Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Behind the attacks on Hindus in Bangladesh:বাংলাদেশত হিন্দু আক্রান্ত হোৱাৰ আঁৰত

#প্রাঞ্জলসেন ডেকা

publisher by publisher
September 2, 2024
in Uncategorized
Reading Time: 4 mins read
0
Behind the attacks on Hindus in Bangladesh:বাংলাদেশত হিন্দু আক্রান্ত হোৱাৰ আঁৰত
1
SHARES
13
VIEWS
ShareShareShareShare

Behind the attacks on Hindus in Bangladesh:বাংলাদেশত হিন্দু আক্রান্ত হোৱাৰ আঁৰত

#প্রাঞ্জলসেন ডেকা

দেশ বিভাজনৰ সময়ৰে পৰাই পূর্ববংগত (তেতিয়াৰ পূব পাকিস্তান) ধর্মীয় সংখ্যালঘু ঘাইকৈ হিন্দুসকল নির্যাতিত হৈ আহিছে। সময়ে সময়ে ইয়াৰ প্রকোপ বৃদ্ধি পালে ভাৰততো স্বাভাৱিকতে তাৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। বিশেষকৈ বাংলাদেশৰ ৰাজনৈতিক পট পৰিৱৰ্তনে বিষয়টোক অধিক স্পৰ্শকাতৰ কৰি তোলে। শ্বেইখ মুজিবৰ ৰহমানৰ নেতৃত্বত ১৯৭১ত বাংলাদেশ গঠনৰ পৰৱৰ্তী সময়ছোৱাত আৱামী লীগ ক্ষমতাৰ পৰা অপসাৰিত হ’লেই হিন্দুৰ ওপৰত আক্রমণ বৃদ্ধি পায়। ১৯৯২ত অযোধ্যাত বাববি মছজিদ ধ্বংসৰ পাছতে বাংলাদেশত হিন্দুৰ ওপৰত বৃহৎ আক্রমণ সংঘটিত হৈছিল। লক্ষ্যণীয়ভারে সেই সময়ত খালেদা জিয়াৰ নেতৃত্বত ঢাকাত বিএনপিৰ চৰকাৰ ক্ষমতাধিষ্ঠিত হৈ আছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০০১ৰ নির্বাচনত শেইখ হাছিনা নেতৃত্বাধীন আৱামী লীগ পৰাজিত হোৱাৰ পাছতে হিন্দুৰ ওপৰত আন এক বৃহৎ আক্রমণ সংঘটিত হয়।

ADVERTISEMENT

ন্যায়াধীশ লতিফুৰ ৰহমানৰ নেতৃত্বত তত্ত্বাবধায়ক চৰকাৰৰ অধীনত অনুষ্ঠিত নির্বাচনত বিএনপিয়ে জয়লাভ কৰাৰ লগে লগে দেশৰ অধিকাংশ জিলাতে হিন্দুৰ ওপৰত আক্রমণ আৰম্ভ হয়। নির্বাচনী ফলাফল ঘোষণাৰ দিনাবে পৰা এনে আক্রমণ হ’বলৈ ধৰে। এনেবোৰ আক্রমণ যে বিএনপিৰ নেতৃত্বতে সংঘটিত হৈছিল, তাৰ ব্যাখ্যা নিষ্প্রয়োজন। খালেদা জিয়াৰ চৰকাৰৰ কাৰ্যকালত ভাৰতৰ বিচ্ছিন্নতাবাদী সশস্ত্র গোটসমূহে যিদৰে বাংলাদেশত আশ্রয়কে ধৰি বিভিন্ন ধৰণৰ সহযোগিতা লাভ কৰিছিল, তেনেদৰেই হিন্দুৰ ওপৰত আক্রমণো অব্যাহত আছিল। ২০০৮ ত শেইখ হাছিনাৰ বাংলাদেশৰ ক্ষমতালৈ প্রত্যাবৱর্তনৰ পাছত তেনে ধৰণৰ আক্ৰমণ হ্রাস পায়; কিন্তু যোৱা পাঁচ আগষ্টত প্রধানমন্ত্রী গৰাকীৰ আকস্মিক দেশত্যাগ আৰু চৰকাৰৰ পতনৰ পাছতে পুনৰ হিন্দুসকলৰ ওপৰত আক্ৰমণৰ ঘটনাই তীব্ৰতৰ ৰূপ ধাৰণ কৰে।

