Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Will there be peace on the border this time? সীমান্তত এইবাৰ বৰফ গলিবনে ?

#প্রাঞ্জলসেন ডেকা

samimsultana by samimsultana
October 28, 2024
in Uncategorized
Reading Time: 4 mins read
0
Will there be peace on the border this time? সীমান্তত এইবাৰ বৰফ গলিবনে ?
1
SHARES
9
VIEWS
ShareShareShareShare

Will there be peace on the border this time? সীমান্তত এইবাৰ বৰফ গলিবনে ?

#প্রাঞ্জলসেন ডেকা

বিবদমান পূৱ লাডাখ সীমান্তৰ পৰা ভাৰত-চীন উভয় পক্ষই সেনা আঁতৰাবলৈ বুজাবুজিত উপনীত হোৱা বুলি ভাৰতীয় সেনাবাহিনীয়ে যোৱা সোমবাৰে ঘোষণা কৰে। ইয়াৰ পাছতে বুধবাৰে ৰাছিয়াৰ কাজানত ব্ৰিকছ সন্মিলনৰ ফাঁকত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত উষ্ম অভিবাদন বিনিময় তথা আলোচনাই দুই দেশৰ সম্পর্কত বিগত পাঁচ বছৰে জমা হোৱা বৰফ গলালে বুলি বিভিন্ন মহলে মত প্রকাশ কৰিছে।

ADVERTISEMENT

যোৱা ২০২০ত পূব লাডাখৰ গালৱানত দুই দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান-বিষয়াৰ মৃত্যু আৰু চীনৰ পক্ষৰ কে’বাজনো হতাহত হোৱাৰ পাছতে দ্বিপাক্ষিক সম্পর্ক চৰম তিক্ততাপূর্ণ হৈ পৰে। তাৰ সুদীর্ঘ পাঁচ বছৰ পাছত প্ৰথমবাৰলৈ অনুষ্ঠিত এই আলোচনাত দুই শীর্ষ নেতাই সম্প্রতি লাডাখ সীমান্তত উত্তেজনা হ্ৰাসৰ বাবে সম্পন্ন হোৱা চুক্তিক আদৰণি জনায়।

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

বৈঠকত ৰাষ্ট্ৰপতি জিনপিঙে কয় যে ভাৰত আৰু চীন উভয়ে প্রাচীন সভ্যতা আৰু দুই দেশে প্রতিদ্বন্দ্বীৰূপে নহয়, বৰঞ্চ সহযোগীৰ ৰূপতহে কাম কৰিব লাগে। আনহাতে, প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ দুখনে পৰস্পৰৰ মাজত বিশ্বাস, সম্মান আৰু সংবেদনশীলতাৰ স’তে আগবঢ়াত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে ভাৰত ভ্ৰমণৰত জিনপিঙৰ স’তে ২০১৯ত শেষবাৰৰ বাবে মোদীৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল। বিগত সময়ছোৱাৰ তিক্ততাৰ পাছত পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত সীমান্তৰ পৰা সেনাৰ অপসাৰণৰ সিদ্ধান্ত আৰু তাৰ পাছতে মোদী- জিনপিঙৰ এই বৈঠক যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হৈছে।

অৱশ্যে পূৱ লাডাখৰ বিবদমান অঞ্চলৰ পৰা সেনা অপসাৰণৰ সিদ্ধান্ত হ’লেও দুই দেশব সীমা বিবাদক লৈ। কোনো সমাধান সূত্ৰত উপনীত হোৱাটো সম্ভৱ হোৱা নাই। গতিকে শেহতীয়া এনে পদক্ষেপৰ লগে লগে বাস্তৱ পৰিস্থিতিৰ বিশ্লেষণৰো প্রয়োজনীয়তা আহি পৰিছে মোদী-জিনপিঙৰ বৈঠকৰ পাছত দুই দেশে জাৰি কৰা পৃথক বিবৃতিত বৃহৎ পার্থক্যই প্রশ্নৰ উদ্রেক কৰিছে। একেখন বৈঠকক লৈয়ে এইদৰে পৃথক বক্তব্য দাঙি ধৰা কার্যই সংশ্লিষ্ট বিষয়সমূহক লৈ দুই দেশৰ চিন্তা আৰু অগ্রাধিকাৰৰ পাৰ্থক্যকে স্পষ্ট কৰি তুলিছে।

