18th September is the emergency state executive meeting of the AASU:১৮ ছেপ্টেম্বৰত আছুৰ জৰুৰী ৰাজ্যিক কার্যনির্বাহক

শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগত গভীৰ অস্বস্তি

utpal sarma

18th September is the emergency state executive meeting of the AASU:

পদত্যাগী সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আলোচনা আৰু নতুন দায়িত্ববাহী নিযুক্তিৰ বাবে অহা ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্র সন্থাৰ জৰুৰী ৰাজ্যিক কার্যনির্বাহক সভা। সেইদিনা বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়স্থিত সন্থাৰ মুখ্য কাৰ্যালয়ত এই সভা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে শংকৰজ্যোতিৰ বিৰুদ্ধে প্ৰেমত প্ৰতাৰণাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছুৰ নেত্ৰী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে। আছুৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংগঠনটো এনে এক গুৰুতৰ অভিযোগৰ সন্মুখীন হয়। ইয়াৰ ফলত আছু গভীৰ অস্বস্তিত পৰিছে। এনে পৰিস্থিতিত আছুৰ ভাবমূৰ্তি অটুট ৰখাৰ বিষয়টো এই কার্যনির্বাহকত আলোচনা কৰা হ’ব।

ইয়াৰ লগতে সংগঠনৰ পাঁচজন ৰাজ্যিক সহকাৰী সাধাৰণ সম্পাদকৰ মাজৰ পৰা এজনক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে এই সভাতে বাছনি কৰা হ’ব। পৰৱৰ্তী সময়ত সংগঠনৰ সংবিধান অনুসৰি সাধাৰণ সভা অনুষ্ঠিত হ’ব আৰু তাতেই পূর্ণাংগ সাধাৰণ সম্পাদক এজন বাছনি কৰা হ’ব। এই ৰাজ্যিক কার্যনির্বাহকত কার্যনির্বাহকৰ সকলো বিষয়ববীয়া আৰু সদস্য-সদস্যাক উপস্থিত থাকিবলৈ সভাপতি উৎপল শর্মাই আহান জনাইছে।

Exit mobile version