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

bangladesh 1বাংলাদেশৰ জাতীয় হিন্দু মহাজোঁট নামৰ সংগঠনটোৱে সদৰী কৰিছে যে হাছিনাৰ পতনৰ পাছত দেশৰ ৪৮ খন জিলাত ২৭৮টা এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আনহাতে, হিন্দু, বৌদ্ধ, খ্রীষ্ট্রন ঐক্য পৰিষদ নামৰ সংগঠনটোৱে পৰিসংখ্যা দাঙি ধৰিছে যে এই সময়ছোৱাত ৫২খন জিলাত দুই শতাধিক সংখ্যালঘু নির্যাতনৰ ঘটনা ঘটিছে। হিন্দু সম্প্ৰদায়ৰ ঘৰবাৰীৰ লগতে মঠ-মন্দিৰতো সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে সংখ্যালঘু আয়োগ গঠনৰ দাবী উত্থাপন কৰিছে সংখ্যালঘু অধিকাৰ আন্দোলন নামৰ সংগঠন এটিয়ে।

এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত গভীৰ আশংকাত দিন কটাবলগীয়া হৈছে হিন্দুসকলে।ধর্মীয় সহাৱস্থানত বিশ্বাস নকৰা এচামে পাকিস্তানৰ আমোলৰ পৰাই এনেদৰে হিন্দুৰ ওপৰত আতিশয্য চলাই আহিছে; কিন্তু এনে ধৰণৰ ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কেতিয়াও কোনো বিচাৰ হোৱাৰ দৃষ্টান্ত নাই। ফলস্বৰূপে এনে আক্রমণ ৰোধ কৰাটো সম্ভব হৈ উঠা নাই।

অকল সেয়ে নহয়, বাংলাদেশত ধর্মীয় সংখ্যালঘু মুঠ জনসংখ্যাৰ আঠ শতাংশ; কিন্তু সেই অনুপাতত চৰকাৰী চাকৰি আদিত নিয়োগ তথা পদোন্নতি হোৱা নাছিল। হাছিনাৰ আৱামী লীগৰ বিগত ১৫ বছৰীয়া শাসনকালত এনে বৈষম্য হ্রাস কৰাৰ প্ৰচেষ্ট চলোৱা হৈছিল বুলি হিন্দু সংগঠনৰ বিষয়ববীয়াই স্বীকাৰ কৰে।

লক্ষ্যণীয় যে বাংলাদেশত ধর্মীয় সংখ্যালঘুৰ নিপীড়নৰ ঘটনাৰ ৭০ শতাংশৰো অধিক ভূমিকেন্দ্রিক। ২০১৩ৰ পৰা ২০২২ পর্যন্ত দেশত সংখ্যালঘুৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৱলীৰ বিশ্লেষণ কৰি যোৱা জুনত এক প্রতিবেদনত এই তথ্য প্রকাশ কৰিছে গৱেষণা প্রতিষ্ঠান চেণ্টাৰ ফৰ অল্টাৰনেটিভছ আৰু বাংলাদেশ পীচ অৱজাৰভেটৰীয়ে।

উল্লেখ – নিষ্প্রয়োজন যে ধর্মীয় সংখ্যালঘু মানে অধিকাংশ হিন্দুৰ ওপৰতে এনে আতিশয্য চলি আহিছে। হিন্দুৰ সা-সম্পত্তি তথা মঠ-মন্দিৰ ধ্বংসৰ জৰিয়তে এনে আক্রমণৰ বহিঃপ্রকাশ ঘটে। পাছত সেই ঘৰ-সম্পত্তি আক্রমণকাৰী সকলেই অধিকাৰ কৰি লোৱাটোরে নিয়মত পৰিণত হৈছে।

