Dibrugarh police arrested fraudster Bishal Phukan:
এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ লোকৰ পিঠাৰে বিহু পতা মহা প্ৰৱঞ্চক বিশাল বৰা অৱশেষত পৰিল আৰক্ষীৰ জালত। ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপার্টমেন্টৰ পৰা আটক মহা প্ৰৱঞ্চক বিশালক চাৰিঘণ্টাজুৰি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় বিশালক ৷
উল্লেখ্য যে Sebi ৰ নিয়ম ভংগ কৰি অনলাইন ট্ৰেডিঙৰ নামত ৬০ দিনত ৩০ শতাংশ নিশ্চিত ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতিৰে বহু হেজাৰ বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় দুহেজাৰ কোটি টকা ৷ এই টকা৷ অধিক মুনাফাৰ আশাত বিনিয়োগকাৰী সকলে নিজৰ দীৰ্ঘদিনীয়া কষ্টোপাৰ্জিত ধন দিছিল ২২বছৰীয়া মহা ধুৰন্ধৰ বিশাল ফুকনক। কিন্ত কাৰ্যত:এই ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ বিপৰীতে মহা প্ৰৱঞ্চকজনে বিলাসবহুল জীৱন কটাইছিল ৷
হেজাৰ হেজাৰ লোকক ৰামথগন দি এক ৰাজকীয় জীৱন যাপন কৰিছিল ৷ আনকি প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা কোটি কোটি টকাৰে স্থাপন কৰিছিল তিনিটাকৈ কোম্পানী । মন গ’লেই উৰা মাৰিছিল বিদেশলৈ ৷ বিলাসী বহুতাৰকাযুক্ত বিলাসী হোটেলত বাহৰ পাতিছিল ৷
বিদেশত ৰাজকীয় জীৱন যাপনৰ কেতবোৰ ফটোও আপলোড কৰিছিল চ’ছিয়েল মিডিয়াত ৷ বিশেষকৈ স্কাই ডাইভিঙ ক্ৰীড়াৰ প্ৰতি আগ্ৰহ থকা হেতুকে সঘনাই ডুবাইলৈ গৈ নিজৰ অভিলাষ পূৰণ কৰিছিল। সংগৃহীত ধনেৰে মাতৃক উপহাৰ দিছিল ৩৫ লাখটকীয়া বিলাসী বাহন।
# মহা প্ৰৱঞ্চক বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ আৰম্ভ শ্বেয়াৰ মাৰ্কেটত ডিমাট একাউণ্টৰ জৰিয়তে
সৰৰে পৰা প্ৰৱল উচ্চাকাংশী মনৰ বিশালে মাত্ৰ ১৮ বছৰ বয়সতে শ্বেয়াৰ মাৰ্কেটত ডিমাট একাউণ্ট খুলিছিল বিশালে ৷ ইয়াৰ জৰিয়তে কম সময়ৰ ভিতৰত প্ৰায় বহু কোটি টকাৰ গৰাকী হৈ পৰিছিল ৷ইমান কম সময়ৰ ভিতৰত কি আলাউদ্দিনৰ চাকিৰ জৰিয়তে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰিছিল৷তাক দেখি তবধ মানিছিল বহুজনে ৷
কিন্ত শেহতীয়াকৈ ডিপি ষ্টক কাণ্ডৰ পিছতে বিনিয়োগকাৰীয়ে প্ৰাপ্য ধনৰ বাবে হাহাকাৰ কৰাৰ পিছতে বিশেষ চৰ্চালৈ আহে প্ৰৱঞ্চক বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল খনৰ খবৰ ৷ আনহাতে ৰাজ্য খনৰ য’তে ত’তে অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে সঘনাই অভিযোগ উদ্থাপিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত অনলাইন ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাবলৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল ডিজিপিক ৷
ইয়াৰ পিছতে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰে ৷ এই অভিযান অংশ হিচাপে ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপার্টমেন্টৰ পৰা প্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত বিশালৰ বাসগৃহৰ পৰা জব্দ হয় বহু আপত্তিজনৰ নথিপত্ৰ ,ছটাকৈ আইফোন,আৰবীয় মুদ্রা দিৰহাম ৷ ইতিমধ্যে আটকাধীন বিশালৰ বিৰুদ্ধে 352/24 নম্বৰত পঞ্জীয়ন হয় এটা গোচৰ ৷
বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতেও বিশাল জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷নীতিবহির্ভূতভাৱে ফৰেক্স ট্রেড কৰাৰো সন্দেহ তদন্তকাৰী আৰক্ষীৰ ৷ আনহাতে ঘটনাক্ৰমে বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাকো আৰক্ষীয়ে আটক কৰিছে । মাত্ৰ ২২ বছৰ বয়সত কে’বা শ কোটি টকাৰ গৰাকী হৈ পৰা বিশাল ফুকনৰ বৃহৎ সাম্ৰাজ্য খনৰ ৰহস্য পোহৰলৈ আহিব আৰক্ষীৰ ক্ষীপ্ৰ তদন্তত।
#বিশাল ফুকনৰ লগতে নাম সাঙোৰ খাইছে অভিনেত্ৰী চুমি বৰাৰ নাম
: মহা প্ৰৱঞ্চক বিশাল ফুকনৰ স’তে নাম সাঙোৰ খাইছে অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ নাম ৷ডিব্ৰুগড় বাণীপুৰৰ এটি সাধাৰণ পৰিয়ালৰ জীয়ৰী চুমি বৰা ৷ অভিনয়ৰ আগ্ৰহ থকাৰ বাবেই খুব সময়ৰ ভিতৰত বিভিন্ন ৱেৱ চিৰিজ আদিত নৃত্য কৰি পৰৱৰ্তী সময়ত এগৰাকী কৰিঅ’গ্ৰাফাৰ হিচাপে জনপ্ৰিয় হৈ পৰে । আনকি কি আলাউদ্দিনৰ চাকিৰ বলত কম সময়ৰ ভিতৰত কোটি কোটি টকাৰ গৰাকী গৰাকী হ’ল ইয়াকে লৈ বিভিন্নজনে প্ৰশ্ন উদ্থাপিত কৰিছিল।
কাৰ্তিক বৰাৰ স’তে বিবাহৰ বিশেষ আয়োজন কৰিছিল ৰাজস্থানৰ উদয়পুৰৰ এটা বিলাসী দুৰ্গত। য’ত খৰছ হৈছিল বহু কোটি টকা ৷ শেহতীয়াকৈ মহা প্ৰৱঞ্চক বিশাল ফুকনে নিৰ্মাণ কৰিব লগীয়া এখন ৱেৱ চিৰিজ আৰু এখন কথাছবিৰ সৈতে চুক্তিবদ্ধ হৈছিল চুমি বৰা ৷ শ্বটিঙৰ বাবে চুমি বৰাই বিশালৰ স’তে উৰা মাৰিছিল ডুবাইলৈ ৷ বিভিন্ন দেশত প্ৰমোদ ভ্ৰমণ কৰা কালত বিশালৰ স’তে উঠা বহু ফটো আপলোড কৰিছিল চ’ছিয়েল মিডিয়াত ৷ ক্ৰমাৎ বিশালৰ স’তে ঘনিষ্ঠতা বৃদ্ধি পাইছিল চুমিৰ ৷ আনকি বিভিন্নজনক চুমি বৰাই কৈছিল বিশাল তেওঁৰ কনিষ্ঠ ভাতৃ ৷
এনে বহুবোৰ অভিযোগ সন্দৰ্ভত ইতিমধ্যে বিশাল গ্ৰেপ্তাৰ হোৱাৰ পিছত যোৱা নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষীয়ে চুমি বৰাৰ ডিব্ৰুগড় বাণীপুৰৰ পৈত্তিক গৃহত অভিযান চলাই জব্দ কৰে এটা বিলাসী আইফোন ৷ নিশাৰে পৰা চুমি বৰাৰ ফোন বন্ধ হৈ আছে। চুমিক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান। গুৱাহাটী বেলতলাৰ ঘোঁৰামৰাস্থ বাসগৃহত মহানগৰ আৰক্ষীয়ে অভিযান চলাইছে যদিও স্বামী কাৰ্তিক বৰা সহ চুমী বৰাৰ শুংসূত্ৰ উলিয়াব পৰা নাই ৷ আৰক্ষীৰ সন্দেহ পলায়ন কৰিছে চুমী বৰা ।
উল্লেখ্য যে ডিব্ৰুগড় বাণীপুৰস্থিত গৃহত ডিব্ৰুগড় আৰক্ষীৰ অভিযানত পিতৃ- মাতৃ সহ পৰিয়ালৰ লোকক সোধা-পোছা কৰে আৰক্ষীয়ে ৷ পিতৃয়ে সদৰি কৰা মতে,‘প্ৰায় ২০ দিনৰ পূৰ্বে চুমী বৰাৰ লগত শেষ যোগাযোগ হৈছিল তেওঁৰ ৷ চুমী বৰা অন্তধ্যান হোৱাৰ পিছত এটা কথা স্পষ্ট যে যিকোনো মূহূর্ততে গ্রেপ্তাৰ হ’ব পাৰে অভিনেত্রী চুমি বৰা ৷
ইপিনে কেতবোৰ প্ৰশ্ন উঠিছে শেহতীয়াকৈ ,কাৰ টকা বিনিয়োেগ হৈছিল চুমী বৰাৰ উদয়পুৰৰ কোটিটকীয়া বিবাহ ৷ কোটিটকীয়া বিবাহৰ টকা ক’ত পাইছিল ৷ চুমী বৰাৰ বিয়াৰ ফাইনেন্সাৰ কোন আছিল । এইবোৰ বিষয়ও আৰক্ষীৰ তদন্তলৈ অহাৰ সম্ভাৱনা ।
আনহাতে অনলাইন ট্ৰেডিঙৰ অপৰাধত ইজনৰ পাছত সিজনকৈ প্ৰৱঞ্চক গ্ৰেপ্তাৰ কৰাৰ পিছত গুৱাহাটীত এক সংবাদমেলত মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়,এই কামত জড়িত থকাৰ বিৰুদ্ধে আৰক্ষী অতি কঠোৰ ৷ কোনো সাৰিব নোৱাৰিব ৷ সকলো অচিৰেই আৰক্ষীৰ জালত পৰিব ৷ একেদৰে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিবলৈ বিনিয়োগকাৰীক আহ্বান জনাইছে ।