BNP-Jamaat has opposed the ban on the Awami League:
বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বাবে সকাহৰ খবৰ। হাছিনা নেতৃত্বাধীন আৱামী লীগৰ বিৰুদ্ধে নিষেধাক্ষা আৰোপৰ ব্যাপক দাবীৰ মাজতে দলটোৰ অন্যতম প্রতিদ্বন্দ্বী ৰাজনৈতিক দল বিএনপি আৰু বাংলাদেশ জামাত এ ইছলামীয়ে নিষেধাজ্ঞা আৰোপৰ বিৰোধিতা কৰিলে।
বিএনপি আৰু জামাতে স্পষ্টভাবে কয় যে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা সমর্থন নকৰে। উল্লেখ্য যে চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে দীঘলীয়া ছাত্র আন্দোলন অব্যাহত থকাৰ মাজতে যোৱা পাঁচ আগষ্টত প্রধানমন্ত্রী পদ ত্যাগ কৰি হাছিনাই ভাৰতলৈ পলায়ন কৰিছিল। হাছিনাৰ পলায়নৰ পাছৰে পৰা তেওঁৰ দল আৱামী লীগক নিষিদ্ধ কৰিবলৈ ব্যাপক দাবী উত্থাপন হৈ আহিছে। কিন্তু আৱামী লীগক নিষিদ্ধ কৰাৰ পক্ষপাতী নহয় বুলি স্থিতি স্পষ্ট কৰিলে বিএনপি আৰু জামাতে।