২০০১ৰ সাধাৰণ নির্বাচনত বিএনপি-জামাত ই ইছলামী মর্চা ক্ষমতালৈ অহাৰ পাছত আৱামী লীগ আৰু ইয়াৰ সহযোগী সংগঠনৰ নেতা-কর্মীৰ লগতে হিন্দু সম্প্রদায়ৰ ওপৰত বিভিন্ন ধৰণৰ আক্রমণ, হত্যা-ধর্ষণ-লুণ্ঠন তথা মানৱতাবিৰোধী ঘটনাৰ অভিযোগৰ অনুসন্ধানৰ বাবে বিচাৰ বিভাগীয় তদন্ত আয়োগ গঠন কৰি দিয়া হৈছিল। সেই আয়োগৰ অধ্যক্ষ আছিল বৰ্তমানৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিন। আয়োগে লাভ কৰা ২৫ হেজাৰ অভিযোগৰ ভিতৰত মাত্র – পাঁচ হেজাৰহে বিবেচনাৰ বাবে গ্রহণ কৰে; কিন্তু অতি দুর্ভাগ্যজনকভাবে সেই অভিযোগৰো কোনো বিচাৰ নহ’ল ৷

গতিকে বাংলাদেশৰ হিন্দু অথবা ধর্মীয় সংখ্যালঘুৰ ওপৰত আক্রমণ সংঘটিত কৰি সাৰি যাব পাৰি বুলি এক বদ্ধমূল ধাৰণা গঢ় লৈ উঠিছে। ইয়েই ভুক্তভোগীসকলৰ বাবে অধিক আতংক তথা হতাশাৰ কাৰণ হৈ পৰিছে। অৱশ্যে একাংশ বিশ্লেষক তথা আৱামী লীগ বিৰোধীয়ে এই সম্পর্কত পৃথক যুক্তি দাঙি ধৰে। সেইসকলৰ মতে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা বহু পৰিমাণে ৰাজনৈতিক। তেনে একাংশৰ মতে, বাংলাদেশত হিন্দুৰ ওপৰত আক্রমণ হ’লে ৰাজনৈতিকভাবে সবাতোকৈ বেছি লাভবান হয় আৱামী লীগ; কিয়নো আৱামী লীগত হিন্দুৰ প্রতিনিধিত্ব লক্ষ্যণীয়। তদুপৰি বিগত ১৫ বছৰীয়া শাসন কালত শেইখ হাছিনাৰ আৱামী লীগ চৰকাৰে নিজকে ধর্মনিৰপেক্ষতাৰ পক্ষত থিয় কৰাই মৌলবাদী শক্তিসমূহক উৎখাতৰ প্রচেষ্টা চলাই আহিছে।

bangladesh 2এই কাৰণতে ভাৰতে আবামী লীগক সহযোগিতা আগবঢ়াই আহিছে বুলি বিৰোধীসকলৰ অভিযোগ। তাৰেই প্রভাৱত বাংলাদেশৰ হিন্দুসকলে আবামী লীগক সমর্থন কৰে বুলি বহুতৰে ধাৰণা। এনেবোৰ বিষয়ক লৈয়ে বাংলাদেশত ভাৰতবিৰোধী মনোভাব প্রবল হৈ উঠে আৰু ক্ষমতাৰ পট – পৰিৱৰ্তনৰ দৰে সুযোগ আহিলেই হিন্দুসকলে নৃশংস আক্রমণৰ বলি হৈ তাৰ মূল্য ভৰিব লাগে। তদুপৰি হিন্দুসকলে যিহেতু আৱামী লীগক সমর্থন কৰে, সেয়েহে আৱামী লীগেও হিন্দুসকলৰ ওপৰত এক ধৰণৰ চাপ সৃষ্টি কৰি ৰাখে যে এই দল ক্ষমতাত থাকিলেহে হিন্দুসকল সুৰক্ষিত থাকিব। অৱশ্যে ৰাজনৈতিক কাৰণতে হিন্দুসকলৰ ওপৰত আক্ৰমণৰ যুক্তি কোনোপধ্যে মানি ল’বলৈ সন্মত নহয় সংখ্যালঘু সংগঠনসমূহ।

