A third Grade employee owns assets worth Rs 50 crore:
দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা ড: হিমন্ত বিশ্ব শর্মা চৰকাৰৰ দিনত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী ৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈছে। কাৰ্যালয়টোৰ সঞ্চালিকা কুলশ্রী নাথৰ প্রত্যক্ষ পৃষ্ঠপোষকাকত অনুসূচিত জাতি কল্যাণৰ বাবে আবণ্টিত কোটি কোটি টকাৰ ধন ঠিকাদাৰৰ স’তে মিলি এচাম বিষয়া- কৰ্মচাৰীয়ে আত্মসাৎ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুব পৰিষদে।
সংগঠনটোৰ সভাপতি সঞ্জীব দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সঞ্চালকালয়ত সংঘটিত বিত্তীয় কেলেংকাৰিৰ সন্দৰ্ভত তদন্ত কৰিবলৈ স্বয়ং প্রধানমন্ত্রী কার্যালয়ে নির্দেশ প্ৰেৰণ কৰাৰ পাছতো ৰহস্যজনকভাবে তদন্ত প্রক্রিয়া আগ নাবাঢ়িল বুলি ক্ষোভ প্রকাশ কৰে।
তেওঁলোকে কয়, ‘সঞ্চালকালয়ৰ দুৰ্নীতিৰ নায়িকা হৈছে সঞ্চালিকা কুলশী নাথ। নাথৰ দুই সহযোগী হৈছে ষ্টেন’গ্ৰাফাৰ সুবর্ণময় দেব আৰু প্ৰকল্প বিষয়া লিটন মিত্র। এই ত্রিমূর্তিয়ে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে আবণ্টিত কোটি কোটি টকাৰ ধন ঠিকাদাৰৰ স’তে মিলি আত্মসাৎ কৰি আহিছে।’ উল্লিখিত তিনি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ চৰকাৰক দাবী জনাই তথ্য দাঙি ধৰি তেওঁলোকে পুনৰ কয়, ‘স্টেন’গ্ৰাফাৰ সুবৰ্ণময়ে ৰুক্মিণীগাঁৱত তিনি কঠা মাটি ক্ৰয় কৰি তিনিমহলীয়া অট্টালিকা নির্মাণ কৰিছে। ডাউনটাউনত তিনি কোঠালিযুক্ত ফ্রেস্ট ক্ৰয় কৰিছে।
পৰিয়ালৰ নামতো বহু সম্পত্তি ক্রয় কৰিছে। ৫০ হেজাৰ টকা দৰমহা লাভ কৰা এজন কৰ্মচাৰীয়ে কেইটামান বছৰৰ ভিতৰতে ৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈছে।’ সুবর্ণময়ৰ হাতত নিবিদা নিয়ন্ত্ৰণৰ চাবি-কাঠি দিয়া হৈছে আৰু বৃহৎ কমিছন আদায় কৰি এক শ্রেণী বিশেষ ঠিকাদাৰক উল্লিখিত তিনি বিষয়া-কর্মচাৰীয়ে সন্তুষ্ট কৰি আহিছে বুলি সংগঠনটোৰ নেতাদ্বয়ে উল্লেখ কৰে। প্ৰকল্প বিষয়া মিত্রক কার্যালয়টোৰ পৰা বদলি কৰা হৈছিল যদিও টকাৰ খক এৰিব নোৱাৰি পিতৃৰ ৰোগৰ অচিলা লৈ ন্যায়ালয়ৰ কাষ চাপে বুলি তেওঁলোকে মন্তব্য কৰি প্ৰকৃততে পিতৃৰ ৰোগ এক অজুহাতহে আছিল বুলি কয়।
উল্লেখ্য যে দুর্নীতিসমূহ তথ্যসহ সংশ্লিষ্ট পক্ষসমূহক দাখিল কৰা হৈছে যদিও কোনোধৰণৰ তদন্ত নহ’ল বুলি তেওঁলোকে ক্ষোভ প্রকাশ কৰি শীঘ্ৰে এই দুর্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনায়। তেওঁলোকে অভিযোগ কৰে যে ছাত্র-ছাত্রীক বৃত্তি প্রদানৰ নামত সাত কোটি টকা, বৈদ্যুতিক তাঁতশাল বিতৰণ, কৰ্মচাৰী নিযুক্তি, ব্লেক লিস্টেড ঠিকাদাৰক কামৰ আবণ্টন, টিভি, পাকঘৰৰ সামগ্রী বিতৰণৰ নামত ১৪০ কোটি টকাৰ দুর্নীতি সংঘটিত হৈছে।






























