Most Wanted Froudstar Deepankar Barman Girlfriend Arrested In Guwahati :ডি বি ষ্টক ব্ৰ’কিঙৰ নামত কে’বাহাজাৰ কোটি লুণ্ঠন কৰা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছা দাসক গ্ৰেপ্তাৰ

পল্টন বজাৰ থানাত ৰজু হোৱা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মনালিছাক, আন দহ অভিযুক্তৰ বিৰুদ্ধে ৰজু গোচৰ, কামৰূপ চিজিএম আদালতত হাজিৰ কৰি তদন্তৰ বাবে আৰক্ষীয়ে ল'লে জিন্মাত

deepankar

Most Wanted Froudstar Deepankar Barman Girlfriend Arrested In Guwahati :

ভাবী স্বামীৰ ক’লা অধ্যায়ৰ সহযোগী হোৱাৰ বাবেই অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰেয়সী ৷ অধিক ধন লাভৰ প্রলোভন দেখুওৱাই মহানগৰীৰ জিএছ ৰোডত কাৰ্যালয় পাতি ডি বি ষ্টক ব্ৰ’কিঙ নামৰ চেয়াৰ ট্ৰেডিং প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে গ্ৰাহকৰ পৰা কোটি কোটি আত্মসাৎ কৰি পলায়ন কৰাৰ পিছৰে পৰা ভুক্তভোগী গ্ৰাহকে দীপাংকৰৰ ৰেডিশ্ব’ন ব্ল’ হোটেলৰ সমীপস্থ পিতৃ গৃহত আৰু তেওঁৰ প্ৰেয়সী মনালিছা দাসৰ ঘৰত ভীৰ কৰিছে ৷ ক্ষুদ্ধ গ্ৰাহকে বিচাৰিছিল প্ৰাপ্য ধন ৷ যাৰবাবে গ্ৰাহকৰ গ্ৰাসৰ পৰা ৰক্ষা পৰিবলৈ লতাশিল থানাত বাহৰ পাতি পিচত পানবজাৰ মহিলা আৰক্ষী থানাৰ নিৰাপত্তাত আছিল  ৷

উল্লেখ্য কেৱল অসমৰে নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ নাগৰিকেও ধন বিনিয়োগ কৰা প্ৰতিষ্ঠানটোৰ গৰাকী দীপাংকৰ বৰ্মন সম্প্ৰতি আত্মগোপন কৰি থকা বুলি দাবী কৰি আহিছে গ্রাহকসকলে। অৱশ্যে এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে কোনো ধৰণৰ এজাহাৰ লাভ কৰা নাই বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বুধবাৰে এক সংবাদমেলত সদৰি কৰাৰ পিছত বৃহস্পতিবাৰে নিতুল দাস নামৰ এজন গ্ৰাহকে দীপাংকৰ বৰ্মন, তেওঁৰ প্ৰেয়সী মনালিছা দাস আৰু বৰ্মনৰ প্ৰতিষ্ঠানত কৰ্মৰত ১০ কৰ্মচাৰীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ২৮৮/২০২৪ নম্বৰত গোচৰ ৰজু হোৱাৰ পিছতে তৎপৰ হৈ পৰে মহানগৰ আৰক্ষী ৷

আৰক্ষীৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী তথা তেওঁৰ প্ৰতিষ্ঠানৰ পি এ মনালিছা দাসক পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আটক কৰে ৷ ইয়াৰ পাছত মাৰাথন জেৰাৰ অন্তত দুপৰীয়া আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে  ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত বহু ন ন তথ্য পোহৰলৈ আহে ৷ প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছাৰ দাসৰ বেংক একাউণ্ট বহু লাখ টকা থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ আনহাতে বিয়লী আটকাধীন মনালিছাৰ দাসক কামৰূপ চিজিএম আদালতত হাজিৰ কৰি সাত দিনৰ জিন্মাত লয়  ৷

উল্লেখ্য যে ভুক্তভোগী গ্রাহকসকলে সদৰী কৰি অহা অনুসৰি, প্ৰতিষ্ঠানটোত কোনো কোনেও এক লাখৰ পৰা আৰম্ভ কৰি ৬০-৭০ লাখ টকা পর্যন্ত বিনিয়োগ কৰিছিল। বিনিয়োগ কৰা প্ৰতি লাখৰ বিনিময়ত তেওঁলোকে বেংক একাউণ্টৰ জৰিয়তে মাহে সাত হেজাৰকৈ লাভ কৰি আহিছিল । প্ৰথমাৱস্থাত এই ধনৰাশি তেওঁলোকে মাহে লাভ কৰি আহিছিল যদিও বিগত দুই-তিনি মাহ লাভ কৰা নাছিল। শেহতীয়াকৈ তেওঁলোকে প্ৰতিষ্ঠানৰ লগত যোগাযোগৰ চেষ্টা কৰিছিল যদিও প্রতিষ্ঠানটো বন্ধ কৰি দিয়া হৈছিল।

