Bangladeshi citizen arrested in Nagaon Dhing :
বাংলাদেশত অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে নগাঁও জিলাৰ ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক এজনক ৷ ধৃত বাংলাদেশীজন চোৰাং গৰু সৰবৰাহত জড়িত থকাৰ অভিযোগ ৷ হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনে বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে ৷
আটকাধীন হুমায়ুন কবিৰৰ ঘৰ বাংলাদেশৰৰ চিলেটৰ ৰহমতগঞ্জত ৷ আৰক্ষীৰ জেৰাত ধৃত বাংলাদেশীটোৱে স্বীকাৰোক্তি দিয়া মতে ৪ আগষ্টত মেঘালয়ৰ ডাউকীৰ উন্মুক্ত সীমান্তৰে অবৈধভাবে প্ৰৱেশ কৰিছিল ভাৰতত ৷
আৰক্ষীয়ে হুমায়ুনৰ স’তে চোৰাং গৰু সৰবৰাহৰে জড়িত থকা চামগুৰিৰ খাটোৱালৰ আন তিনিজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। সৰবৰাহকাৰী তিনিটা হ’ল মুকবুল হুছেইন, মতিবুৰ ৰহমান আৰু আবুল হুছেইন। ইতিমধ্যে ধিং আৰক্ষীয়ে অধিৰ তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গৰু সৰবৰাহকাৰী কেইটাক ৷
