Himanta Biswa Sarma:বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া

অপৰাধী থাকিব লাগিছিল লকআপত, কিন্ত আৰক্ষী জিন্মাত এটা চেনেলক দি আছিল ইন্টাৰভিউ, দুই অপৰাধী জিমখানা কেনেকৈ পালে, এই  সন্দৰ্ভত তদন্ত দিয়াৰ কথা সদৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

cm sarma new

Himanta Biswa Sarma:

ৰাজ্যৰ বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰিক লৈ চৰকাৰে ল’ব এক কঠোৰ সিদ্ধান্ত। শুক্ৰবাৰৰ কেবিনেটত এই সম্পৰ্কত সাহসী সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা মষ্ট ওৱানটেড চুমি আৰু তাৰ্কিক বৃহস্পতিবাৰে বাবে এছটিএফৰ জালত পৰাৰ এদিনৰ পাছত আজি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ৰাজ্য কপাই যোৱা ট্ৰেডিং কেলেংকাৰীটো মইহে ধৰিলো ৷ এতিয়া মোকে টাৰ্গেট কৰি হোৱানোহোৱাই সমালোচনা কৰি থকা হৈছে ৷ ধৰা মানুহজনক আক্ৰমণ কৰি আচলতে কি বুজাব বিচৰা হৈছে ৷ এনেধৰণৰ কামে অপৰাধীক ভিটামিন দিয়াৰ দৰে হৈছে ৷

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে চুমি আৰু তাৰ্কিকক জিমখানালৈ নিয়া সন্দৰ্ভত কয়,যেতিয় অপৰাধী কেইজনক ধৰিলে তেওঁলোকক আনিব লাগিছিল থানালৈ ৷ কিন্ত ইয়াৰ পৰিৱৰ্তে নিয়া হ’ল জিমখানালৈ ৷ একেদৰে আৰক্ষী জিন্মাত থকা অপৰাধীৰ সাক্ষাৎকাৰ ল’বলৈ সুবিধা দিয়া হৈছে এটা চেনেলক ৷ আনকি মই নিজেই এই ইন্টাৰভিউ চাই আচৰিত। এইয়া কেনেকৈ সম্ভৱ ৷ লগে লগে ডিজিপিক বিষয়টো দৃষ্টিগোচৰ কৰি তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ট্ৰেডিং কেলেংকাৰিৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ট্ৰেডিং কেলেংকাৰী আমাৰ চৰকাৰে পোহৰলৈ আনিছে। আনকি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি দিবলৈ অহা ট্ৰেডিং প্ৰৱঞ্চকো আমি ধৰিছো ৷

ট্ৰেডিং কেলেংকাৰিৰে জড়িত অপৰাধী সকলক আমি হিৰো বনোৱা নাছিলো । কিন্ত দেখা গৈছিল একাংশ ইউটিউবাৰ আৰু চেনেলত এওঁলোকক হিৰো বনাই সাক্ষাৎকাৰ পৰ্যন্ত লোৱা হৈছে ৷ আনহাতে অপৰাধীক আৰক্ষী জিন্মাত সাক্ষাৎকাৰ লোৱা সাংবাদিক আৰু আৰক্ষীৰ সম্পৰ্কক এক চিন্তনীয় বিষয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আনহাতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এই কেলেংকাৰী সন্দৰ্ভত আজি দিছপুৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেটত লোৱা হ’ব এক সাহসী সিদ্ধান্ত ৷

➡️সোণাপুৰৰ কচুতলি উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

জনজাতি বেষ্টনীৰ ভূমি বেদখল কৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলি থাকিব উচ্ছেদ অভিযান৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াৰ ওপৰত বেদখলকাৰীয়ে যি দলবদ্ধ আক্ৰমণ কৰিলে ৷ সেয়া অতিশয় চিন্তনীয় ৷ এইটো কথা স্পষ্ট যে,বেদখলকাৰীক কোনো কাৰণতে প্রশ্রয় দিয়া নহয় ৷ যি উচ্ছেদ চলিছে এয়া ট্রাইবেল বেল্টত চলিছে আৰু নিৰন্তৰ চলি থাকিব। যেতিয়ালৈকে বেদখলমুক্ত নহয় ৷

আনহাতে প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে সৰব হোৱা কংগ্ৰেছত উভতি ধৰি মুখ্যমন্ত্ৰীয়ে কয়,কংগ্ৰেছৰ উচটনিত সোণাপুৰ কাণ্ড সংঘটিত হৈছে | পুৱাৰে পৰা কংগ্ৰেছে বেদখলকাৰীক উচটাবলৈ আৰম্ভ কৰিছিল ৷ তাৰ তথ্য আমি লাভ কৰিছো ৷ এই ভূমিত বহিবলৈ ঠিকা লোৱা দালালকো আমি চিনাক্ত কৰিছো ৷ শীৰ্ঘেই আৰক্ষীৰ জালত পৰিব ৷ তদুপৰি যিসকল বেদখলকাৰী কচুতলিত বহিছে তেওঁলোক বেলেগৰ পৰা অহা নাই ৷ ওচৰৰে বুঢ়াবুঢ়ি অঞ্চলৰ পৰা অহা ৷ আনকি সেই অঞ্চলৰ ভোটাৰ তালিকাত নাম আছে ৷ কিন্ত দেখা গৈছে ৰাজনৈতিক লাভালাভৰ বাবে ডিমৰীয়াৰ কচুতলিৰ ট্ৰাইবেল ব্লেটত বহিছে ৷ কাৰ চত্ৰছায়াত এইবোৰ হৈছে ৷ এইয়াও তদন্ত কৰা হ’ব ৷

Exit mobile version