এই সকলো ঘটনাৰ কাৰণ সাম্প্রদায়িক তথা সা-সম্পত্তি বেদখল কৰাই উদ্দেশ্য বুলি তেওঁলোকে দাবী কৰে। কিয়নো ৰাজনীতি অথবা আৱামী লীগৰ স’তে কোনো ধৰণে জড়িত নোহোৱা বহু লোকৰ ঘৰ-সম্পত্তি ধ্বংস কৰি পেলোৱা হৈছে, যাৰ ভিতৰত বহু বিশিষ্ট ব্যক্তিও আছে। হিন্দুসকলে কেতিয়াও ধর্মীয় জাতীয়তাবাদৰ পক্ষত অৱস্থান গ্রহণ কৰিব নোৱাৰে বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে। বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু হিন্দুসকল যে অনিশ্চিত ভৱিষ্যতৰ সম্মুখীন হ’বলগীয়া হৈছে, তাত সন্দেহ নাই।

সম্প্রতি ন’বেল জয়ী অর্থনীতিবিদ ড° মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱতী চৰকাৰে কার্যনির্বাহ কৰিছে যদিও ৰাজনৈতিক পথাৰত অৱধাৰিতভাৱেই খালেদা জিয়াৰ বিএনপিয়েই সবাতোকৈ সক্রিয় হৈছে। ইয়াৰ বিপৰীতে শেইখ হাছিনাই আকস্মিকভাবে দেশত্যাগ কৰি ভাৰতত আশ্রয় গ্রহণ কৰাৰ পাছত স্বাভাৱিকতে ছেদেলি- ভেদেলি হৈ পৰিছে আৱামী লীগ। আনকি স্বয়ং হাছিনাৰ অৱস্থান অথবা পৰৱর্তী পদক্ষেপক লৈও কোনো তথ্য প্রকাশ পোৱা নাই। ইয়াকে লৈ অনিশ্চয়তা অধিক বৃদ্ধি পাইছে আৱামী লীগ আৰু সমর্থকসকলৰ মাজত। ভগ্নী ৰেহানাৰ স’তে তিনি সপ্তাহৰো অধিক দিন শ্বেইখ হাছিনাই চৰম গোপনীয়তা আৰু কঠোৰ সুৰক্ষাৰ মাজত ভাৰতত আশ্রয় গ্রহণ কৰি আছে।

শেহতীয়াভারে বাংলাদেশ চৰকাৰে হাছিনাৰ ডিপ্ল’মেটিক পাছপ’ৰ্ট প্রত্যাহাৰ কৰাৰ পাছত ভাৰতত হাছিনাৰ বর্তমানৰ অৱস্থান কি তাক লৈও প্রশ্ন উত্থাপিত হৈছে। এনে পৰিপ্ৰেক্ষিতত আপাত দৃষ্টিত হাছিনাক লৈ ভাৰতৰ সম্মুখত সম্প্রতি তিনিটা বিকল্প খোলা আছে। প্রথমতে, তৃতীয় কোনো দেশত হাছিনাৰ নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা কৰা। দ্বিতীয়তে,  সদ্য প্রাক্তন প্রধানমন্ত্ৰী গৰাকীক ভাৰততে ৰাজনৈতিক আশ্রয় প্রদান কৰি বৰ্তমানৰ দৰেই ৰাখি থোৱা। তৃতীয়, উপযুক্ত পৰিবেশত বাংলাদেশত হাছিনাৰ ৰাজনৈতিক প্রত্যাৱৰ্তনৰ বাবে সুযোগ সৃষ্টি কৰা আৰু তাৰ বাবে প্রস্তুতি অব্যাহত ৰখা।

