Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

samimsultana by samimsultana
October 21, 2024
in India, Assam, News
Reading Time: 5 mins read
0
Celebrating fraud:প্ৰৱঞ্চনা উদযাপন !
1
SHARES
13
VIEWS
ShareShareShareShare

Celebrating Hyposrisy: প্ৰৱঞ্চনা উদ্যাপন !

■ প্রাঞ্জলসেন ডেকা

ইউৰোপৰ দেশ ছুইডেনে প্ৰব্ৰজনকাৰীসকলৰ উদ্দেশ্যে যোৱা ছেপ্টেম্বৰত এক নতুন নীতি ঘোষণা কৰিছে। এই অনুসৰি স্বেচ্ছাই ছুইডেন ত্যাগ কৰা প্ৰব্ৰজনকাৰীসকলক আদায় দি অহা বৰ্তমানৰ ৪০ হেজাৰ ছুইডিছ ক্ৰনৰ ধনৰাশি অহা ২০২৬ৰ ভিতৰত চাৰে তিনি লাখ ক্ৰনৰ (ভাৰতীয় মূল্যত ২৮.৫ লাখ টকা) লৈ বৃদ্ধি কৰা হ’ব। প্ৰব্ৰজন নীতিৰ দৃষ্টান্তমূলক পৰিৱৰ্তনৰ লক্ষ্যৰে দেশৰ চৰকাৰে এনে নীতি অৱলম্বন কৰিছে।

ADVERTISEMENT

সম্প্ৰতি ছুইডেন চৰকাৰে স্বেচ্ছাই স্বদেশলৈ উভতি যোৱা প্ৰতিজন প্রাপ্তবয়স্ক প্ৰব্ৰজনকাৰীক ১০ হেজাৰ, শিশুক পাঁচ হেজাৰ আৰু একোটা পৰিয়ালক ৪০ হেজাৰ ক্ৰনৰ আদায় দি আহিছে। অৱশ্যে আর্থিক ক্ষেত্রত অন্যান্য দেশৰ স’তে ফেৰ মাৰিবলৈ প্ৰয়োজন হোৱাকৈ অতি দক্ষ শ্রমিক-কর্মচাৰীক দেশত আশ্রয় দিবলৈ চৰকাৰ আগ্ৰহী। প্ৰব্ৰজন ৰোধৰ ক্ষেত্ৰত ছুইডেন চৰকাৰ সম্প্ৰতি অতি দৃঢ়। ঐতিহাসিকভাৱেই দেশখনে যুদ্ধ বিধ্বস্ত পূৰ্বৰ যুগোশ্লাভিয়া, মধ্যপ্রাচ্য আৰু আফ্রিকাৰ বিভিন্ন দেশৰ বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰীক আশ্রয় প্রদান কৰি আহিছে।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Janata Bhawan:শনিবাৰে জনতা ভৱনত অসম চুক্তিক লৈ আছুৰে বৈঠক চৰকাৰৰ 

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

আশ্রয় প্ৰাৰ্থীসকলক উদাৰভাৱে আদৰি লৈ ছুইডেনে ‘মানৱীয় ছুপাৰ পাৱাৰ’ আখ্যা লাভ কৰি আহিছে যদিও বিগত দশকটোত দেশখনে যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। ২০১৫ত তদানীন্তন প্রধানমন্ত্রী ষ্টেফান ল’ফভেনে এক সংবাদমেলত ঘোষণা কৰে যে ছুইডেনে আৰু পূৰ্বৰ দৰে উচ্চ পর্যায়ত আশ্রয় প্রার্থীক গ্রহণ কৰিবলৈ কোনোপধ্যে সক্ষম নহয়। বিশেষকৈ বিভিন্ন সংঘর্ষপীড়িত অঞ্চলৰ পৰা আহি আশ্রয় গ্রহণ কৰা নৱাগতসকলক ছুইডেনৰ সমাজৰ স’তে চামিল কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ফলস্বৰূপে তেতিয়াৰে পৰাই দেশৰ প্ৰব্ৰজন নীতিৰ পৰিৱৰ্তন ঘটিবলৈ লয় আৰু ২০২২ত গঠিত ৰক্ষণশীল চৰকাৰৰ কাৰ্যকালৰ পৰা ই অধিক কঠোৰ হ’বলৈ ধৰে।