ভাৰতে পূৰ্বৰে পৰা কৈ আহিছে যে সীমা বিবাদৰ মীমাংসা নোহোৱা পর্যন্ত দুই দেশৰ মাজৰ সম্পর্ক স্বাভাৱিক হ’ব নোৱাৰে। ইয়াৰ বিপৰীতে সীমা বিবাদৰ প্ৰভাৱ অন্যান্য ক্ষেত্ৰত পৰিব নালাগে বুলি চীনে জোৰ দি আহিছে; অর্থাৎ সীমা বিবাদ অব্যাহত থাকিলেও ব্যৱসায়িক সম্পর্কত যতি পৰিব নালাগে বুলি চীনে দোহাৰি আহিছে। মোদী- জিনপিঙৰ বৈঠকৰ পাছত চীনে বিবৃতিত কয় যে দুই শীর্ষ নেতাই এই কথাত সহমত প্রকাশ কৰিছে যে কোনো এক বিবাদৰ কাৰণে বাকী সম্পৰ্কবোৰৰ ক্ষতি হ’ব নালাগে। ইয়াৰ বিপৰীতে ভাৰতৰ বিবৃতিত কোৱা হয় যে প্রধানমন্ত্রী মোদীয়ে দুই দেশৰ মাজত বিবাদ আৰু মতভেদসমূহ সঠিকভাৱে দূৰ কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সীমান্তত কোনো পৰিস্থিতিতে শান্তি ভংগ হ’ব নালাগে বুলিও স্পষ্টভাৱে কয়।

ভাৰতে কয় যে সুস্থিৰ আৰু সৌহার্দ্যপূর্ণ সম্পর্কৰ ইতিবাচক প্রভাৱ অন্যান্য বিষয়সমূহৰ ওপৰতো অৱধাৰিতভাৱে পৰিব। উভয় দেশৰ বিবৃতিত পৰিলক্ষিত হোৱা এক গুৰুত্বপূর্ণ পার্থক্য হৈছে- চীনে একাধিকবাৰ গুৰুত্বসহকাৰে বহুপক্ষীয় বিশ্বৰ উল্লেখ কৰিছে যদিও ভাৰতৰ দৰে বহুপক্ষীয় এছিয়াৰ কথা এবাৰো উল্লেখ নকৰিলে। আমেৰিকাৰ দপদপনিক হেয় কৰিবলৈকে যে চীনে বহুপক্ষীয় বিশ্বৰ বিষয়ত সৰব তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

আনহাতে, ভাৰতে যিহেতু এছিয়াত চীনৰ দপদপনি বৃদ্ধি লক্ষ্য কৰি আহিছে, সেয়ে মোদীয়ে বহুপক্ষীয় এছিয়াক লৈ সৰব হৈছে আৰু জিনপিং এই ক্ষেত্ৰত নীৰৱ। তেনেদৰেই সীমা বিবাদৰ বিষয়টো ভাৰতে আৰম্ভণিতে দাঙি ধৰাৰ বিপৰীতে চীনে কেবল শেহতীয়া বুজাবুজিব বিষয়ে উল্লেখ কৰিছে, তাকো বিবৃতিৰ শেষৰ ফালে। দুই দেশৰ বক্তব্যৰ এনে পার্থক্যই এই জটিল তথা গুৰুত্বপূর্ণ বিষয়সমূহৰ সমাধান সূত্ৰ উলিওৱাৰ ক্ষেত্ৰত কিমান সফল হয় তাক লৈ সংশয়ৰ ইতিমধ্যে আৰম্ভ হৈছে যদিও তাত গঢ়ি তোলা উদ্ভৱ হোৱাটো স্বাভাবিক। বুজাবুজি অনুসৰি পূৱ লাডাখৰ সীমান্তৰ পৰা সেনাৰ অপসাৰণ প্ৰক্ৰিয়া ‘বাফাৰ জ’ন’ বিলাক ভংগ কৰি পেলোৱা হ’ব নে তাক লৈ প্রশ্ন উত্থাপিত হৈছে।

