। আনহাতে, মৃতসকললৈ শ্রদ্ধাঞ্জলি জনাই কেৰালা চৰকাৰে দুদিনীয়া শোক পালন কৰিছে।

Exit mobile version