এনেদৰেই ছুইডেনে প্রায় ১৫ শতাংশ পর্যন্ত প্ৰব্ৰজন হ্ৰাস কৰিবলৈ সক্ষম হৈছে। আনকি চলিত বছৰতে বিগত ৫০ বছৰত প্ৰথমবাৰলৈ ছুইডেনলৈ প্ৰব্ৰজন কৰা লোকতকৈ এই দেশ ত্যাগ কৰা লোকৰ সংখ্যা অধিক হয় বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে। চলিত বর্ষত প্রব্রজন ১৫ শতাংশ হ্রাস পোৱাৰ বিপৰীতে দেশত্যাগ ৬০ শতাংশলৈ বৃদ্ধি পাইছে। প্রণিধানযোগ্য যে বিশ্বৰ সবাতোকৈ সুখী দেশৰ তালিকাত চলিত বর্ষতো শীৰ্ষৰ চতুৰ্থ স্থান অধিকাৰ কৰিছে ছুইডেনে। নাগৰিকৰ আবেগ-অনুভূতি, সামাজিক কল্যাণ, ৰাষ্ট্ৰৰ কল্যাণকামী ভূমিকা, স্বাধীনতাৰ প্ৰতি মনোভাৱ আদিক মাপকাঠি ৰূপে লৈ চলোৱা সমীক্ষাত ছুইডেনে বিগত বছৰসমূহতো শীৰ্ষৰ ১০ৰ ভিতৰত স্থান অধিকাৰ কৰি আহিছে।

প্ৰসংগক্রমে উনুকিয়াব পাৰি যে ছুইডেনত সৰ্ববৃহৎ প্ৰব্ৰজনকাৰী গোটসমূহৰ ভিতৰত ভাৰতীয়সকল অন্যতম। অৱশ্যে অন্যান্য প্ৰব্ৰজনকাৰীৰ দৰে ভাৰতীয়ৰো একাংশই স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিলেও ২০২৩ৰ পৰিসংখ্যা অনুসৰি ছুইডেনত বসবাসকাৰী ভাৰতীয়ৰ সংখ্যা ৫৮ হেজাৰৰো অধিক। লক্ষ্যণীয় যে প্ৰব্ৰজনকাৰীসকলক দেশত্যাগৰ বাবে আগ্ৰহী কৰিবলৈ এনেদৰে ধন আদায় দিয়া ছুইডেনেই একমাত্র দেশ নহয়, ইউৰোপৰ আন কে’বাখনো দেশে এনেদৰে পৃথক হাৰত ধন আদায় দি আহিছে।

তাৰ ভিতৰত ডেনমার্কে প্ৰতিজন ব্যক্তিৰ বিপৰীতে ১৫ হেজাৰ ডলাৰ, নৰৱেই ১৪০০ ডলাৰ, ফ্রান্সে ২৮০০ ডলাৰ আৰু জার্মানীয়ে দুহেজাৰ ডলাৰ আগবঢ়ায়। ইউৰোপৰে আন এখন দেশ নেদাৰলেণ্ডে সম্প্রতি গ্রহণ কৰা এক সিদ্ধান্তয়ো বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। নেদাৰলেণ্ডৰ বিশ্ববিদ্যালয়সমূহত ইংৰাজী ভাষাৰ ব্যৱহাৰ হ্ৰাস কৰি উচ্চ শিক্ষাতো ডাচ্চ ভাষাকেই প্রধান মাধ্যমৰূপে পুনৰ প্ৰতিষ্ঠাৰ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ চৰকাৰে। কঠোৰ প্ৰব্ৰজন বিৰোধী নীতিৰ অংশৰূপেই সিদ্ধান্ত গ্রহণ কৰা হৈছে যে এতিয়াৰে পৰা দেশৰ বিশ্ববিদ্যালয়ত সর্বাধিক এক তৃতীয়াংশতকৈ অধিক পাঠ্যক্ৰম ইংৰাজীত হ’ব নোৱাৰিব। বাকী সকলো স্থানীয় ডাচ্চ ভাষাতে হ’ব লাগিব। বিদেশী ছাত্ৰৰ ভিৰ হ্ৰাস কৰাৰ লগতে স্থানীয় ভাষাৰ বিকাশৰ উদ্দেশ্যেই এনে কৌশল গ্ৰহণ কৰা হৈছে।

দেশৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি বিগত বৰ্ষত নেদাৰলেণ্ডত ১,২৩,০০০ বিদেশী ছাত্র-ছাত্রীয়ে উচ্চ শিক্ষা লাভৰ বাবে নামভৰ্তি কৰিছে। অৱশ্যে প্ৰব্ৰজন হ্ৰাসৰ নীতি গ্রহণ কৰিলেও দেশত প্রয়োজনীয় দক্ষ কর্মী বাহিনী গঠনৰ বাবে বিদেশী ছাত্ৰক আদৰিবলৈ চৰকাৰ আগ্রহী। বৰঞ্চ ডাচ্চ ভাষা শিক্ষাৰ জৰিয়তে সেইসকলক নিয়োজিত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

১৯৭১ক অসমত অবৈধ প্ৰব্ৰজনকাৰী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ৰূপে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়াৰ সময়তে বিশ্বৰ দেশে দেশে প্ৰব্ৰজন বিৰোধী তৎপৰতাৰ অংশৰূপে ইউৰোপৰ এই দুই দেশৰ পদক্ষেপৰ তথ্য প্ৰকাশ পাইছে। অবৈধৰ কথাই নাই, বৈধভাৱে হোৱা প্ৰব্ৰজনক লৈও সম্প্রতি বহু দেশেই উদ্বিগ্ন; অথচ ইউৰোপ-আমেৰিকাৰ দেশসমূহত বিভিন্ন ক্ষেত্ৰত দক্ষ কর্ম বাহিনীৰ বাবেই প্ৰব্ৰজনকাৰীৰ প্ৰয়োজন সর্বাধিক। প্রব্রজনে অনাগত ভবিষ্যতে কঢ়িয়াই আনিব পৰা প্ৰত্যাহ্বানক লৈ সকলো দেশেই সতর্ক হৈছে আৰু প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে।

ইয়াৰ বিপৰীতে পাঁচ দশক পূর্বেই বাংলাদেশৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশক অসমৰ বাবে সবাতোকৈ ভয়াৱহ প্রত্যাহ্বান বুলি চিহ্নিত কৰাৰ পাছতো আজিও সি ক্ষমতা দখলৰ ৰাজনীতি আৰু প্ৰৱঞ্চনাৰ আহিলাৰূপেই ব্যৱহৃত হৈ আহিছে। ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তিত ধাৰ্য কৰা অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১ কৰিবলৈ অসম সম্মিলিত মহাসংঘই দাখিল কৰা আবেদনৰ চূড়ান্ত ৰায়দানত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠেও অনুপ্ৰৱেশৰ সমস্যাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। দৰাচলতে অসমত অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধানৰ অৰ্থে কোনো পক্ষৰে যে সদিচ্ছা নাই সেয়া ন্যায়ালয়ৰ ৰায়েই পুনৰ স্পষ্ট কৰি দিলে।

অবৈধ বিদেশী বহিষ্কাৰ আন্দোলনৰ বিৰোধৰ দ্বাৰা কংগ্ৰেছে অনুপ্ৰৱেশৰ বিষয়টোক লৈ ভোট বেংকৰ ৰাজনীতি কৰি অহাটোকে স্পষ্ট কৰি দিছিল। পাছত ৰাজীৱ গান্ধীয়ে প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈ এনে এটা জন আন্দোলনক কংগ্রেছে বিৰোধ কৰাৰ নীতিক লৈ গভীৰ অসন্তুষ্টি ব্যক্ত কৰিছিল; বৰঞ্চ এই আন্দোলনক কংগ্ৰেছে কিয় নেতৃত্ব প্রদান কৰিবলৈ সক্ষম নহ’ল বুলি দলৰ প্ৰাদেশিক নেতৃত্বক কাঠগড়াত তুলিছিল। সেই ভুলৰেই সংশোধনৰ উদ্দেশ্যে ৰাজীৱ গান্ধীয়ে অসম চুক্তিৰ জৰিয়তে ছবছৰীয়া আন্দোলনৰ পৰিসমাপ্তি ঘটাইছিল।