অৱশ্যে ইয়াবে প্রথমটো বিকল্পই যে শ্রেষ্ঠ তাক লৈ দ্বিমত নাই। যোৱা ছয় আগষ্টত বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰে সংসদত বাংলাদেশৰ পৰিস্থিতিৰ সম্পৰ্কত এক বিবৃতি দাঙি ধৰি কৈছিল যে হাছিনাৰ ভাৰতত আশ্রয় গ্রহণ সাময়িক। তাৰ পাছত আৰু এই সম্পর্কত আজি পর্যন্ত ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো বক্তব্য দাঙি ধৰা হোৱা নাই। হাছিনাক সুৰক্ষিত আশ্রয়ৰ বাবে তৃতীয় কোনো দেশলৈ প্রেৰণৰ প্ৰচেষ্টা অব্যাহত আছে। অৱশ্যে সেয়া শীঘ্রে সম্ভব নহ’লেও দিল্লীয়ে তেওঁক দীঘলীয়া আশ্রয়দানৰ বাবে দ্বিধাগ্রস্ত নহয়। হাছিনাৰ ইউ কে যাত্ৰাৰ প্ৰস্তাৱ আৰম্ভণিতে বাধাপ্রাপ্ত হোৱাৰ পাছত ভাৰতে ইউ এ ই, ছৌদি আৰৱ, কাটাৰৰ উপৰি ইউৰোপৰো দুই-এখন দেশৰ স’তে আলোচনা অব্যাহত ৰাখিছে যদিও এই পর্যন্ত অগ্রগতিৰ কোনো নির্দিষ্ট তথ্য কোনো পক্ষই প্রকাশ কৰা নাই। অৱশ্যে হাছিনাই কোনো দেশতে আশ্রয় বিচাৰি লিখিত আবেদন কৰা নাই; বৰঞ্চ তেওঁৰ মৌখিক সম্মতিৰ ভিত্তিত ভাৰত চৰকাৰেই যাবতীয় কথা-বতৰা আগবাাই নিছে।

পূৰ্বেও তিব্বতী ধর্মগুক দালাই লামা, নেপালৰ ৰজা ত্রিভুবন বীৰ বিক্ৰম অথবা আফগানিস্তানৰ ৰাষ্ট্ৰপতি নাজিবুল্লাৰ দৰে বহু বিদেশী নেতাক ভাৰতে ৰাজনৈতিক আশ্রয় প্রদান কৰি থৈছে। আনকি ১৯৭৫ত হাছিনায়ো সপৰিয়ালে ভাৰতৰ আশ্রয় লাভ কৰিছিল। অৱশ্যে এইবাৰ হাছিনাক দীঘলীয়া আশ্রয়দান কৰিলে দুই দেশৰ মাজৰ সম্পৰ্কত কেনে প্রভাৱ পৰিব পাৰে তাক লৈ দিল্লী সতর্ক নোহোৱা নহয়। কিয়নো ১৯৫৯ ত দালাই লামাক ৰাজনৈতিক আশ্রয় প্রদানৰ ফলত ভাৰত-চীন সম্পৰ্কত যি তিক্ততাৰ সৃষ্টি হৈছিল, সুদীর্ঘ ৬৫ বছৰেও তাৰ ওৰ নপৰিল।

ভাৰত অথবা বিশ্বই দালাই লামাক শ্রদ্ধাৰ চকুৰে চালেও দিল্লী-বেইজিঙৰ মাজত তেওঁক লৈ অস্বস্তি বৈ গৈছে। গতিকে হাছিনাৰ ক্ষেত্ৰতো কথাটো লক্ষ্যণীয় হ’ব। কিয়নো শেহতীয়া যি আন্দোলনৰ ফলত হাছিনাৰ পতন ঘটিল, সেই আন্দোলনত ভাৰতবিৰোধী চৰিত্ৰও প্ৰকট হৈছিল। গতিকে সেই ভাৰতেই যদি হাছিনাক বাজনৈতিক আশ্রয়দান কৰে, তেন্তে বাংলাদেশত ভাৰতবিৰোধী মনোভাৱ অধিক শক্তিশালী’ হৈ উঠাৰ আশংকা নথকা নহয়।

