Money Trading Case Cid Constable Aarrested:সৰিয়হ তলিতে ভুত !

মানি ট্ৰেডিঙৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ চিআইডিৰ বিষয়া, গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিআইডিৰ কনিষ্টবল সৰোজ ডেকাক

cid 1

Money Trading Case Cid Constable Aarrested:

শেহতীয়াভাৱে পোহৰলৈ অহা ৰাজ্য কঁপোৱা অবৈধভাবে ধন সংগ্রহ (মানি ট্রেডিং) কেলেংকাৰিৰ সূত্রপাত ২০১৫ তে ঘটে। আনকি একাংশ বৈধ কোম্পানীৰ নামত অবৈধভাবে একাংশ অসাধু লোকে ধন সংগ্ৰহ কৰিও আত্মসাৎ কৰে। এনে প্ৰক্ৰিয়াৰে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি নিশাটোৰ ভিতৰতে অজস্র সম্পত্তিৰ গৰাকী হোৱা কে’বাজনো ইতিমধ্যে জালত পৰিছে।

আশ্চর্যজনকভাবে এই অবৈধ বেহাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ এজন কনিষ্টবল (লেন্সনায়ক)। সৰোজ ডেকা নামৰ এই চিআইডি কনিষ্টবলজনৰ স’তে সম্পৰ্ক থকা শোণিতপুৰৰ চাৰিদুৱাৰৰ এজন বিত্তীয় প্ৰৱঞ্চকো জালত পৰিছে। বৃহস্পতিবাৰে চাৰিদুৱাৰ আৰক্ষীয়ে অঞ্জন সুপ্রিয়ম দাস নামৰ এই প্রবঞ্চকজনক গ্ৰেপ্তাৰ কৰে।

পাছত তেওঁ সাংবাদিকৰ আগত প্রকাশ কৰে যে বিত্তীয় প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কনিষ্টবল ডেকা পূর্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত নিয়োজিত আছিল। তেতিয়া তেওঁ ভবিষ্যনিধিৰ কামত বিসংগতি কৰাত তেওঁক চিআইডি মুখ্য কার্যালয়লৈ কর্তৃপক্ষই বদলি কৰে। ইতিমধ্যে ডেকাক জিম্মাত লোৱাৰ উদ্দেশ্যে চাৰিদুবাৰ আৰক্ষীৰ এটা দল গুৱাহাটীলৈ ৰাওনা হৈছে।

আনহাতে, ধৃত অঞ্জনে প্ৰকাশ কৰা অনুসৰি, চিআইডি কনিষ্টবল সৰোজৰ স’তে তেওঁৰ ফে’চবুকৰ জৰিয়তে পৰিচয় ঘটে। তাৰ পূৰ্বৰে পৰা অঞ্জন অনলাইন ট্রেডিঙৰ নামত অবৈধভাৱে ধন সংগ্রহত জড়িত আছিল। পাছত ডেকাই তেওঁক দিয়া প্রস্তাৱ মর্মে প্রথম অৱস্থাত তেওঁ প্রাণকৃষ্ণ নাথ নামৰ এজন যুৱকৰ পৰা এক লাখসহ মুঠ চাৰে তিনি লাখ টকা সংগ্ৰহ কৰি ডেকাক হস্তান্তৰ কৰে। এনেদৰে তেওঁ সংগ্রহ কৰা ধনৰ মাজত অঞ্জনৰ মাতৃৰ এক লাখ টকা আৰু নিজৰ সম্পত্তি বিক্ৰী কৰি পোৱা ডেৰ লাখ টকা আছে বুলি তেওঁ প্রকাশ কৰিছে।

অঞ্জনে লগতে প্ৰকাশ কৰা অনুসৰি ২০১৫ৰ পৰাই ৰাজ্যত অনলাইন ট্রেডিঙৰ নামত ঠগ-প্রৱঞ্চনা চলি আহিছে। তেওঁ নিজে ১৮ লাখ টকা সংগ্রহ কৰি কনিষ্টবল ডেকাক হস্তান্তৰ কৰে। ইয়াৰ বিনিময়ত তেওঁ প্রায় ১৫ মাহ যথেষ্ট লাভ অর্জন কৰে যদিও পাছলৈ খেলি-মেলি আৰম্ভ হয়।

আনহাতে, ডেকাই ৰাজ্যৰ বহু যুৱকৰ পৰা ডেৰশ-দুশ কোটি টকা সংগ্ৰহ কৰা বুলি অঞ্জনে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। অৱশ্যে প্রাণকৃষ্ণ নাথে উপযাচি ধন দিছিল বুলি দাবী কৰি, অঞ্জনে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি, পৰৱৰ্তী সময়ত ধন ঘূৰাই দিয়াত অপাৰগতা প্ৰকাশ কৰাত তেওঁৰ স’তে কালি প্রাণকৃষ্ণৰ তর্কাতর্কি হয়। পাছত প্ৰাণকৃষ্ণই চাৰিদুৱাৰ আৰক্ষী থানাত অঞ্জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অঞ্জনক গ্ৰেপ্তাৰ কৰে।

অঞ্জনে দাবী কৰা অনুসৰি, বঙাইগাঁৱৰ এখন হোটেলৰ গৰাকী তথা আৰক্ষীতে কৰ্মৰত ভূপেন চৌধুৰীৰ পৰাও সৰোজে পাঁচ লাখ টকা লৈ ৭০ হাজাৰ টকা ওভটাই দিয়াৰ উপৰি আন এজন আৰক্ষী উপ-পৰিদৰ্শকৰ পৰাও এইদৰে সৰোজে ধন লোৱাৰ কথা প্ৰকাশ কৰে ৷

এই গোচৰতে আৰক্ষীয়ে ডেকাৰ বিৰুদ্ধেও ব্যৱস্থা ল’ব বুলি সূত্রই জনায়। জালত পৰাৰ পাছত অঞ্জনে মন্তব্য কৰিছে যে তেওঁ প্রয়োজনত নার্ক’টিক পৰীক্ষাত বহিবলৈও প্রস্তুত আছে। ডেকাৰ স’তে তেওঁৰ লিখিত চুক্তি আছিল বুলিও অঞ্জনে দাবী কৰে। আৰক্ষীয়ে ইতিমধ্যে ১৪৬/২৪ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷

আনহাতে, চিআইডিৰ কনিষ্টবল ডেকা অনলাইন প্রৱঞ্চনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাত অসম আৰক্ষীত জোঁকাৰণিৰ সৃষ্টি হৈছে বুলি এক সূত্রই জনায়।

Exit mobile version