KMSS Pressmeet In Guwahati:স্মার্ট মিটাৰৰ জৰিয়তে জনতাক অবাধ লুণ্ঠন বন্ধ কৰাৰ দাবীত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব কৃষক মুক্তিয়ে

স্মার্ট মিটাৰৰ বিৰুদ্ধে জনতাৰ যুক্তিপূর্ণ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যক মিথ্যাচাৰ আখ্যা দি সংবাদমেল পাতি উভতি ধৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে

kmss

KMSS Pressmeet In Guwahati:

ৰাজ্যবাসীয়ে যুক্তিসংগতভাবে পূর্বৰ তুলনাত স্মার্ট মিটাৰৰ বিল বৃদ্ধিৰ বিৰোধীতা কৰাৰ বিপৰীতে স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দাবীক উপলুঙা কৰি APDCL আৰু শক্তি বিভাগক ৰক্ষণাবেক্ষণ দিবলৈ গৈ স্মার্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে আৰু ই গ্রাহকৰ বাবে মিতব্যয়িতাৰ আহিলাহে বুলি কোৱাটোৱে প্রমাণ কৰে যে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মা এতিয়া গণ বিচ্ছিন্ন

কেবল পৰিয়ালৰ বৈধ- অবৈধ সম্পতিৰ দীঘলীয়া তালিকা হাতত লৈ সুযোগ পালেই চাফাই গায় সুৰক্ষা দিয়াত ব্যস্ত মুখ্যমন্ত্ৰী গৰাকীৰ কার্যকালত আজি অসুৰক্ষিত ৰাজ্যবাসী। শেহতীয়াকৈ অসমৰ প্রায় ৬০ শতাংশ ভূমি বানে ক্ষতিগ্রস্ত কৰাৰ সমান্তৰালভাৱে শিশু খাদ্যৰ পৰা ঔষধলৈকে নিত্য ব্যৱহায্য প্রতিপদ সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ জুইয়ে ৰাজ্যবাসীক দহি পেলোৱাৰ সময়তে অসমৰ বিশেষকৈ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ তেজ শুহি খাইছে এতিয়া বিদ্যুৎ বিভাগে ঘৰে ঘৰে নতুনকৈ সংযোগ কৰা স্মার্ট মিটাবে। স্মার্ট মিটাৰৰ অভাৱনীয় বর্ধিত বিলে এতিয়া হাহাকাৰৰ সৃষ্টি কৰিছে সাধাৰণ জনসাধাৰণৰ মাজত। এই মন্তব্য কৃষক মুক্তি সংগ্রাম সমিতিৰ

বুধবাৰে সংগঠনটোৰ গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সম্পাদক বিদ্যুত শইকীয়া, মুখ্য সাংগাঠনিক সম্পাদক ৰিতুমণি হাজৰিকা, আকাশ দলে, কার্যনির্বাহক সদস্য অৰিন্দম গগৈয়ে সম্বোধন কৰা সংবাদমেলত সাম্প্ৰতিক সময়ৰ ৰাজ্যখনৰ এটা গুৰুত্বপূর্ণ বিষয় ‘স্মার্ট মিটাৰ’ ৰ বিসংগতি সন্দৰ্ভত বাখ্যা আগবঢ়াই কয় যে শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে কম বেছি পৰিমাণে পুৰণি মাহেকীয়া বিল পৰিশোধ কৰা প’ষ্টপেইড মিটাৰৰ পৰিৱৰ্তে নতুন প্রিপেইড আগতীয়াকৈ বিল পৰিশোধ কৰা স্মার্ট মিটাৰ গ্ৰাহকৰ ঘৰত সংযোগ কৰাৰ পাছৰে পৰা মাহেকীয়া বিলসমূহৰ ক্ষেত্ৰত ব্যাপক বিসংগতিয়ে দেখা দিছে।

প্রায় প্রতিগৰাকী গ্রাহকৰ ক্ষেত্রতে সর্বস্তৰৰ জনসাধাৰণক একত্রিত কৰি ব্যাপক গণ প্রতিবাদৰ সূচনা কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। ইয়াৰ উপৰিও সংগঠনটোৱে তথ্য সহকাৰে এপিডিচিএল-এ গ্রাহকলৈ বর্ধিত হাৰত বহু ভুৱা বিল প্রেৰণ কৰি টকা আদায় লোৱাৰ প্রমাণ দাঙি ধৰে।

সংগঠনটোৱে কয় যে যি সময়ত দিল্লীৰ দৰে ৰাজধানীত ২০০ ইউনিট পর্যন্ত বিদ্যুৎ ৰেহাই দিয়াৰ উপৰিও ২০০ পৰা ৪০০ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্রাহকক ৫০% পর্যন্ত ৰাজ সাহার্য প্রদান কৰাৰ বিপৰীতে নিজকে জনতাৰ চৰকাৰ বুলি দাবী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে পূৰ্বৰ ৫ টকা ৭০ পইচা প্রতি ইউনিট বিজুলীৰ দাম বৃদ্ধি কৰিছে ৬ টকালৈ আৰু বিদ্যুৎ সেৱা সংযোগ মাচুল ঘৰুৱা সংযোজনৰ ক্ষেত্ৰত দুগুণ ১২,৫০০ ৰ পৰা ২৫,০০০ বৃদ্ধি কৰিছে।

Exit mobile version