কিয়নো বিষয়টো চৰকাৰীভাৱে স্পষ্ট কৰা হোৱা নাই। ভাৰতীয় সেনা প্রধান উপেন্দ্র দ্বিবেদীয়ে এই সম্পর্কত কৈছে যে দুই পক্ষই এই কথা নিশ্চিত কৰিব লাগিব যাতে ‘বাফাৰ জ’ন ‘সমূহত অবস্থান গ্রহণ কৰা নহয় আৰু তাৰ জৰিয়তে সমগ্র প্রক্রিয়াটোত আস্থা আৰু বিশ্বাস গঢ়ি তুলিব লাগিব। একাংশ প্রাক্তন কূটনীতিকেও সেনা অপসাৰণৰ সমগ্ৰ বিষয়টো স্বচ্ছ নহয় বুলি মন্তব্য কৰাটো লক্ষ্যণীয়। ২০২০ৰ গালবান উপত্যকাত সংঘটিত সংঘৰ্ষত ২০ জনকৈ ভাৰতীয় সেনাই আত্মবলিদান দিবলগীয়া হোৱাৰ পাছতে চীনা সামগ্রীৰ বিৰুদ্ধে এক জোৱাৰ সৃষ্টি কৰা হৈছিল।

ভাৰত চৰকাৰে দেশৰ সুৰক্ষাৰ প্রতি বিপজ্জনক বুলি অভিহিত কৰি তাৎক্ষণিকভাৱে চীনৰ বহুল জনপ্রিয় ম’বাইল ফোনৰ অর্ধ-শতাধিক এপছ নিষিদ্ধ কৰিছিল। সমগ্র দেশজুৰি চীনা সামগ্রী বৰ্জন কৰি ‘মেড ইন ইণ্ডিয়া’ ব্যৱহাৰৰ ধ্বনি দিয়া হৈছিল। সেই ঘটনাৰ চাৰে চাৰি বছৰ পাৰ হোৱাৰ পাছত স্বয়ং ভাৰত চৰকাৰৰ তথ্য অনুসৰিয়েই এই দেশত ‘মেড ইন চাইনা’ অর্থাৎ চীনা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা কমক ছাৰি কে’বাগুণ বৃদ্ধিহে পাইছে।

এই কালছোৱাত চীনৰ স’তে ভাৰতৰ সম্পৰ্কত তিক্ততা বৃদ্ধিৰ সমান্তৰালভাৱে ব্যৱসায়ো ব্যাপক হাৰত বৃদ্ধি পায়। আনকি চলিত বর্ষ পর্যন্ত ভাৰতৰ স’তে বাণিজ্যৰ ক্ষেত্ৰত চীনে আমেৰিকাকো পিছ পেলাইছে। বিগত পাঁচ বছৰ ধৰি ভাৰত-চীনৰ দুই শীর্ষ নেতাৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনা নহ’লেও বাণিজ্যত তাৰ কোনো প্রভার নপৰিল। শেহতীয়াভাৱে চীনৰ অৰ্থনীতিৰ কিছু পৰিমাণে মন্দাৱস্থা, ঘৰুৱা বজাৰ হ্রাস আৰু পশ্চিমীয়া দেশসমূহৰ ক্রমবর্দ্ধমান বাধা-নিষেধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বজাৰ চীনৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ইয়াৰ বিপৰীতে দুই দেশৰ মাজত সংঘাতপূর্ণ পৰিৱেশৰ ফলশ্রুতিত ভাৰতত চীনৰ বিনিয়োগ প্রভাবিত হৈছে। বেপাৰ-বাণিজ্য অব্যাহত থাকিলেও চীনৰ বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ কঠোৰ স্থিতি আৰু বিভিন্ন নীতি-নিয়মৰ ফলত ইয়াত বাধা আহি পৰিছে। আনহাতে, ভাৰতৰ উৎপাদন খণ্ডৰ বাবে চীনৰ পৰা কেঁচামালৰো অত্যন্ত প্রয়োজন।

মন কৰিবলগীয়া যে বিগত বছৰবোৰত চীনৰ পৰা ভাৰতৰ ৰপ্তানিৰ হাৰ সুস্থিৰ হৈয়ে আছে যদিও আমদানিৰ লক্ষ্যণীয় উত্থান ঘটিছে। ২০২০ৰ এপ্ৰিলৰ পৰাই প্রকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি)৩ ভাৰত-চীনৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰে আৰু জুনত দুই দেশৰ সেনাৰ মাজত গালৱান উপত্যকাত ভয়ংকৰ সংঘৰ্ষৰ সূত্রপাত ঘটে। সেই সময়তে চীনা সামগ্ৰী বৰ্জনৰ ধ্বনি দিয়া হয় যদিও দুই দেশৰ মাজত বেপাৰ-বাণিজ্যৰ সম্প্ৰসাৰণ অব্যাহত থাকে।