পৰৱৰ্তী পৰ্যায়ত চুক্তিৰ অন্যান্য দফাক লৈ সক্রিয় হ’লেও অবৈধ বিদেশী বহিষ্কাৰৰ বিষয়টোক লৈ কংগ্রেছে সদিচ্ছা প্রদর্শন কৰা নাছিল। অসম চুক্তিৰ মাধ্যমত যে অসমৰ পৰা বিদেশী বহিষ্কাৰ সম্ভৱ নহয়, সেয়া বিগত চাৰি দশকৰ অভিজ্ঞতাই স্পষ্ট কৰি দিছে। গতিকে উচ্চতম ন্যায়ালয়ে অসম চুক্তিৰ দফাকে বৈধতা প্রদান কৰাত কংগ্ৰেছে সকাহ লাভ কৰাটোৱে স্বাভাবিক।

আনহাতে, অনুপ্রৱেশকাৰীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণক লৈ বিজেপিৰো যে সদিচ্ছাৰ অভাৱ সেয়া ইতিমধ্যে স্পষ্ট হৈছে নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মালৈ বিজেপি নেতাসকলেও কংগ্ৰেছৰেই বিপৰীত ধৰণে এই সমস্যাটোক ৰাজনীতিৰ কৌশলৰূপেই ব্যৱহাৰ কৰি আহিছে ২০১৪ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ প্রধানমন্ত্রী পদৰ প্ৰাৰ্থী মোদীয়ে ফলাফল ঘোষণাৰ পাছতে অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধি এই দেশ ত্যাগ কৰিব লাগিব বুলি হুংকাৰ দিছিল; কিন্তু প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ আৰু এই বিষয়ে কোনো মন্তব্য কৰা নাই।

সম্প্রতি তেওঁ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰূপে কাৰ্যৰত। অৱশ্যে মোদীৰ একাংশ মন্ত্রী তথা অসমৰ মুখ্যমন্ত্রী আদিয়ে নির্বাচনী ৰাজনীতিত সহায়ক হোৱাকৈ সময়ে সময়ে বিভিন্ন বক্তব্য প্রকাশ কৰি আহিছে যদিও মূল সমস্যাটোক লৈ কোনো দায়বদ্ধতা প্রকাশ কৰা নাই। বৰঞ্চ সমগ্ৰ বিষয়টোক লৈ বিভ্রান্তিৰ সৃষ্টি কৰি ৰাজনৈতিক স্বার্থ পূৰণৰহে চেষ্টা চলাই আহিছে। অবৈধ বাংলাদেশীক ডিঙিত ধৰি ভাৰতৰ পৰা গতিওৱাৰ ভাবুকি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্রিত্বৰ কালতে প্রতিদিনে বাংলাদেশৰ পৰা অসমলৈ অবৈধ অনুপ্ৰৱেশ হৈ আছে।

কেতিয়াবা অসম চুত্তিক পেলনীয়া কাগজ আখ্যা দিয়া হৈছে; কেতিয়াবা আকৌ সেই চুক্তিৰ জৰিয়তেই খিলঞ্জীয়াৰ সুৰক্ষাৰ ধ্বনি দিয়া হৈছে- মুঠতে ৰাজনৈতিক প্রয়োজন অনুসৰি ভাষ্য দাঙি ধৰা হৈছে। শশ কোটি টকা ব্যয়ৰে অভূতপূর্ব পৰিৱেশৰ মাজত স্বয়ং উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীত কৰা হ’ল যদিও আজি পর্যন্ত সেয়া গ্রহণ কৰা নহ’ল; অথচ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো ১৯৫১ ই ভিত্তিবর্ষ হোৱা উচিত বুলি আগ্ৰহৰে ন্যায়ালয়ৰ ৰায়লৈ বাট চাইছিল। আনকি ১৯৫১ ভিত্তিবর্ষ নির্ধাৰণ হ’লে অবৈধ বিদেশীসকলক লৈ কি পদক্ষেপ আগন্তুক সময়ছোৱাত গ্ৰহণ কৰা হ’ব তাক লৈও চিন্তা-চর্চা আৰম্ভ কৰিছিল; কিন্তু এই ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ স্থিতি ১৯৭১ৰ পক্ষতে থাকিল।

