Today Mahasaptami:
শৰতৰ আকাশ নির্মল নহ’লেও পূজাৰ আনন্দ এতিয়া ৰাজ্যত তুংগত উঠিছে। চৌদিশ মুখৰিত হৈছে দুর্গতিনাশিনীৰ স্তুতি, মন্ত্রোচ্চাৰণ, ঢাক-ঢোলৰ শব্দই। বিচিত্ৰ কাৰুকাৰ্যৰে দীর্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত সজাই তোলা মণ্ডপবোৰো চালে চকু ৰোৱা হৈছে।
পূজাৰ মণ্ডপতো এতিয়া অঘোষিত উদ্ভাৱনী চিন্তাৰ প্ৰতিযোগিতা হয়। সেয়েহে ক’ৰবাত যদি গ্রন্থ জনপ্ৰিয়কৰণৰ বিষয়বস্তু লৈ মণ্ডপ সজাই তোলা হৈছে,ক’ৰবাত আকৌ পৰিৱেশ ৰক্ষাৰ বিষয়ক গুৰুত্ব দিয়া হৈছে। ক’ৰবাত যদি বিশ্ববিখ্যাত স্থাপত্য কলাক প্রতিভাত কৰা হৈছে, ক’ৰবাত আকৌ গুৰুত্ব দিয়া হৈছে অসমীয়া থলুৱা কৃষ্টি-সংস্কৃতিক।
ৰং-বিৰঙী পোহৰৰ মায়াজালৰেও মোহনীয় ৰূপ দিয়া হৈছে পূজাথলীসমূহক। মুঠৰ ওপৰত চলিছে অঘোষিত প্রতিযোগিতা। সমান্তৰালভাবে প্রতিমাক আকর্ষণীয় কৰি তোলাতো কার্পণ্য কৰা নাই আয়োজক সমিতিয়ে। ইয়াৰ বাবে বহিঃৰাজ্য বিশেষকৈ পশ্চিমবংগৰ পৰা এইবাৰো আমদানি কৰা হৈছে শিল্পী, কলাকুশলীৰ। ইয়াৰ ফলত কোটি কোটি টকা অসমৰ পৰা বহিঃৰাজ্যলৈ ওলাই গৈছে।
ৰমক-জমকৰ মাজতে কেৱল আধ্যাত্মিকতাক গুৰুত্ব দিও উদযাপন কৰা পূজাৰ আকাল নাই। এনে পূজাৰ উদ্যোক্তাসকলক কেতিয়াও চুব পৰা নাই বাহ্যিকতাই। গতিকে পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণৰে ৰাজ্যৰ আকাশ-বতাহ এতিয়া দুর্গতিনাশিনীৰ বন্দনাৰে কাহিলিপুৱাৰ পৰা মাজনিশালৈ মুখৰ হৈ পৰিছে। এইবাৰ পূজাৰ ক্ষণ গণনাক লৈ যথেষ্ট দোমোজাৰ সৃষ্টি হৈছে। একেটা দিনতে দুদিনৰ পূজা পৰিছে। কালিৰে পৰা ষষ্ঠী আৰম্ভ হৈছে যদিও বহু মণ্ডপত মঙলবাৰেই এই পূজা সম্পন্ন কৰা হয়। আজি মহাসপ্তমী। অথচ অষ্টমীৰো ক্ষণ পৰিছে।
বহু পূজা মণ্ডপত বুধবাৰে পুৱাতে ষষ্ঠীৰ পূজা সম্পন্ন কৰা হয়। ইয়াকে লৈ পূজাথলীসমূহত পুৱাতে যথেষ্ট লোকৰ ভিৰ হয়। অৱশ্যে যোৱা নিশা আৰু আজি পুৱা ৰাজ্যৰ বিভিন্ন স্থানত হোৱা প্ৰবল বৰষুণৰ বাবে মন যথেষ্ট অসুবিধাৰো সৃষ্টি হয়। দুপৰীয়ালৈ সমগ্ৰ ৰাজ্যতে বতৰ কম-বেছি পৰিমাণে ডাৱৰীয়া হৈ থাকিলেও বৰষুণ নোহোৱাত বহু লোক ষষ্ঠীৰ পূজাথলীত উপস্থিত হয়। সন্ধিয়াহে অধিকাংশ পূজাথলীত পূজাৰ প্ৰথম দিনটোতে বিৰ দি বাট নোপোৱা অৱস্থা। সমান্তৰালভাবে বজাৰবোৰতো ভিৰ দেখা যায়।
গুৱাহাটীত এইবাৰ প্রায় ৬৫০ খন পূজা অনুষ্ঠিত হৈছে। মহানগৰীৰ পূজাৰ পূৰ্বৰে পৰা বিশেষ আকর্ষণ আছে। আকর্ষণীয় মণ্ডপ আৰু প্ৰতিমাৰ বাবে মহানগৰীৰ, কে’বাখনো পূজা প্রসিদ্ধ। লাখ লাখ টকা ব্যয়ৰে এই পূজা উদযাপন কৰা হয়। তেনে পূজাবোৰৰ অধিকাংশই হৈছে অতি পুৰণি। উদাহৰণ স্বৰূপে এইবাৰ ৭৪ বৰ্ষৰ বাবে পূজা পালন কৰিছে বিষ্ণুপুৰ সার্বজনীন পূজা উদযাপন সমিতিয়ে। প্রতি বছৰে এইখন পূজাৰ মণ্ডপে চমক দেখুৱাই আহিছে। চমক দিয়াত কেতিয়াও কার্পণ্য কৰা নাই পূজা সমিতিয়ে। এইবাৰো ডেৰমহীয়া প্রস্তুতিৰে মণ্ডপটো পুৰণি প্রাসাদৰ আর্হিত সজাই তোলা হৈছে।