২০১৯ত ভাৰত-চীনৰ মাজত ৮২ বিলিয়ন ডলাৰৰ ব্যৱসায় হয়। তাৰে ৬৫ বিলিয়ন ডলাৰৰ আমদানিৰ বিপৰীতে ভাৰতে মাত্র ১৬ বিলিয়ন ডলাৰৰ সামগ্ৰীহে ৰপ্তানি কৰে। সংঘৰ্ষ পীড়িত ২০২০ বর্ষতো দ্বিপাক্ষিক বাণিজ্য পাঁচ শতাংশ বৃদ্ধি হৈ ৮৬.৫ বিলিয়ন ডলাৰ হয়। ইয়াৰে ৬৫ বিলিয়ন ডলাৰ আমদানিৰ বিপৰীতে ভাৰতৰ ৰপ্তানিৰ মূল্য আছিল ২১ বিলিয়ন ডলাৰ। পৰৱৰ্তী ২০২১ বৰ্ষত পূৰ্বৰ বছৰৰ তুলনাত ৩৪ শতাংশ বৃদ্ধিৰে ভাৰত-চীনৰ মাজত ১১৫ বিলিয়ন ডলাৰৰ ব্যৱসায় হয়।

সেইবাৰো ৰপ্তানি পূৰ্বৰ বছৰৰ সমানেই ২১ বিলিয়ন ডলাৰৰ আছিল যদিও চীনৰ পৰা আমদানি ৪৫ শতাংশ বৃদ্ধি হৈ ৯৪.৫ বিলিয়ন ডলাৰ ছুৱেগৈ। ২০২২ত দুই দেশৰ বাণিজ্য ১.৭৪ শতাংশ হ্রাস হৈ ১১৩ বিলিয়ন ডলাৰত উপনীত হয়। সেইবছৰ ভাৰতৰ আমদানি পুনৰ চাৰি শতাংশ বৃদ্ধি হৈ ৯৮.৫ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ৰপ্তানি ২৮ শতাংশ হ্রাস পায়। ২০২৩ত বিগত পাঁচ বছৰৰ সৰ্বাধিক ১১৮ বিলিয়ন ডলাৰৰ ব্যৱসায় হয় চীন-ভাৰতৰ মাজত। চেলুৰী কোবাই আমদানি ১০১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতৰ ৰপ্তানি মাত্র ১৬.৬ বিলিয়ন ডলাৰতে আবদ্ধ থাকে। চীনৰ পৰা আমদানি হ্রাস কৰিবলৈ ধ্বনি দিয়াতে ক্ষান্ত নাথাকি ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ কৰ তথা কঠোৰ নীতি-নিয়ম প্ৰৱৰ্তন কৰিছে যদিও কোনো ধৰণে সফল হোৱা নাই।

শেহতীয়া তথ্য অনুসৰি চলিত ২০২৪-২৫ বিত্তীয় বর্ষত এই পর্যন্ত ভাৰত-চীনৰ মাজত ৫২.৪৩ বিলিয়ন ডলাৰৰ ব্যৱসায় হোৱাৰ বিপৰীতে মার্কিন যুক্তৰাষ্ট্ৰৰ স’তে ৫৩ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈছে। তেনেই সামান্য ব্যৱধানত চীন পিছপৰি থাকিলেও আমেৰিকাতকৈ দুগুণ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। যোৱা এপ্ৰিলৰ পৰা আগষ্টলৈ ভাৰতলৈ চীনে ৪৬.৬ বিলিয়ন ডলাৰৰ সামগ্রী প্ৰেৰণ কৰাৰ বিপৰীতে আমেৰিকাই ১৯ বিলিয়ন ডলাৰৰ সামগ্ৰীহে প্ৰেৰণ কৰিছে। উল্লিখিত পাঁচ মাহত ভাৰতে চীনলৈ মাত্র ৫.৭ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে, যি আমদানিৰ মাত্ৰ আঠ শতাংশ।

আনহাতে, এই সময়ছোৱাত ভাৰতে মার্কিন যুক্তৰাষ্ট্ৰলৈ ৩৪ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে, যি আমদানিৰ ১৮০ শতাংশ। গতিকে এনে এখন বৃহৎ বজাৰলৈ লক্ষ্য কৰিয়েই চীনে সীমান্তকে ধৰি বিভিন্ন বিবাদৰ মাজতো ভাৰতৰ স’তে বাণিজ্য সম্প্ৰসাৰণৰ বাবে সদা তৎপৰ হৈ আহিছে। ইয়াৰ বিপৰীতে এই বৃহৎ বাণিজ্য ঘাটি ভাৰতৰ বাবে এক গুৰুতৰ বিষয়। এই ঘাটি হ্রাস কৰাটো ভাৰতৰ বাবে নিতান্তই জৰুৰী। দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক হোৱাৰ দিশত অগ্ৰসৰ হ’লে ভাৰতে নিশ্চয়কৈ ইয়াৰ সুযোগ ল’বলৈ চেষ্টা কৰিব যদিও বাস্তৱ ক্ষেত্রত কিমানদূৰ সফল হয় তাক লৈ প্রশ্ন ৰৈয়ে যায়।