তেনে ক্ষেত্রত বাংলাদেশৰ নতুন চৰকাৰৰ স’তে সুসম্পর্ক গঢ়ি তোলাৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে পৰিস্থিতিৰ বিষয়ে ভালদৰে অৱগত হৈও দীর্ঘদিনৰ বন্ধু শেইখ হাছিনাৰ পক্ষতে যে দিল্লীয়ে থিয় দিব তাত সন্দেহ নাই। ইয়াৰ জৰিয়তে ভাৰতে নিজৰ স্থিতিৰ ক্ষেত্ৰত দৃঢ়তাও আন্তর্জাতিক মহলত দাঙি ধৰাৰ সুযোগ ল’ব
বিচাৰিছে। এনেবোৰ বিচাৰ বিশ্লেষণৰ সমান্তবালভাবে প্রশ্ন উত্থাপিত হৈছে যে বাংলাদেশত শেইখ হাছিনাৰ ৰাজনৈতিক – প্রত্যাবর্তন সম্ভৱনে?

এই কথা ঠিক যে সাম্প্রতিক পৰিস্থিতিত চৰকাৰৰ পতন ঘটিলেও আৱামী লীগ চিৰদিনৰ বাবে – নিশ্ছিন্ন হোৱা নাই। ইয়াৰ পূৰ্বে ১৯৮১, ১৯৯৬ আৰু ২০০৮ত হাছিনাই তিনিবাৰকৈ দেশৰ ৰাজনীতিত শক্তিশালী ব প্রত্যাবর্তন ঘটাবলৈ সক্ষম হৈছে। গতিকে তেওঁ বাংলাদেশলৈ উভতি গৈ আৱামী লীগক নেতৃত্ব দি ৰাজনীতিত পুনৰ শক্তিশালী ভূমিকা পালন কৰিব পাৰে বুলি একাংশ পর্যবেক্ষকে এতিয়াও দৃঢ়ভাবে বিশ্বাস কৰে।

অৱশ্যে এই ক্ষেত্ৰত য়ে ভাৰতৰ শক্তিশালী সহযোগিতাৰ প্ৰয়োজন হ’ব। আৱামী লীগ নিষিদ্ধ সংগঠন নহয় আৰু সমগ্র দেশজুৰি দলৰ এক শক্তিশালী ভেটি আছে। গতিকে সেই দলৰ শীর্ষ নেত্রী হিচাপে তেওঁ স্বদেশলৈ প্রত্যাৱর্তন কৰি ৰাজনীতি কৰিব নোৱৰাৰ কথা নাই। হাছিনাৰ বিৰুদ্ধে কোনো গোচৰ চলিলেও অথবা পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন। হ’লেও তেওঁক ৰাজনীতিত প্ৰৱেশৰ পৰা বাধা দিয়াটো নিশ্চয়কৈ কঠিন হ’ব।

অৱশ্যে ভাৰতৰ সহায়তো হাছিনাৰ নেতৃত্বত আৱামী লীগে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ’ব বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে বিশ্বাস নকৰে। কিন্তু বিগত পাঁচ দশক ধৰি শেইখ হাছিনাৰ ওপৰত ভাৰতে যি ধৰণৰ সু-সম্পৰ্ক ৰক্ষা কৰি সহায়-সহযোগিতা আগবঢ়াই আহিছে তাৰ পৰিপ্ৰেক্ষিতত দিল্লীয়ে এই মুহূর্ততে তেওঁক অনুৎপাদনশীল সম্পদৰূপে চিহ্নিত কৰিবলৈ নিবিচৰাটোৱে স্বাভাৱিক।

ফোন:৯৪৩৫০-১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Attacks on HindusBangladesh ViolenceBehind the attackPranjalsen DekaSpl Articles
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d