ভাস্কৰ নগৰ সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে এইবাৰ ৫৫ সংখ্যক উদযাপন বৰ্ষত মণ্ডপটো জগন্নাথৰ ৰথযাত্ৰাৰ আর্হিত সজাই তুলিছে। মহানগৰীৰ অন্যতম এখন পৰিচিত পূজা হ’ল কাহিলিপাৰা সাৰ্বজনীন দুর্গা পূজা। প্রতি বছৰে এই পূজাত প্রকৃতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। তাৰ ব্যতিক্ৰম এইবাৰো হোৱা নাই। ইপিনে, দুলীয়াজান আৰু তেজপুৰত দুখন পূজাৰ মণ্ডপ শ শ অসমীয়া গ্ৰন্থৰ প্ৰতিকৃতিৰ সমাহাৰৰে সজাই তোলা বিষয়বস্তু হ’ল প্রকৃতি সংৰক্ষণ আৰু প্লাষ্টিক বর্জন।
এইবেলি শতবর্ষ পালন কৰিছে বৰপেটাৰোডৰ ৰেলৱে স্টেছন পূজাই। ইয়াৰ লগত সংগতি ৰাখি এইবাৰ এইখন পূজা কমেও ১৩ লাখ টকা ব্যয়ৰে উদযাপন কৰা হৈছে। পূজাৰ মণ্ডপটো সজাই তোলা হৈছে পেলনীয়া প্লাষ্টিকৰ বটলৰে। ধুবুৰীতো পেলনীয়া সামগ্ৰীৰে সজাই তোলা প্রতিমা এইবাৰ বিশেষ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈছে। নগাঁৱৰ পূজাৰ বিশেষ আকর্ষণ আছে। চহৰখনৰ কে’বাখনো পূজা অতি পুৰণি। সেইবোৰত আধ্যাত্মিকতাক বিশেষ গুরুত্ব প্রদান কৰা হয়। তাৰ সমান্তৰালকৈ আধুনিকতাৰো পৰশ দিয়া হৈছে কেইখনমান পূজাত।
নগাঁও চহৰৰ বেলতলা (খ্রীষ্টান পট্টি, এডিপি ৰোড)ৰ বিখ্যাত জানকী নাথ সেন উকীলৰ ঘৰৰ দুর্গা মন্দিৰত এইবাৰ ১৭৫ সংখ্যক পূজা উদযাপন কৰা হৈছে। তেনেদৰে হয়বৰগাঁও বীণাপাণি পূজা ১৫৫ সংখ্যক বৰ্ষৰ বাবে, নগাঁও বাঙালী সম্মিলনীৰ পূজা ১৩১ সংখ্যক, আমোলাপট্টিত পূজা ১২৯ সংখ্যক, ফৌজদাৰীপট্টি সার্বজনীন দুর্গা পূজা ১২৭ সংখ্যক বর্ষৰ বাবে আৰু পানীগাঁও কালীবাৰী পূজা ১০৪ সংখ্যক বৰ্ষৰ বাবে উদ্যাপন কৰা হৈছে।
জিলাখনৰ পুৰণিগুদামৰ ১২৪ বছৰীয়া ইতিহাস প্রসিদ্ধ কাঠৰ প্ৰতিমাৰ দুর্গা পূজাও অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছে। ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, দৰং, বঙাইগাঁও, নলবাৰী, কাছাৰ, কৰিমগঞ্জ আদি জিলাতো উদযাপন কৰা প্ৰতিখন পূজাতে ষষ্ঠীত দেৱীৰ আশীর্বাদ ল’বলৈ ভক্তৰ বৃহৎ সমাগম হয়।
শক্তিৰ অধিষ্ঠাত্রী দেবীক সন্তুষ্ট কৰি মনোবাঞ্ছা পূর্ণ কৰিবলৈ ৰাজ্যত কে’বাখনো দেৱালয়ত ম’হকে ধৰি বিভিন্ন জীব- জন্তু আৰু প্রতীকী ৰূপত বিবিধ পাচলি বলি দিয়া হ’ব। কামাখ্যা মন্দিৰত প্ৰতিদিনে ম’হ, ছাগলী, পাৰ আদি বলি দিয়া হ’ব। মহানগৰীৰ উগ্ৰতাৰা মন্দিৰতো দূৰ-দূৰণিৰ পৰা অহা ভক্তই বলি উছৰ্গা কৰিব। বলিৰ বাবে বিখ্যাত নলাবাৰীৰ বেলশৰৰ বিদ্বেশ্বৰ দেৱালয়ত এইবাৰো যথেষ্ট সংখ্যক ম’হ বলি দিয়া হ’ব।





























