Barthakur IAS Academy branch opens in Nagaon:নগাঁৱত মুকলি বৰঠাকুৰ আইএএছ একাডেমিৰ শাখা

barthakur b1

Barthakur IAS Academy branch opens in Nagaon:

এচিএছ আৰু আইএ এছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে অগ্ৰণী কছিং চেন্টাৰ গুৱাহাটীৰ বৰঠাকুৰ আইএএছ একাডেমিৰ নগাঁও শাখা দেওবাৰে মুকলি কৰা হয় নগাঁও চহৰত ৷

হয়বৰগাঁও এ,টি ৰোডৰ হয়বৰগাঁও ডাকঘৰ ব্লিডিঙত মুকলি কৰা নগাঁও কেন্দ্ৰটো দেওবাৰে মুকলি কৰে নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বৰঠাকুৰ আইএএছ একাডেমিৰ পৰিচালন সঞ্চালক আদিত্য বৰঠাকুৰ, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড:কুলেন দাস,ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা আৰু নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি কনক হাজৰিকা আৰু বৰঠাকুৰ আইএএছ একাডেমিৰ নগাঁও শাখাৰ সঞ্চালিকা প্ৰীতিপল্লৱী বৰা দাস। উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী- সমাজকৰ্মী তথা বৰঠাকুৰ আইএএছ একাডেমিৰ নগাঁও শাখাৰ সঞ্চালক নানু দাসে ৷

উল্লেখ্য যে এচিএছ আৰু আইএএছ পৰীক্ষাৰ বাবে অন্যতম কছিং চেন্টাৰ হিচাপে ইতিমধ্যে বিবেচিত হোৱা গুৱাহাটীৰ বৰঠাকুৰ আইএএছ একাডেমিৰ তিনিটাকৈ শাখা ডিব্ৰুগড়,তেজপুৰ আৰু যোৰহাটত মুকলি কৰাৰ পিছত দেওবাৰে নগাঁৱত মুকলি কৰা শাখাটো চতুৰ্থ শাখা ৷

এই শাখাটোৱে মধ্য অসমৰ তিনিখন জিলা সামৰি ল’ব ৷ অবিভক্ত নগাঁও জিলাৰ এচিএছ আৰু আইএএছ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব বুলি সদৰি কৰে বৰঠাকুৰ আইএএছ একাডেমিৰ নগাঁও শাখাৰ সঞ্চালক নানু দাসে ৷

Exit mobile version