Meitei-Kuki-Naga MLAs will meet in Delhi today for talks:আজি দিল্লীত আলোচনাত মিলিত হ’ব মেইটেই-কুকি-নগা বিধায়কবর্গ

অৰাজক মণিপুৰৰ শান্তি-সূত্ৰ উলিওৱাৰ উদ্যোগ, বিধায়ক- মন্ত্রীসকলক কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ ব্যক্তিগত পত্ৰৰে আমন্ত্ৰণ

MANIPUR 33

Meitei-Kuki-Naga MLAs will meet in Delhi today for talks:

এবছৰতকৈ অধিক দিন ধৰি অশান্ত হৈ থকা মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে অৱশেষত এক কাৰ্যকৰী পদক্ষেপ গ্রহণ কৰিলে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে। এই পদক্ষেপৰ আধাৰত মঙলবাৰে দিল্লীত এক যৌথ আলোচনাত মিলিত হ’ব ৰাজ্যখনৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ একাংশ বিধায়ক।

আজিৰ বহু প্ৰত্যাশিত এই আলোচনাই হ’ব যুযুধান হৈ থকা মেইটেই, কুকি আৰু নগা বিধায়কসকলৰ প্ৰথমখন যৌথ আলোচনা। কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত হ’ব লগা এই আলোচনাৰ জৰিয়তে মণিপুৰৰ বাবে শান্তি-সূত্র উলিওৱাৰ প্ৰয়াস কৰা হ’ব বুলি সূত্রই জনাইছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি উক্ত আলোচনাত তিনিজন নগা বিধায়কে অংশগ্রহণ কৰাটো নিশ্চিত। অৱশ্যে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কিমানজন বিধায়কে অংশ ল’ব সেয়া বর্তমানলৈ নিশ্চিত হোৱা নাই।

অৱশ্যে এক সূত্ৰৰ মতে, আলোচনাত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে একাংশ মেইটেই সম্প্ৰদায়ৰ বিজেপি বিধায়কে দিল্লীলৈ উৰা মাৰিছে। নগা সম্প্ৰদায়ৰ তিনি বিধায়ক ক্রমে এৱাংবৌ নিউমেইৰ, এল ডিখৌ আৰু ৰাম মুইভাই আজি আলোচনাত অংশ ল’ব। ৰাজ্যখনৰ সকলো নগা, কুকি-জ’ আৰু মেইটেই বিধায়ক তথা মন্ত্রীসকলক কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰি আৰু ফোনত উক্ত আলোচনালৈ আমন্ত্রণ জনোৱা বুলি সূত্ৰই সদৰী কৰিছে।

সূত্ৰৰ মতে, এই আলোচনাৰ জৰিয়তে ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে বিভিন্ন সম্প্ৰদায়ৰ মাজত আলাপ-আলোচনা আৰু সহযোগিতাৰ পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰা হ’ব। লক্ষ্যণীয় যে মণিপুৰৰ কুকি তথা জনজাতি লোকসকলে ৰাজ্যখনক ভাগ কৰি এক সুকীয়া কেন্দ্রীয়শাসিত অঞ্চল গঠনৰ দাবী জনাই আহিছে।

জনজাতিসকলৰ বাবে উত্থাপিত এই দাবীক সমর্থন জনাই আহিছে ১২ জনীয়া মণিপুৰ মন্ত্রীসভাৰ দুই মন্ত্রী লেটপাও হাওকিপ আৰু নেমচা কিপগেনসহ ১০ বিধায়কেও। অৱশ্যে কেন্দ্ৰ আৰু উভয় চৰকাৰে এই কেন্দ্রীয় শাসিত অঞ্চল গঠনৰ দাবী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি আহিছে। ইয়াক কেন্দ্ৰ কৰি ৰাজ্যখন অশান্ত হৈ থকা বুলি মাজে-সময়ে চর্চা হয়।

উল্লেখ্য যে মণিপুৰত গোষ্ঠী সংঘাতৰ সূত্রপাত ঘটে যোৱা বছৰৰ মে’ত। এবছৰতকৈ অধিক দিন অব্যাহত থকা এই সংঘর্ষত দুই শতাধিক লোকে প্রাণ হেৰুওৱাৰ উপৰি ৬০ হেজাৰৰো অধিক লোক আভ্যন্তৰীণভাৱে স্থানচ্যুত হয়। ইয়ে ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক পর্যায়তো ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। অৱশ্যে চলিত বৰ্ষত এই অৰাজক পৰিস্থিতিৰ কিছু অৱসান ঘটে। তাকে লৈ বিভিন্নজনে স্বস্তিৰ নিশ্বাস পেলায় যদিও যোৱা ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনৰ একাংশ জিলাৰ পৰিস্থিতি পুনৰ অগ্নিগর্ভ হয়। এই ক্ষেত্ৰত কেতবোৰ ভুৱা প্ৰচাৰেও অৰিহণা যোগোৱা বুলি চর্চিত হৈ আহিছে।

লক্ষ্যণীয়ভাৱে যোৱা মাহৰ শেষৰফালে মণিপুৰ চৰকাৰে চোৰাংচোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি প্রকাশ কৰে যে অশান্ত ৰাজ্যখনত ম্যানমাৰৰ পৰা উচ্চ প্রশিক্ষিত নশ কুকি উগ্রপন্থীয়ে প্ৰৱেশ কৰিছে। অৱশ্যে এই তথ্যক ভুৱা আখ্যা দি একাংশ কুকি জনগোষ্ঠীয় সংগঠনে প্রতিবাদ গঢ়ি তোলাত ৰাজ্য চৰকাৰে লুটি বাগৰ মাৰি চোৰাংচোৱাৰ উক্ত তথ্য বিশ্বাসযোগ্য নহয় বুলি বিবৃতি প্রকাশ কৰে।

লক্ষ্যণীয়ভাৱে একাংশৰ মতে, একমাত্র ভুৱা প্ৰচাৰে মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি কৰে। দীর্ঘদিন জোৰা এই নৃগোষ্ঠীয় সংঘৰ্ষত প্ৰচুৰ জন-ধনৰ ক্ষতিৰ পাছত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে লোৱা এই উদ্যোগক লৈ বিভিন্নজনৰ প্রত্যাশা বৃদ্ধি পাইছে। কাৰণ ৰাজ্যখনৰ যুযুধান জনগোষ্ঠীকেইটাৰ বিধায়কসকলৰ মাজত প্ৰথমবাৰৰ বাবে এনে আলোচনা কেন্দ্রই আয়োজন কৰিছে।

Exit mobile version