মহাসংঘৰ আবেদনৰ শুনানিত অসম চুক্তি অনুসৰি অসমত বিদেশী চিনাক্তৰ ভিত্তি বর্ষ ১৯৭১ৰ পক্ষতে স্থিতি দাঙি ধৰা কেন্দ্ৰীয় চৰকাৰেই আকৌ ২০১৪ পর্যন্ত ভাৰতত প্ৰৱেশ কৰা অমুছলমান বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে চিএএ (কা) বলবৎ কৰিছে। গতিকে এনে ধৰণৰ বিভ্রান্তি সৃষ্টিৰ জৰিয়তে অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ প্ৰসংগটো ঢাকি পেলোৱা হৈছে।

এই সমগ্র বিষয়টোত সবাতোকৈ দুর্ভাগ্যজনক ভূমিকা সদৌ অসম ছাত্ৰ সন্থাৰ। ১৯৮৫ত কাৰ স্বাৰ্থ পূৰণৰ বাবে এখন অপাংক্তেয় চুক্তিত স্বাক্ষৰ কৰা হৈছিল, সেই বিষয়ে ইতিমধ্যে। বহুল চর্চা হৈ গৈছে। চুক্তি স্বাক্ষৰকাৰী আছুৰ নেতৃত্বতে । গণ পৰিষদ গঠন কৰি দুবাৰকৈ চৰকাৰ গঠন কৰি কেইজন বিদেশীক বহিষ্কাৰ কৰিলে তাৰ হিচাপ কোনেও নজনা নহয়। কেৱল ক্ষমতাৰ স্বাৰ্থতে অগপই এটাৰ পাছত আনটো আপোচ কৰি অবৈধ বিদেশীৰ সমস্যাটোক পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে।

চুক্তিৰ পাছত বিদেশী বহিষ্কাৰ দূৰৰে কথা সৰ্বাধিক সংখ্যক অনুপ্ৰৱেশকাৰীৰ আগমনহে ঘটিল। অগ্রজসকলৰ সেই ক্ষমতাৰ ভাগ ল’বলৈ আছুৰ নেতাসকলৰো দিছপুৰত ভিৰ লাগিল। বিদেশী সমস্যাৰ সমাধানৰ দিশত যদি কেতিয়াবা চৰকাৰ অথবা অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ দ্বাৰা সৎ প্রচেষ্টা হাতত লোৱাও হৈছে, তেতিয়াই তাৰ প্ৰধান বাধা হৈ থিয় দিছে আছুৱে। যিকোনো প্রকারে বিদেশী সমস্যাটোক জীয়াই ৰাখি আজীৱন মুনাফা আদায় অব্যাহত ৰখাটোৱে আছুৰ একাংশ বয়স্ক নেতাৰ একমাত্র লক্ষ্য আৰু উদ্দেশ্য।

অসম সম্মিলিত মহাসংঘই সর্বোচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত নাগৰিকত্ব আইনৰ ৬ (ক) দফাক প্রত্যাহ্বান জনাই কৈছে যে ই অসমক দেশৰ আন ৰাজ্যৰ স’তে পৃথক কৰিছে আৰু গণ অনুপ্ৰৱেশত অৰিহণা যোগাইছে। অসম চুক্তি – অনুসৰি ১৯৭১ৰ ২৫ মাৰ্চৰ পূৰ্বে অসমত প্ৰৱেশ কৰাসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ফলত অসমৰ জনগাঁথনিৰ আমূল পৰিৱৰ্তন ঘটিছে। সেই বাবেই মহাসংঘই ১৯৫১ক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ নির্ধাৰণ কৰি অনুপ্ৰৱেশকাৰীসকলৰ বহিষ্কাৰৰ দাবী জনাইছিল।

