JUA condemns attack on journalists:
News18 অসম North East ৰ সাংবাদিক নিলোৎপল বৰাসহ সতীৰ্থ সাংবাদিক চামুগুৰি সমষ্টিত কৰ্তব্যৰত অৱস্থাতে শণিবাৰে নিশা আক্ৰমণৰ বলি হোৱা ঘটনাক কঠোৰভাৱে গৰিহণা দিছে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামে।
এক বিবৃতিত জুৱাৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিত কুমাৰ দাসে দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰে। ৰাজ্যত সাংবাদিক আক্ৰমণৰ বৰ্ধিত ঘটনাত গভীৰ উদ্বেগ ব্যক্ত কৰি জুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনে ঘটনা ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়।
News18 অসম North East ৰ সাংবাদিক নিলোৎপল বৰাসহ সতীৰ্থ সাংবাদিক চামুগুৰি সমষ্টিত কৰ্তব্যৰত অৱস্থাতে শণিবাৰে নিশা আক্ৰমণৰ বলি হোৱা ঘটনাক ‘গুৱাহাটী মেট্ৰ’ জাৰ্ণেলিষ্ট ইউনিয়ন’ৰ সভাপতি পলাশ ৰঞ্জন দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ বৰুৱাই তীব্ৰ গৰিহণা দিয়ে আৰু এই ঘটনাৰে জড়িত সকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ৷





