দ্বিপাক্ষিক সম্পর্ক উন্নত হ’লে ভাৰতীয় উদ্যোগে চীনৰ পৰা প্ৰয়োজনীয় কেঁচামাল আমদানিত সহায় হ’ব বুলি আশাৰে বাট চাই ৰৈছে। লক্ষ্যণীয় এয়ে যে বিবাদ মীমাংসাৰ বাবে দুই দেশৰ মাজত পূর্বেও বহুবাৰ আলোচনা হৈছে। ডোকলামত সংঘাত সৃষ্টিৰ পাছত চীনৰ উহানত ব্ৰিকছ সম্মিলনৰ সময়ছোৱাত মোদী-জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় আৰু সহযোগিতাৰে আগবাঢ়ি যোৱাৰ ধ্বনি দিয়া হয়। তাৰ পাছত ২০১৯ত চীনৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহি তামিলনাডুৰ মহাবলীপুৰমত মোদীৰ স’তে আলোচনাত মিলিত হয়; অথচ তাৰ পৰৱৰ্তী বছৰতে গালৱানত সংঘর্ষ সংঘটিত হয়।

শেহতীয়া বুজাবুজি আৰু আলোচনা ২০২০ত সৃষ্টি হোৱা পৰিস্থিতিক স্বাভাৱিক কৰাৰ চেষ্টাৰহে অংশ। দুই দেশৰ মাজত দীর্ঘকাল অব্যাহত থকা বহুবোৰ সংঘাতপূর্ণ সমস্যাৰ মাজৰ ই মাত্ৰ এটা সমস্যাহে। ইয়াৰ জৰিয়তে আনবোৰ বিবাদ মীমাংসাৰ সমাধান সূত্র ওলাব বুলি সম্প্রতি আশা কৰিব নোৱাৰি। আনকি দুয়ো দেশৰ সম্পৰ্ক উন্নত হ’ব অথবা ভাৰতৰ প্ৰতি চীনৰ হৃদয়ৰ পৰিৱৰ্তন হ’ব বুলি আশা কৰাটোও ভুল হ’ব।

চীনে আগ্রাসী আৰু আক্ৰমণাত্মক মনোভাৱ অব্যাহত ৰাখি ভাৰতক যথোচিত সম্মান প্রদর্শন নকৰিলে দিল্লীয়ে অন্যান্য দেশৰ স’তে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবই লাগিব। চীনৰ স’তে তিক্ততাপূর্ণ সম্পৰ্কৰ ফলতে আমেৰিকাৰ স’তে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে।

চীনে আজিও অৰুণাচল প্ৰদেশকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰি আহিছে। পূৰ্বৰ অভিজ্ঞতাৰ পৰাই স্পষ্ট হয় যে বুজাবুজিত উপনীত হোৱাৰ পাছত চীনে সীমান্তৱৰ্তী অঞ্চলত শক্তিশালী আন্তঃগাঁথনি গঢ়ি ভাবুকিপূর্ণ পৰিৱেশৰ সৃষ্টিকৰে। সেইবাবেই হয়তো সতৰ্কতাৰে প্রধানমন্ত্রী মোদীয়ে স্পষ্ট কৰি দিছে যে সীমান্তত কোনো পৰিস্থিতিতে শান্তি ভংগ হ’বলৈ দিব নোৱাৰি। দীর্ঘদিনৰ মূৰত আলোচনা যিহেতু আৰম্ভ হৈছে, ই বহুদূৰ আগুৱাই যোৱাৰ পথ মুকলি কৰি দিয়াৰ সম্ভাৱনা কঢ়িয়াই আনে। অৱশ্যে ই নিৰ্ভৰ কৰিব ভাৰত-চীন নেতৃত্বৰ বিচক্ষণতাৰ ওপৰত।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Brics Summit 2024Indo-China ConflictPM ModiPranjalsen DekaPresident Xi Jinpingspl Articls
samimsultana

samimsultana

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d