ইয়াৰ পাছতে ভুক্তভোগী গ্রাহকসকলে বিনিয়োগ কৰা ধন বিচাৰি জালুকবাৰী তেতেলীয়াৰ ৰেডিশ্ব’ন ব্লু’ সমীপস্থ বৰ্মনৰ ঘৰত উপস্থিত হৈছিল যদিও প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰীক লগ পোৱা নাছিল। ফলত গ্রাহকসকলৰ মাজত হাহাকাৰ লাগিছিল ৷ আনহাতে, কে’বাজনো গ্রাহকে কয় যে তেওঁলোকে টকা জমা দিয়াৰ একমাত্র প্রমাণ হৈছে কেৱল গুগল পে’। বিশ্বাসত তেওঁলোকে গুগল পে’ৰ জৰিয়তে টকা আদায় দিছিল আৰু প্রতিষ্ঠানটোৱে মাহে সাত হেজাৰ টকা লাভৰ অংশ বেংক একাউণ্টৰ জৰিয়তে আদায় দিছিল।

আন এক চৰ্চিত খবৰ অনুসৰি, প্ৰতিষ্ঠানটোৰ গৰাকী বৰ্মনে এইদৰে বিভিন্নজনৰ পৰা ধন আদায় লৈ সেই টকা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছিল। সম্প্রতি এই ঘটনাই ৰাজ্য জুৰি চৰ্চা লাভ কৰিছে । লগতে প্রতিষ্ঠানটোৱে প্রায় ২২-২৩ হেজাৰ গ্ৰাহকৰ পৰা কে’বা হেজাৰ কোটি আত্মসাৎ কৰা বুলি ওলোৱা খবৰৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই বুলি স্পষ্ট হৈছিল যদিও আজি পল্টন বজাৰ থানাত এজন বিনিয়োগ কাৰীয়ে গোচৰ ৰজু কৰাৰ পাছতে মহানগৰ আৰক্ষী তৎপৰ হৈ পৰে ।
আনহাতে মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰতিষ্ঠানৰ দহ কৰ্মচাৰীৰ বিৰুদ্ধেও পল্টন বজাৰ থানাত ৰজু হোৱা গোচৰৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ কিন্ত বৰ্তমান পলাতক অৱস্থাত আছে উক্ত দহ কৰ্মচাৰী ৷

আনহাতে একাংশ বিনিয়োগকাৰীয়ে জালুকবাৰী তেতেলীয়াৰ ৰেডিশ্ব’ন ব্লু’ সমীপস্থ মহা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰত যোৱা নিশা উপস্থিত হৈ ঘৰৰ আচবাব লণ্ড ভণ্ড কৰি বহু মূল্যৱান সা- সামগ্ৰী ,নগদ ধন আৰু সোনৰ আ- অলংকাৰ লুট কৰি নিয়াৰ অভিযোগ কৰে পিতৃ- মাতৃয়ে ৷ উদ্থাপিত অভিযোগ অনুসৰি বহু কেইজন উদণ্ড গ্ৰাহকে তিনিদিন ধৰি তেওঁলোকক বন্ধ কোঠাত পণবন্দী কৰি ৰাখিছিল ৷ মদ,মাংস,চিগাৰেট খাই পিছত পাকঘৰত খাদ্য প্ৰস্তুত কৰি খাই বৈ ওলাই যায় উদণ্ড গ্ৰাহকৰ দলটি ৷ আনকি দুজনমানে তেওঁলোকক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল ৷ যাৰ বাবে প্ৰাণৰ মমতাত খালী ভৰিৰে তিনি কিলোমিটাৰ খোজকাঢ়ি মাতৃয়ে গোশালা আৰক্ষী থানাত উপস্থিত হৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ভগীয়া পিতৃ- মাতৃহালক নিৰাপত্তা দিয়াৰ আশ্বাস দিছে ৷

মনকৰিবলগীয়ে , বি ষ্টক ব্ৰ’কিঙ নামৰ চেয়াৰ ট্ৰেডিং প্ৰতিষ্ঠানটোৱে কে’বা হেজাৰ কোটি টকা লুট কৰা ঘটনাই ৰাজ্যৰ এক ভয়ংকৰ বিত্তীয় কেলেংকাৰী  হিচাপে বিবেচিত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে মহাপ্ৰৱঞ্চক দীপাংকৰৰ ১২ খন বেংক একাউণ্টৰ সম্ভেদ লাভ কৰি জব্দ কৰিছে ৷আৰক্ষীয়ে উল্লিখিত একাউণ্ট কেইখনত বহু কোটি থকাৰ সন্দেহ প্ৰকাশ কৰিছিল যদিও মাত্ৰ ২০ লাখ টকা থকাহে পায় ৷

Exit mobile version