শেহতীয়াকৈ ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ(প্ৰাৰম্ভিক) ফলাফলত ৮৯৮ গৰাকী শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতেই শীর্ষত উজ্বলিল এছ পি এম আইএএছ একাডেমি । অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত এখন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ন শতাধিক শিক্ষাৰ্থী উত্তীর্ণ হোৱা এয়াই প্ৰথম ঘটনা ।
বৃহস্পতিবাৰে গুৱাহাটীৰ জু-ৰোডস্থিত শিক্ষানুষ্ঠানখনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি শিক্ষানুষ্ঠানখনৰ কর্তৃপক্ষই অশেষ কষ্ট আৰু গভীৰ অধ্যয়নৰ জৰিয়তে শিক্ষাৰ্থীসকলে এছ পি এম আইএএছ একাডেমিক ৰাজ্যৰ ভিতৰতেই শীৰ্ষত উপনীত কৰাৰ বাবে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ধন্যবাদ জ্ঞাপন কৰে । প্ৰচুৰ সম্ভাৱনাপূর্ণ অসমৰ শিক্ষাৰ্থীসকলক গৃহভূমিত থাকিয়েই সৰ্বভাৰতীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষাসমূহৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যে ২০১৯ত কেইগৰাকীমান উদীয়মান যুৱকৰ প্রচেষ্টাত প্ৰাণ পাই উঠিছিল এছ পি এম আইএএছ একাডেমি ।
যোৱা দুবছৰ ধৰি অসমৰ শিক্ষাৰ্থীসকলক অনলাইনযোগে Youtube Channel – SPM IAS Academy-ৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে সহায়ক হোৱাকৈ সাধাৰণ জ্ঞান আৰু বাতৰি কাকতৰ পৰ্যালোচনাৰ শ্ৰেণী বিনামূলীয়াকৈ আগবঢ়াই আহিছে ।
উল্লেখযোগ্য যে, সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰি তুলিবলৈ আই আই টি ৰৰকী আৰু কানপুৰৰ অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয় শিক্ষানুষ্ঠানখনত । অসমত থাকিয়েই দিল্লীৰ কোচিং প্ৰতিষ্ঠান সমূহৰ দৰেই পৰিৱেশ শিক্ষাৰ্থীসকলক দিব পৰাকৈ উন্নতমানৰ ডিজিটেল আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা হৈছে এছ পি এম আইএএছ একাডেমিত ।
প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত এই বৃহৎ সফলতাৰ পাছত অচিৰেই শিক্ষাৰ্থীসকলক মূল পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পৰাকৈ পাঠদান কৰিবলৈ শিক্ষানুষ্ঠানখন প্ৰস্তুত হোৱা বুলি সংবাদ মেলত সদৰী কৰে কৰ্তৃপক্ষই । আজিৰ সংবাদমেল সম্বোধন কৰে এছ পি এম আইএএছ একাডেমিৰ নিৰ্দেশক চিন্ময় বৰদলৈ আৰু শিক্ষানুষ্ঠানখনৰ সঞ্চালক প্ৰধান বিবেক খেটাৱাতে ।





























