sleep

Do you sweat in your sleep? টোপনিত ঘামে নেকি ?

অসহ্যকৰ গৰম নাইবা অতিমাত্রা পৰিশ্ৰম কৰিলে শৰীৰৰ পৰা ঘাম বাহিৰ হোৱাটো একেবাৰে স্বাভাবিক প্রক্রিয়া। কিন্তু যিকোনো সময়তে বিনা পৰিশ্ৰম বা স্বাভাৱিক তাপমাত্রাতো ঘাম ওলোবা কার্য একেবাৰে স্বাভাবিক কথা নহয়। বৰঞ্চ ই চিন্তাৰহে বিষয়। সেই বিষয়ে আগতেও চর্চা কৰা হৈছে। কিন্তু আজিৰ বিষয়টো হ’ল নিদ্রাৰত অৱস্থাত ঘর্মাক্ত হোৱা। এনে বহু লোক আছে, যিসকলে নিশা নিদ্ৰাৰত অৱস্থাতো ঘাম ওলোৱা সমস্যাত ভোগে।

অতি বেছি গৰম আৰু আর্দ্রতাযুক্ত পৰিৱেশ বা ঘৰৰ পৰিৱেশত বিশেষ গৰম ভাব নথকা সত্ত্বেও মাত্রাধিকভাবে ঘমা, বিশেষকৈ নিশাৰ ভাগত ঘর্মাক্ত হোৱাৰ সমস্যাক অৱহেলা কৰা একেবাৰে অনুচিত। কাৰণ, নিশা নিদ্রাৰত অৱস্থাত অতিৰিক্তভাবে ঘমাৰ সমস্যা কোনো মাৰাত্মক ৰোগৰ লক্ষণ হ’ব পাৰে । স্নায়বিক সমস্যা অট’ন’মিক ডাইবেফ্লেক্সিয়া, ছাইৰিনগ’মাইলিয়া, অট’ন’মিক (নিউব’ল’জিকেল) নিউৰ’পেথী ইত্যাদি স্নায়বিক কোনো অস্বাভাবিকতাৰ কাৰণে ঘাম বাঢ়ি যায়। যাৰ ফলত বহুতেই নিশা ঘামি যোৱাৰ সমস্যাত ভুগিব পাৰে।

হৰম’ন ডিজ’ৰ্ডাৰ যিসকল লোকে হৰম’নৰ তাৰতম্যৰ সমস্যাত ভোগে, তেওঁলোক অধিকাংশ ক্ষেত্রতে নিশা ঘর্মাক্ত হৈ পৰাৰ সমস্যাত ভোগা দেখা যায়। কাছডিন’য়েড ছিন্ড্র’ম বা হাইপাৰথায়ব’য়েডিজম সমস্যাৰ কাৰণেও নিশা টোপনিত ঘর্মাক্ত হোৱাৰ সমস্যা হ’ব পাৰে। হাইপ’গ্লাইচেমিয়া নিম্ন ৰক্তচাপৰ ফলত বহুতব মাজত হাইপ’গ্লাইচেমিয়াৰ সমস্যাই দেখা দিয়ে। যিসকলে ডায়েবেটিছৰ কাৰণে ইনচ্যুলিন বা এই জাতীয় অন্যান্য ঔষধ সেৱন কৰে, তেওঁলোকে নিশান ভাগত হাইপ’গ্লাইচেমিয়াত ভোগা দেখা যায়। যাৰ ফলত অতিৰিক্তভাবে ঘাম ওলাব পাৰে।

# কর্কট:

লিম্ফোমাকে ধৰি কিছু প্ৰকাৰৰ কৰ্কটৰ কাৰণেও নিশা ঘাম ‘ওলোৱাৰ সমস্যাই দেখা দিয়ে। অৱশ্যেত লোকজন কর্কটত আক্রান্ত হ’লে মাত্ৰাধিক ঘামৰ সমান্তৰালকৈ জুৰ আৰু হঠাৎ মাত্রাধিক ওজন হ্রাসৰ সমস্যায়ো দেখা দিয়ে।

আইড’পেথিক হাইপাৰহাইড্ৰ’ছিছ আইড’পেথিক হাইপাৰহাইড্ৰ’ছিছৰ সমস্যাত নিশা শোৱাৰ সময়ত মাত্রাধিক ঘর্মাক্ত হোৱাৰ প্ৰৱণতা আবম্ভ হয়। অৱশ্যে এই সমস্যাৰ কোনো মূল কাৰণ এইপর্যন্ত ওলোৱা নাই।

Exit mobile version