পাছত আন কে’বাটাও সংগঠনে একে দাবীৰে পৃথক আবেদন দাখিল কৰে। ইতিমধ্যে উল্লেখ কৰিছো যে বিগত চাৰি দশকত আন নহ’লেও এই কথা স্পষ্ট হৈছে যে অসম চুক্তিৰ দ্বাৰা অসমৰ – পৰা অনুপ্ৰৱেশকাৰী চিনাক্ত অথবা বহিষ্কাৰ সম্ভৱ নহয়। তৎসত্ত্বেও আছুৰ নেতৃত্বই সাংবিধানিক বিচাৰপীঠৰ ৰায়দানৰ পাছত বিজয় উৎসৱ পালন কৰি ভণ্ডামিৰ নির্লজ্জ বহিঃপ্রকাশ ঘটাইছে। অৱশ্যে আছুৰ এনে বিজয় উৎসৱ এয়ে প্রথম নহয়। অসম চুক্তিৰ স্বাক্ষৰ, পৰৱৰ্তী পৰ্যায়ত বহু বিতর্কিত আই এম ডি টি বাতিলৰ সময়তো বিজয় উৎসৱ পালন কৰা – হৈছিল; কিন্তু যোৱা চাৰি দশকত কেইজন অবৈধ বিদেশীক বহিষ্কাৰ কৰা হ’ল?

আছুৰ নেতৃত্বই কৈছে যে এই ৰায়ে অসম আন্দোলনৰ ৮৫৬ গৰাকী ছহিদক মর্যাদা প্রদান কৰিলে। ৪০ লাখ অবৈধ বিদেশী থকা বুলি স্বয়ং আছুৱেই দাবী কৰি অহা অসমৰ পৰা কেইজন বিদেশীক যোৱা চাৰি দশকত বহিষ্কাৰ কৰা হ’ল যে ছহিদসকলে মর্যাদা লাভ কৰিলে? বৰঞ্চ কেৱল সেই ৮৫৬ গৰাকী ছহিদেই নহয়, অগণন লোক ঘুণীয়া হোৱাৰ উপৰি আন্দোলন, চুক্তি আৰু তাৰ পাছৰ পৰ্যায়ত অসমত ধন-জনৰ যি বিপুল ক্ষতিসাধন হ’ল, তাৰ বিনিময়ত অসমৰ পৰা – কেইজন বিদেশীক বহিষ্কাৰ কৰা হ’ল? অথচ এই সময়ছোৱাতে অসমৰ আৰ্থ-সামাজিক-সাংস্কৃতিক মূল্যবোধ এনেদৰে ধ্বংস কৰি পেলোৱা হ’ল যে তাৰ ক্ষতিপূৰণ সম্ভৱ হ’ব বুলি আশা কৰিব নোৱাৰি।

সাংবিধানিক বিচাৰপীঠে অসম চুক্তিৰ ১৯৭১ৰ ভিত্তিবৰ্ষৰ বৈধতা নিশ্চিত কৰা বুলি দাবী কৰা একেই আছুৱে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি ১৯৫১ৰ ভিত্তিত খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিতকৰণৰ দাবী উত্থাপন কৰাটো আত্মপ্ৰতাৰণাৰ নামান্তৰ নহয় নে? অসম চুক্তিৰ স্বাক্ষৰকাৰী তথা দুবাৰকৈ চৰকাৰ গঠন কৰিও সেই চুক্তিৰ মূল দফাৰ ৰূপায়ণৰ ওচৰলৈকে যাব নোৱাৰাটো আছুৰ চূড়ান্ত ব্যর্থতা।

তাৰ পাছতো ছাত্র সংগঠনটোৰ বয়স্ক নেতাসকলে বিদেশী বহিষ্কাৰৰ দাবী উত্থাপনৰে অসমৰ ৰাইজক প্রবঞ্চনা কৰাৰ অহৰহ অপচেষ্টা চলাই আহিছে। তেওঁলোকৰ শেহতীয়া – বিজয় উৎসবো সেই প্রবঞ্চনাৰে উদ্যাপন। বিদেশী বহিষ্কাৰ আন্দোলন আৰু তাৰ কৰুণ পৰিণতিলৈ লক্ষ্য কৰি বহু আগতেই এনে ধাৰণাৰ জন্ম হৈছিল যে আছু নাথাকিলে হয়তো অসমৰ অর্ধেক সমস্যা নোহোৱাই হৈ গ’লহেঁতেন। সর্বোচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ৰ পাছত আছু নেতৃত্বৰ কাৰ্যকলাপ দেখি সেই ধাৰণা অধিক দৃঢ় হ’ল।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASUassam accordpranjal sen dekaspl Articlssweden To pay Immigrats
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d